প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা সম্পৰ্ক মজবুত কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ টেলিফোনিক আলোচনা

प्रविष्टि तिथि: 24 JUL 2020 3:49PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী লেফটেনেণ্ট জেনেৰেল বেঞ্জামিন গাণ্টজৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। দুয়োখন দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ অগ্ৰগতিক লৈ দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে।

 

দুয়োগৰাকী মন্ত্ৰীয়ে মহামাৰী কভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অব্যাহত থকা গৱেষণা আৰু ইয়াৰ অগ্ৰগতি সন্দৰ্ভতো সন্তুষ্টি প্ৰকাশ কৰে, যিয়ে কেৱল দুয়োখন দেশকেই নহয় মানৱতাৰ বৃহত্ স্বাৰ্থতো সহায় কৰিব। প্ৰতিৰক্ষা উত্পাদনত নতুন উদাৰীকৃত বিদেশী প্ৰত্যক্ষ পদ্ধতি(এফডিআই)ৰ অধীনত ইজৰাইলী প্ৰতিৰক্ষা কোম্পানীসমূহক ব্যাপকভাৱে অংশগ্ৰহণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীয়ে আমন্ত্ৰণ জনায়।দুয়োগৰাকী মন্ত্ৰীয়ে আঞ্চলিক উন্নয়ন সন্দৰ্ভত মতামত ব্যক্ত কৰে। শ্ৰী ৰাজনাথ সিঙৰ আমন্ত্ৰণৰ যোগাত্মক সঁহাৰি দি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে অতি শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব বুলি জনায়।

 

 ********************************************************

ABB/Nampi/KA/DK/Savvy/ADA/KG


(रिलीज़ आईडी: 1641236) आगंतुक पटल : 256
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Malayalam