কৃষি মন্ত্ৰালয়

গোৱালিয়ৰ আৰু চম্বলৰ বিশাল বিহাদ এলেকা কৃষি খণ্ডৰ অধীনলৈ অনাৰ লক্ষ্যৰে বিশ্ব বেংকৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হ’ল কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

এমাহৰ ভিতৰতে দাখিল কৰিব প্ৰাৰম্ভিক প্ৰকল্প প্ৰতিবেদন

গোৱালিয়ৰ আৰু চম্বলৰ বিহাদ এলেকাত সংহত উন্নয়নমূলক কাৰ্যসূচীৰ সহায়ত বৰ্তমান পৰিত্যক্ত ভূমিৰ ৩লাখ হেক্টৰতকৈ অধিক এলেকা কৃষিভূমি হিচাপে উন্নত কৰা হ’বঃ শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

Posted On: 26 JUL 2020 10:58AM by PIB Guwahati
গোৱালিয়ৰ আৰু চম্বলৰ বিশাল বিহাদ এলেকা কৃষি খণ্ডৰ অধীনলৈ অনাৰ লক্ষ্যৰে বিশ্ব বেংকৰ প্ৰতিনিধি, মধ্যপ্ৰদেশ কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া, বিজ্ঞানী, গোৱালিয়ৰৰ ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে বৈঠকত মিলিত হ’ল কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ৷ বৈঠকত বিশ্ব বেংকৰ সহযোগত এই কামৰ বাবে এটা প্ৰকল্প প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই সন্দৰ্ভত বিশ্ব বেংকৰ প্ৰতিনিধিবৰ্গৰ সৈতে ইয়াৰ পূৰ্বে এখন বৈঠক অনুষ্ঠিত হয় আৰু তাতে এমাহৰ ভিতৰত এক প্ৰাৰম্ভিক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷
এই উপলক্ষে আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰীগৰাকীয়ে জনায় যে বৰ্তমান ৩লাখতকৈ অধিক হেক্টৰ পৰিমাণৰ ভূমি পৰিত্যক্ত অৱস্থাত আছে আৰু যদি এই এলেকাসমূহ উন্নত কৰিব যায়, তেন্তে গোৱালিয়ৰ-চম্বল অঞ্চলৰ বিহাদ এলেকাৰ সংহত উন্নয়নমূলক ব্যৱস্থাত যথেষ্ট সহায় হ’ব৷ তেওঁ লগতে কয় যে এই প্ৰকল্পৰ প্ৰস্তাৱিত সংস্কাৰে কেৱল কৃষিভিত্তিক তথা পৰিৱেশৰ উন্নয়ন সাধন নহয়, বৰঞ্চ অঞ্চলটোৰ জনসাধাৰণৰ নিয়োগৰ সূযোগৰ লগতে মৌলিক সা-সুবিধাও বৃদ্ধি পাব৷
গোৱালিয়ৰ-চম্বল অঞ্চলৰ বিহাদ এলেকাত যথেষ্ট পৰিমাণে উন্নয়নৰ সম্ভাৱনা থকা বুলি সদৰি কৰি শ্ৰী টোমৰে কয় যে এই অঞ্চলৰে চম্বল এক্সপ্ৰেছৱে পাৰ হৈ যাব, যাৰ জৰিয়তে সামগ্ৰিক বিকাশ হ’ব৷ তেওঁ এই সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব বুলি সদৰি কৰে৷
বিশ্ব বেংকৰ প্ৰতিনিধি আদৰ্শ কুমাৰে কয় যে বিশ্ব বেংকে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে কাম কৰিবলৈ আগ্ৰহী৷ কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ৰ সচিব বিবেক আগৰৱালে কয় যে প্ৰস্তাৱিত প্ৰকল্পৰ বাজেটত প্ৰযুক্তি, আন্তঃগাঁথনি, মূলধনী ব্যয় ইত্যাদি দিশবোৰে ধাৰ্য কৰা হ’ব৷ বৈঠকত কৃষিজাত সামগ্ৰী উৎপাদন আয়ুক্ত কে কে সিং, গোৱালিয়ৰৰ ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০. এছ. কে. ৰাৱে অংশগ্ৰহণ কৰে৷
 
***
APS/SG/DB


(Release ID: 1641378) Visitor Counter : 132