PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 25 JUL 2020 6:48PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

ভাৰতত এদিনতে সৰ্বাধিক অভিলেখ সংখ্যক ৪.২ লাখত কৈও অধিক ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে; এই পৰ্যন্ত ১.৬ কোটি নমুনা পৰীক্ষণ হৈছে; মৃত্যুৰ হাৰ ২.৩৫%লৈ অৱনমিত হৈছে

প্ৰথমবাৰলৈ ৪,২০,০০০ত কৈও অধিক সংখ্যক নমুনাৰ ক’ভিড পৰীক্ষণেৰে অভিলেখ ৰচিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৪,২০,৮৯৮ টা নমুনা পৰীক্ষণেৰে এই পৰ্যন্ত ১,৫৮,৪৯,০৬৮ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ মৃত্যুৰ হাৰ ২.৩৫%লৈ অৱনমিত হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা উচ্চভাৱে বৃদ্ধি হোৱা ৯খন ৰাজ্যত ৰোগৰ ব্যৱস্থাপনাৰ খতিয়ান ল’লে কেবিনেট সচিবে৷

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ সৈতে কেন্দ্ৰৰ লগত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ এক সুসমন্বয় গঢ়ি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই পৰিপ্ৰেক্ষিতত কেবিনেট সচিবে অন্ধ্ৰ প্ৰদেশ, বিহাৰ, তেলেংগানা, ওড়িশা, পশ্চিম বংগ, অসম, কৰ্ণাটক, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিবসকলৰ সৈতে ক’ভিড-১৯ ব্যৱস্থাপনাৰ খতিয়ান গ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

বিত্ত মন্ত্ৰীয়ে তথ্য প্ৰযুক্তি বিভাগত জনসাধাৰণৰ প্ৰতি প্ৰতিক্ৰিয়াশীল হোৱা বাবে প্ৰশংসা জনাইছে

১৬০তম আয়কৰ দিৱস উপলক্ষে কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আয়কৰ প্ৰশাসনক অধিক জন অনুকূল কৰি তোলাৰ বাবে ক্ৰমাগতভাৱে আয়কৰ বিভাগে গ্ৰহণ কৰি অহা পদক্ষেপক প্ৰশংসা জনাইছে৷

অধিক বিৱৰণৰ বাবে

ভাৰত-ব্ৰিটেইনে মুক্ত বাণিজ্য চুক্তিত সহমত প্ৰকাশ কৰিছে

ভাৰত আৰু ব্ৰিটেইনে কালি ১৪তম যৌথ অৰ্থনৈতিক আৰু বাণিজ্য কমিটীৰ বৈঠকত মুক্ত বাণিজ্য চুক্তিৰ প্ৰতি সহমত প্ৰকাশ কৰিছে৷ এই বৈঠকখনত অংশগ্ৰহণ কৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু ব্ৰিটেইনৰ আন্তৰ্জাতিক বাণিজ্যৰ ৰাজ্যিক সচিব এলিজাবেথ ট্ৰাছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বাবে দ্ৰুত নিয়ামক পৰিকাঠামো গঠন

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ জৈৱ প্ৰযুক্তি বিভাগে ক’ভিড-১৯ৰ দ্বাৰা সৃষ্ট প্ৰত্যাহ্বানক মোকাবিলা কৰাৰ বাবে সক্ৰিয়ভাৱে চিকিৎসা, ঔষধ আৰু প্ৰতিষেধকৰ প্ৰস্তুতিত নামি পৰিছে৷ এই সংক্ৰান্তত বিভাগটোৱে দ্ৰুত সমাধান নিয়ামক পৰিকাঠামোও গঠন কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে আৰক্ষী, ৰাজহ আৰু পৌৰ নিগমৰ বিষয়াসকলক আবাসীসকলে সামাজিক ব্যৱধানৰ নীতি, মাস্ক পৰিধান আদি নীতিসমূহ পালন কৰিছে নে নাই সেয়া লক্ষ্য কৰিবলৈ নিৰ্দেশ দিছে৷
  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে ৬০ বছৰ বয়সৰ তলৰ লোকৰ বাবে সামান্যতম লক্ষণযুক্ত ৰোগীৰ বাবে ১০খন জিলাত ৭৫২০ খন বিচনাৰ ১খন নতুন পৰ্যায়ৰ ক’ভিড কেয়াৰ চেণ্টাৰ কাৰ্যকৰী কৰাৰ দিশত অগ্ৰসৰ হৈছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ গৃহ আৰু স্বাস্থ্য মন্ত্ৰী অনিল বিজে ডিজিটেলী ৰোহটকৰ পণ্ডিত ভগৎ দয়াল শৰ্মা পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব্ মেডিকেল ছাইন্সেছত প্লাজমা বেংক মুকলি কৰে৷
  • হিমাচল প্ৰদেশঃ ক’ভিড-১৯ কেয়াৰ কেন্দ্ৰসমূহত ভৰ্তি হৈ থকা ক’ৰোনা ভাইৰাছৰ ৰোগীক সুষম আহাৰ প্ৰদান কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷
  • মধ্য প্ৰদেশঃ ৭৩৬ জন নতুন ৰোগীৰ সৈতে মুঠ ৰোগীৰ সংখ্যা হৈছে ২৬,২১০জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৫৫৩ জন৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যাই ৩.৫৭ লাখৰ সীমা স্পৰ্শ কৰিছে৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৪৩ লাখ৷
  • গুজৰাটঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,৬৩১ জন৷ ইয়াৰে ১২,৫১৮ জন হ’ল সক্ৰিয় ৰোগী৷ ২২৮৩ জন লোকৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৪,৭৩৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯০২৯ জন৷ ২৪,৬৫৭ জনে আৰোগ্য লাভ কৰিছে আৰু ৬০৮ জনৰ মৃত্যু হৈছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৮১৯ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২১৬ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৫৪০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬৭৫ জন৷
  • অৰুণাচল প্ৰদেশঃ কুৰুমকুমে জিলাত জিলা উপায়ুক্তই ভৰিৰে সঞ্চালন কৰিব পৰা ছেনিজাইজিং মেচিন জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহত স্থাপন কৰে৷
  • মণিপুৰঃ স্বাস্থ্য প্ৰাধিকৰণে ঘৰে ঘৰে ৰেপিড এণ্টিজেন পৰীক্ষণ কাৰ্য আৰম্ভ কৰিছে৷
  • নাগালেণ্ডঃ নাগালেণ্ডৰ ডিমাপুৰ জিলা প্ৰশাসনে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ এনএছটি ডিমাপুৰৰ সাধাৰণ প্ৰৱন্ধকৰ কাৰ্যালয় ছীল কৰিবলৈ নিৰ্দেশ দিছে৷
  • ছিক্কিমঃ ছিক্কিমৰ গেংটকৰ নিউ এছটিএনএম চিকিৎসালয়ত এজন চিকিৎসক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • কেৰালাঃ মুঠ ৯৩৭১ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৫৬ লাখ ৰোগীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৯৯,৭৪৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,১৩২ জন৷ ৩৩২০ জনৰ মৃত্যু হৈছে৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৭৪৩ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৫,৮৭০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫২,৭৯১ জন৷ মৃত্যু হৈছে ১৭২৪ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮০,৮৫৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯,৯৯০ জন৷ মৃত্যু হৈছে ৯৩৩ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫২,৪৬৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৬৭৭ জন৷ মৃত্যু হৈছে ৪৫৫ জনৰ৷ মুকলি হৈছে ৪০,৩৩৪ জন৷



(Release ID: 1641282) Visitor Counter : 142