উপ-ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ পৰা দুৰ্নীতিক উত্খাত কৰাৰ বাবে চৰকাৰ, নাগৰিক সমাজ আৰু সামগ্ৰিক ভাবে জন-সাধাৰণে সমন্বিতভাবে কাৰ্যপন্থা গ্ৰহণ কৰিব লাগিব : উপ ৰাষ্ট্ৰপতি

সংবিধানৰ পবিত্ৰতা অক্ষুন্ন ৰখাৰ বাবে নাগৰিসকলক অহোপুৰুষাৰ্থ কৰাৰ আহ্বান

গণতন্ত্ৰৰ বাবে দায়বদ্ধতা, স্বচ্ছতা আৰু সু-শাসন অপৰিহাৰ্য

মহালেখা আৰু মহা গাণনিকৰ কাৰ্যালয় চৌহদত ড০ বাবা চাহেব আম্বেডকাৰৰ প্ৰতিমূৰ্তি উন্মোচন

ড০ আম্বেডকাৰলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন

Posted On: 22 JUL 2020 12:15PM by PIB Guwahati

দুৰ্নীতি-ভ্ৰষ্টাচাৰক দেশৰ বিকাশ আৰু প্ৰগতিৰ বাটত আটাইতকৈ বৃহত অন্তৰায় বুলি অভিহিত কৰি ভাৰতৰ পৰা দুৰ্নীতিক উত্খাত কৰাৰ বাবে চৰকাৰ, নাগৰিক সমাজ আৰু সামগ্ৰিক ভাবে জন-সাধাৰণক সমন্বিতভাবে কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে। নতুন দিল্লীৰ মহালেখা আৰু মহা গাণনিকৰ কাৰ্যালয় চৌহদত ড০ বাবা চাহেব আম্বেডকাৰৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষণত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এই আহ্বান জনায়।

প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ বক্তব্যৰ উদ্ধৃতি দি শ্ৰী নাইডুৱে কয় যে, অভিভাৱকসকলৰ লগতে শিক্ষকসকলেও ছাত্ৰ-ছাত্ৰীসকলৰ চৰিত্ৰ গঠন আৰু এক মূল্যবোধ সম্পন্ন সমাজ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব।

ড০ আম্বেডকাৰলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল-তেওঁ দূৰদৃষ্টিসম্পন্ন দেশহিতৈষী, দাৰ্শনিক, উচ্চস্তৰৰ বুদ্ধিজীৱি, প্ৰসিদ্ধ আইনজ্ঞ, অৰ্থনীতিবিদ, লেখক, সমাজ-সংস্কাৰক আৰু মহান মানৱতাবাদী আছিল’।

ভাৰতৰ সংবিধানক পৃথিৱীৰ ভিতৰতে অন্যতম বৃহত্ আৰু বিস্তৃত সংবিধান বুলি অভিহিত কৰি শ্ৰী নাইডুৱে এইখন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ গুৰুত্বপূৰ্ণ সময়ত ড০ আম্বেডকাৰে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰে।

‘আজিৰ তাৰিখতো আমাৰ সংবিধান আমাৰ বাবে পৰম পবিত্ৰ গ্ৰন্থ আৰু সকলো কৰ্মৰ ক্ষেত্ৰত দিক-দৰ্শনকাৰী আলোকস্তম্ভ স্বৰূপ’ বুলি অভিমত ব্যক্ত কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধানৰ পবিত্ৰতা অক্ষুন্ন ৰখাৰ বাবে প্ৰতিগৰাকী নাগৰিকক অহোপুৰুষাৰ্থ কৰাৰ আহ্বান জনায়।

প্ৰসংগক্ৰমে তেওঁ, ‘গণতন্ত্ৰৰ বাবে দায়বদ্ধতা, স্বচ্ছতা আৰু সু-শাসন অপৰিহাৰ্য’ বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সকলোৱে দায়বদ্ধতাৰে নিজ নিজ কৰ্তব্য পালন কৰাত গুৰুত্ব আৰোপ কৰে।

শোষিত-বঞ্চিতসকলৰ বাবে ড০ আম্বেডকাৰক ত্ৰাণকৰ্তা হিচাপে অভিহিত কৰি শ্ৰী নাইডুৱে কয় যে তেওঁ জীৱন জুৰি লিংগ-সমতাৰ পক্ষত স্থিতি গ্ৰহণ কৰাৰ লগতে শিক্ষাৰ জৰিয়তে নাৰীৰ মুক্তি আৰু জাতিগত বাধা আঁতৰাই সকলো মানুহৰ মাজত সমতা স্থাপনৰ হকে মাত মাতি আহিছিল।

সেইগৰাকী মহান ব্যক্তিৰ প্ৰতিমূৰ্তি স্থাপন কৰা কাৰ্যক নিতান্তই উচিত বুলি মন্তব্য কৰি উপ ৰাষ্ট্ৰপতিয়ে কয় যে ‘শিক্ষা আৰু দৰ্শনৰে আমাৰ সমাজজীৱনক উদ্বুদ্ধ কৰি যোৱা এইগৰাকী মহান মানৱৰ প্ৰতিমূৰ্তিয়ে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক তেওঁ বিষয়ে জনাৰ বাবে অনুপ্ৰাণিত কৰিব পাৰিব’।

মহালেখা আৰু মহা গাণনিকৰ কাৰ্যালয়ে নিজকে এক শক্তিশালী আৰু বিশ্বাসযোগ্য নিকায় হিচাপে গঢ়ি তোলাত সাফল্য অৰ্জন কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এই নিকায়ক প্ৰদান কৰা স্বতন্ত্ৰতা আৰু ইয়াৰ গুৰুত্বৰ বাবে সংবিধান প্ৰণেতা, বিশেষকৈ ড০ আম্বেডকাৰক কৃতিত্ব প্ৰদান কৰে।

ভাষণ প্ৰসংগত তেওঁ, ‘সৰ্বোচ্চ গণনা প্ৰতিষ্ঠান’ হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ কৃতিত্ব অৰ্জন কৰা দেশৰ ‘মহালেখা আৰু মহা গাণনিক’ৰ কাৰ্যালয়ক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ২০২২চনৰ ভিতৰত সম্পূৰ্ণ ৰূপে ‘কাগজ-শূণ্য’ কাৰ্যালয় হিচাপে নিজকে প্ৰতিস্থা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰো শলাগ লয়।

 

*****

VRRK/MS/MSY/DP/KB



(Release ID: 1640494) Visitor Counter : 211