স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

উচ্চ হাৰৰ আক্ৰান্ত লোক থকা ৯খন ৰাজ্যৰ ক’ভিড-১৯ ব্যৱস্থাপনাৰ পৰ্যালোচনা কেবিনেট সচিবৰ

তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ আৰু অসমক পৰীক্ষা ব্যৱস্থা ক্ষিপ্ৰতৰ কৰা, কনটেইনমেণ্ট পৰিকল্পনা কঠোৰভাৱে বলবৎ কৰা, স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা তথা ফলপ্ৰসূ চিকিৎসা ব্যৱস্থাপনা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ

Posted On: 24 JUL 2020 8:21PM by PIB Guwahati

ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা পৰ্যায়ভিত্তিক আৰু সক্ৰিয় দৃষ্টিভংগীৰ ফলতে দেশত ধাৰাবাহিকভাৱে আৰোগ্য লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে এই ৰোগত মৃত্যুৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে৷ অৱশ্যে ইয়াৰ মাজতে একাংশ ৰাজ্যত শেহতীয়াভাৱে দৈনিক উচ্চ হাৰত আক্ৰান্ত লোকৰ সংখ্যাই ক’ভিড ব্যৱস্থাপনৰ ক্ষেত্ৰত চিন্তাৰ উদ্ৰেগ ঘটাইছে৷

ক’ভিড-১৯ মহামাৰী ফলপ্ৰসূ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰ-ৰাজ্য সম্বন্বিত কৌশলৰ অংশ হিচাপে কেবিনেট সচিব অধ্যক্ষতাত ৯খন ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিবসকলৰ সৈতে এক ভাৰ্চুৱেল উচ্চ পৰ্যায়ৰ বৈঠকত দেশত শেহতীয়া ভাৱে বৰ্ধিত আক্ৰান্ত লোকসকলক লৈ আলোচনা হয়৷ এই ভাৰ্চুৱেল বৈঠকত অংশ গ্ৰহণকাৰী ৰাজ্য কেইখন হৈছে-তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ আৰু অসম৷

কেবিনেট সচিবগৰাকীয়ে স্বাস্থ্য সচিব আৰু অন্যান্য ৰাজ্যিক বিষয়াবৰ্গৰে ৰাজ্যসমূহত বিশেষকৈ ক’ভিডৰ মোকাবিলা কৰাৰ কৌশলৰ লগতে শেহতীয়াকৈ মাত্ৰাধিক হাৰত বৃদ্ধিৰ কাৰকসমূহৰ বিষয়ে সবিশেষ পৰ্যালোচনা কৰে৷ ‘পৰীক্ষা, চিনাক্ত, চিকিসা’ কৌশলৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহক কনটেইনমেণ্ট জ’নসমূহত পৰীক্ষা ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি সংক্ৰমণ ৰোধত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে৷

কেবিনেট সচিবে কনটেইনমেণ্ট জ’নসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ নিৰ্দেশনা কঠোৰভাৱে কাৰ্যকৰী কৰাত মনোনিৱেশ কৰাৰ লগতে সংক্ৰমণৰ শৃংখলা ভংগ কৰাৰ বাবে অত্যাধিক ক্ষতিশংকা থকা লোকক চিনাক্তকৰণ আৰু ঘৰে ঘৰে এনে লোকৰ সন্ধান কৰাত জোৰ দিবলৈ কয়৷ তদুপৰি, বাফাৰ জ’নসমূহতো ছেৰি/আইএলআইৰ দৰে ৰোগৰ নিৰীক্ষণত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায়৷

ইফালে, ৰাজ্যসমূহক স্বাস্থ্যখণ্ডত বিছনাৰ সংখ্যা, অক্সিজেন, এম্বুলেন্স আৰু ভেণ্টিলেটৰৰ সংখ্যাকে ধৰি আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়৷ মৃত্যুৰ হাৰ হ্ৰাস কৰাত প্ৰতি লক্ষ্য ৰাখিবলৈ সদৰি কৰি এই ক্ষেত্ৰত উচ্চ আশংকা থকা জ্যেষ্ঠ ব্যক্তি তথা দুৰাৰোগ্য ৰোগীৰ বাবে বিশেষ ধ্যান দিবলৈ মেপিং কৰিবলৈ কয়৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1641112) Visitor Counter : 162