কৃষি মন্ত্ৰালয়

২১ জুলাই, ২০২০লৈকে ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, হাৰিয়ানা, উত্তৰাখণ্ড আৰু বিহাৰৰ ৩,৮৩,৬৩১ হেক্টৰ এলেকাত কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযান হাতত লোৱা হৈছে

ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, ১০৪ কেন্দ্ৰীয় নিয়ন্ত্ৰণ দলে ৰাজস্থানৰ আৰু গুজৰাটত কাকতি ফৰিং নিয়ন্ত্ৰণৰ বাবে স্প্ৰে ছতিয়াইছে

ফাওৰ শেহতীয়া তথ্যই হৰ্ণ অফ আফ্ৰিকাৰ পৰা অহা সপ্তাহবোৰত এই ফৰিঙৰ উপদ্ৰৱ অধিক বৃদ্ধি পোৱাৰ ইংগিত বহন কৰিছে

পোষ্ট কৰা হৈছে: 22 JUL 2020 5:20PM by PIB Guwahati

লকাষ্ট চাৰ্কোল অফিচে(এলচিঅ’) ১১ এপ্ৰিলৰ পৰা আৰম্ভ কৰা কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযানৰ অধীনত ২১ জুলাই, ২০২০লৈকে ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাৰ ১,৯৫,৪৫০ হেক্টৰকৈ এলেকাত কাৰ্য সম্পাদন কৰিছে৷ ইফালে, ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, হাৰিয়ানা, উত্তৰাখণ্ড আৰু বিহাৰত ৰাজ্য চৰকাৰসমূহেও ১,৮৪,১৮১ হেক্টৰ ভূমিত নিয়ন্ত্ৰণ অভিযান চলাইছে৷

একেদৰে, ২১-২২ জুলাই, ২০২০ত নিশাৰ ভাগত ৰাজস্থানৰ ১১খন জিলা ক্ৰমে-জয়ছালমেৰ, বাৰ্মেৰ, যোধপুৰ, বিকানেৰ, চুৰু, ছিকাৰ নগৌৰ, জয়পুৰ, পালি, হনুমানগড় আৰু শ্ৰীগংগানগৰ ২৯টা স্থানত এলচিঅ’ৰ দ্বাৰা কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযান চলোৱা হয়৷ তদুপৰি, ৰাজস্থান ৰাজ্যিক কৃষি বিভাগে ২১-২২ জুলাই, ২০২০ত নিশাৰ ভাগত ডাওছা জিলাৰ দুটা স্থানত সৰু গোট আৰু সিঁচৰিত হৈ থকা কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযান চলোৱা হয়৷

 

বৰ্তমান কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যসূচীত ৰাজস্থান আৰু গুজৰাটত ১০৪টা দলক স্প্ৰে ছতিওৱা কামত নিয়োজিত কৰা হৈছে৷ তদুপৰি, কেন্দ্ৰীয় চৰকাৰৰ ২০০গৰাকীতকৈ অধিক কৰ্মচাৰীও এই কাৰ্যত নিয়োজিত কৰা হৈছে৷ ইফালে, ৰাজস্থানৰ বাৰ্মেৰ, জয়ছালমেৰ, বিকানেৰ, নগৌৰ আৰু ফালোডিত ওখ গছসমূহত কীটনাশক ছতিওৱাৰ বাবে ৫টা কোম্পানীৰ ১৫খন দ্ৰোণ ব্যৱহাৰ কৰা হৈছে৷ আকাশ মাৰ্গৰ পৰা কীটনাশক ছতিওৱাৰ বাবে ৰাজস্থানত বেলি হেলিকপ্টাৰৰ উপৰি ভাৰতীয় বায়ু সেনাই পৰীক্ষামূলকভাৱে এমআই-১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে৷ এই পৰীক্ষণ ফলপ্ৰসূ হৈছে৷

উল্লেখ্য যে ৰাজস্থানৰ কেইখনমান জিলা কিছু পৰিমাণে ক্ষতি হোৱাৰ বাদে বাকীবোৰ ৰাজ্যত বিশেষ ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰা নাই৷

আজিৰ দিনটোত ৰাজস্থানৰ ক্ৰমে-জয়ছালমেৰ, বাৰ্মেৰ, যোধপুৰ, বিকানেৰ, চুৰু, ছিকাৰ নগৌৰ, জয়পুৰ, পালি, হনুমানগড়, শ্ৰীগংগানগৰ আৰু ডাওছা জিলাত গুলপীয়া অপৰিপক্ক আৰু প্ৰাপ্তবয়স্ক হালধীয়া ফৰিঙৰ উপস্থিতি পৰিলক্ষিত হৈছে৷

খাদ্য আৰু কৃষি সংস্থাই ২১ জুলাই, ২০২০ত প্ৰকাশ কৰা কাকতি ফৰিং সম্পৰ্কীয় শেহতীয়া তথ্যই হৰ্ণ অফ আফ্ৰিকাৰ পৰা অহা সপ্তাহবোৰত এই ফৰিঙৰ উপদ্ৰৱ অধিক বৃদ্ধি পোৱাৰ ইংগিত বহন কৰিছে৷ ছোমিলিয়াত কাকতি ফৰিঙৰ জাক পূবলৈ ধাবিত হোৱা পৰিলক্ষিত হৈছে চলিত মাহতে ভাৰত মহাসাগৰ পাৰ হৈ ভাৰত-পাকিস্তান সীমান্ত এলেকাত আহি পোৱাৰ সম্ভাৱনা আছে৷

 

***

 

APS/SG/DB


(ৰিলিজ আই ডি : 1640522) অতিথি কক্ষ : 227