মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

“ভাৰতত থাকা আৰু ভাৰতত পঢ়া” শীৰ্ষক বিষয়ত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীৰ চিন্তাশীল বৈঠক

অধিকতকৈ অধিক শিক্ষাৰ্থীক ভাৰতত থকা আৰু পঢ়া নিশ্চিত কৰিবলৈ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ব্যৱস্থা গ্ৰহণ কমিটীৰ নেতৃত্ব দিব ইউজিচিৰ অধ্যক্ষই; পষেকৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব কমিটীয়ে

Posted On: 24 JUL 2020 4:37PM by PIB Guwahati

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’-এ আজি দিল্লীত জেষ্ঠ বিষয়া-বৰ্গ আৰু মন্ত্ৰালয়ৰ অধীনৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান/কাৰিকৰী সংগঠনসমূহৰ প্ৰধানৰ সৈতে ‘ভাৰতত থাকা আৰু ভাৰতত পঢ়া’ শীৰ্ষক বিষয়ত এক 

চিন্তাশীল বৈঠকত মিলিত হয়। বৈঠকত মানৱ সম্পদ বিকাশৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেও উপস্থিত আছিল। উচ্চ শিক্ষাৰ সচিব শ্ৰী অমিত খাৰে, ইউজিচিৰ অধ্যক্ষ শ্ৰী ডি.পি. সিং, এআইচিটিইৰ অধ্যক্ষ শ্ৰী অনিল সহস্ৰবুদ্ধে, যটীয়া সচিব(আইচিচি)শ্ৰীমতী নীতা প্ৰসাদ আৰু এআইইউৰ সচিব প্ৰধান শ্ৰীমতী পংকজ মিট্টালেও বৈঠকত অংশ লয়।

উদ্বোধনী ভাষণত শ্ৰী পোখৰিয়ালে কয় যে কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বিদেশত অধ্যয়ন কৰা বহু শিক্ষাৰ্থীয়ে এতিয়া ভাৰতলৈ ওভতি আহি ভাৰততে অধ্যয়ন কৰিব বিচাৰিছে। তেওঁ কয় যে ভাৰতলৈ ওভতা বহু শিক্ষাৰ্থী তেওঁলোকৰ পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে। এইসকল শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ প্ৰচেষ্টা মন্ত্ৰালয়ে হাতত লোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান পৰিস্থিতি অনুযায়ী দুটা গুৰুত্বপূৰ্ণ বিষয়ক মন্ত্ৰালয়ে অগ্ৰাধিকাৰ দিছে-

১) বিদেশলৈ যাব বিচৰা শিক্ষাৰ্থীসকলক দেশতে ৰাখিবৰ বাবে ভাৰতৰ প্ৰতিস্থিত শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণৰ সুযোগ দিয়া।

২)বিদেশৰ পৰা ওভতা শিক্ষাৰ্থীসকলৰ চিন্তাৰ সমাধান কৰা আৰু তেওঁলোকৰ পঢ়া সম্পূৰ্ণ কৰাত সহায় কৰা।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ২০১৯ বৰ্ষত প্ৰায় ৭লাখ ৫০ হাজাৰ শিক্ষাৰ্থী অধ্যয়নৰ বাবে বিদেশলৈ গৈছিল। ইয়াৰ ফলত বিপুল পৰিমাণৰ বিদেশী মুদ্ৰা জমা হোৱাৰ পৰিৱৰ্তে দেশৰ বাহিৰলৈ ওলাই গৈছে। ইয়াৰ সৈতে বহু মেধাৱী শিক্ষাৰ্থীও অধ্যয়নৰ বাবে গৈ বিদেশত ৰৈ গৈছে। সেয়ে এই মেধাৱী শিক্ষাৰ্থীসকলক ভাৰততে অধ্যয়নৰ সুযোগৰ বাবে আমি সকলোধৰণৰ প্ৰচেষ্টা হাতত লোৱা উচিত। চৰকাৰৰ নীতি অনুসৰি মন্ত্ৰালয়ে ২০২৪ চনৰ ভিতৰত দেশৰ সকলোধৰণৰ অগ্ৰণী শিক্ষানুষ্ঠানত আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰাৰ লগতে প্ৰখ্যাত প্ৰতিস্থানৰ সংখ্যাও ২০২৪চনলৈকে ৫০লৈকে বঢ়াব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

বৈঠকত শ্ৰী সঞ্জয় ধোত্ৰেই কয়-শিক্ষাৰ্থীসকলে বিদেশলৈ যোৱাৰ প্ৰধান কাৰণ কি সেয়া আমি বুজাৰ চেষ্টা কৰাটো প্ৰয়োজনীয় আৰু এয়া সমাধানৰ চেষ্টা কৰিব লাগিব।তেওঁ কয় যে ভাৰতৰ শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিব লাগিব যাতে উচ্চ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ভাৰততে থাকিব পাৰে।

আজিৰ বৈঠকত তলত উল্লেখ কৰা সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়-

অধিকতকৈ অধিক শিক্ষাৰ্থীক ভাৰতত থকা আৰু পঢ়া নিশ্চিত কৰিবলৈ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ব্যৱস্থা গ্ৰহণ কমিটীৰ নেতৃত্বত থাকিব ইউজিচিৰ অধ্যক্ষএআইচিটিইৰ অধ্যক্ষই কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ সৈতে সম্পৰ্ক থকা বিষয়সমূহ চোৱা-চিতা কৰিব। আইআইটি,এনআইটি,আইআইআইটিৰ দৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ সঞ্চালক, চিঅএ আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক লৈ পৃথক উপ-সমিতি গঠন কৰা হব যিয়ে ইউজিচিৰ অধ্যক্ষ আৰু এআইচিটিইৰ অধ্যক্ষক সহায় কৰিব।শিক্ষা ক্ষেত্ৰত থকা অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি এনটিএৰ অধ্যক্ষ আৰু চিবিএছইৰ অধ্যক্ষকো ইনপুটৰ বাবে মাতি পঠিয়াব পাৰে। মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ তৰফৰ পৰা যুটীয়া সচিবে(আন্তঃৰাষ্ট্ৰীয় সহযোগ) সহযোগিতা আগবঢ়াব।সমিতিয়ে পষেকত প্ৰতিবেদন আগবঢ়াব।

 

 ***************************************************************

NB/AKJ/AK/KG



(Release ID: 1641238) Visitor Counter : 214