সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

মুখতাৰ আব্বাচ নাকভি : “সংস্কাৰ কেৱল কেইটামান নিয়মাৱলী নহয়”, দেশ আৰু মানুহৰ কল্যাণ সাধনত “সংস্কাৰ হৈছে এক সংকল্প গ্ৰহণ”

দিল্লী বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা উন্নয়ন কেন্দ্ৰৰ এক অনুষ্ঠানত ভাষণ প্ৰদান মুখতাৰ নাকভিৰ

নাকভিয়ে কয় যে এই জটিল সময়ত চৰকাৰ, সমাজ, চিনেমা আৰু সংবাদ মাধ্যমে ‘এক প্ৰাণ, চাৰি দেহ’ হৈ কাম কৰিছে

Posted On: 20 JUL 2020 1:17PM by PIB Guwahati

কেন্দ্ৰীয় সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাচ নাকভিয়ে কয়, “সংস্কাৰ কেৱল মাথো কেইটামান নিয়মাৱলী নহয়” দেশ আৰু মানুহৰ কল্যাণ সাধনৰ বাবে ‘সংস্কাৰ হৈছে এক সংকল্প গ্ৰহণ”।

দিল্লী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ প্ৰফেশ্যনেল ডেভেলপমেণ্ট ইন হায়াৰ এডুকেশ্যন শীৰ্ষক অনুষ্ঠানৰ উদ্বোধনী সভাত জাতি আৰু ভৱিষ্যৎ প্ৰজন্ম গঢ় দিয়াৰ ক্ষেত্ৰত সাংবাদিকতা, গণমাধ্যম আৰু চিনেমাৰ ভুমিকা সম্পৰ্কে শ্ৰী নাকভিয়ে বলিষ্ঠতাৰে উল্লেখ কৰে।

সভাত শ্ৰী নাকভিয়ে লগতে কয়, চৰকাৰ, ৰাজনীতি, চিনেমা আৰু সংবাদ মাধ্যম পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত। সমাজৰ সংবেদনশীল এই দিশবোৰে পাৰস্পৰিক সম্পৰ্কক আৰু ঘনিষ্ঠ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে।

শ্ৰী নাকভিয়ে লগতে কয়, সংকটৰ এই সময়ত চৰকাৰ, সমাজ, চিনেমা আৰ সংবাদ মাধ্যমে ৪ টা দেহৰ ১ টা আত্মা হিচাপে নিৰন্তৰ কাম কৰি গৈছে। ইতিহাসত বাৰম্বাৰ প্ৰমাণিত হৈছে যে দেশ যেতিয়াই সংকটত পৰে তেতিয়াই এই ৪টি স্তম্ভই একগোট হৈ পৰিস্থিতিৰ মোকাবিলা কৰিছে। আনকি, ৪ টা স্তম্ভৰ এই সংগ্ৰাম জাতীয় স্বাৰ্থ আৰু মানুহৰ কল্যাণৰ বাবে সম্পূৰ্ণ সততা বজাই ৰাখি পৰিচালিত হৈছে। সমগ্ৰ বিশ্বই যিটোসময়ত কেবাদশকৰ পিছত ক’ৰোনা মহামাৰীৰ দৰে সংকটৰ সৈতে মোকাবিলা কৰিছে, তেনে সময়তে ভালেমান প্ৰজন্ম আছে, যিবোৰৰ এতিয়া আৰু অস্তিত্ব নাই, তেওঁলোক এইধৰণৰ প্ৰত্যাহ্বানৰ কেতিও সমূখীন হোৱা নাছিল। অৱশ্য, আমি সমাজ, চৰকাৰ, চিনেমা আৰু গণমাধ্যমৰ তৰফৰ পৰা বৰ্তমানৰ পৰিস্থিতিৰ মোকাবিলাত কোনো ধৰণৰ কৃপণালি কৰা নাই। স্বাভাৱিকতেই এই ৪ টা স্তম্ভ সমস্যা নিবাৰণৰ অংগ হৈ উঠিছে। আজি ক’ৰোনা মহামাৰীৰ সময়ত সমাজৰ প্ৰতিটো শ্ৰেণীয়েই কৰ্মসংস্কৃতি আৰু জীৱনশৈলীত এক আমূল পৰিৱৰ্তন লক্ষ্য কৰিছে।

শ্ৰী নাকভিয়ে আৰু কয়, ক’ৰোনা মহামাৰী আৰু লকডাউনৰ সময়ত মানুহৰ বাতৰি কাকত পঢ়াৰ অভ্যাস যেনেদৰে অব্যাহত থাকিছে, ঠিক তেনেদৰেই তেওঁলোকে চিনেমাকো জীৱনৰ সৈতে জড়িত কৰি ৰাখিছে। বৰ্তমান পৰিস্থিতিত বৈদ্যুতিন সংবাদ মাধ্যম আৰু ডিজিটেল প্লেটফৰ্মত বৃহৎ প্ৰভাৱ নপৰিলেও নিউজ চেনেলবোৰত ইয়াৰ প্ৰভাৱ লক্ষ্য কৰা গৈছে। ভাৰতীয় গণমাধ্যম আৰু চিনেমাই সংকটৰ সময়ত বাৰম্বাৰ যিবোৰ গঠনমূলক ভুমিকা পালন কৰিছে, তাৰ উল্লেখ ইতিহাসত আছে। বৰ্তমান বৈদ্যুতিন, মুদ্ৰণ আৰু ডিজিটেল মিডিয়াই দেশৰ প্ৰায় ৮০ শতাংশ মানুহৰ সমূখত নিজৰ উপস্থিতিৰ প্ৰমাণ দিছে। সেয়ে, বাতৰি কাকত, টেলিভিশ্যন, বেতাৰ আৰু ডিজিটেল প্লেটফৰ্মবোৰ চহৰৰ পৰা প্ৰত্যন্ত গাওঁৰ ভিতৰতো প্ৰায় প্ৰতিটো চুকে কোণে তথ্য প্ৰেৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। আনকি, ডিজিটেল মিডিয়া আমাৰ জীৱনৰ এক অঙ্গ হৈ উঠিছে। এই মাধ্যমবোৰ গঠনমূলক সমালোচনাৰ মাধ্যমেৰে চৰকাৰী ব্যৱস্থাকে সদাজাগ্ৰত কৰি ৰাখিছে বুলিও মত প্ৰকাশ কৰে শ্ৰী নাকভিয়ে।

***

NB/KGS/RD



(Release ID: 1640324) Visitor Counter : 186