পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

উদ্যমীসকলক এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবৰ বাবে নৱোন্মেষী সমাধান প্ৰস্তুত কৰিবলৈ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আহ্বান

Posted On: 17 JUL 2020 2:30PM by PIB Guwahati

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা ইস্পাত মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নৱোন্মেষণ তথা উদ্যমশীলতাৰ ভাবনা, যুৱ উদ্যমীসকলক তেওঁলোকৰ ধ্যাণ-ধাৰণাৰ পৰিপুস্তিৰ বাবে এখন মঞ্চ উপলব্ধ কৰোৱা আৰু তেওঁলোকক এক ব্যৱহাৰ উপযোগী ষ্টাৰ্টআপলৈ ৰূপান্তৰিত কৰিবৰ বাবে শক্তিশালী কৰি তোলাৰ প্ৰয়াস কৰিছে, এই উপলক্ষে এখন সমাৰোহত এটা ভাৰচুৱেল কাৰ্যক্ৰম উদ্যমী উৎসৱক সম্বোধন কৰে।

 

অংশ গ্ৰহণকাৰীসকলক সম্বোধন কৰি মন্ত্ৰী শ্ৰী প্ৰধানে এখন আত্মনিৰ্ভৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভিজন, কোভিড-১৯ৰ প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত যুৱ উদ্যমীৰ ভূমিকা, বসুধৈব কুটুম্বকমৰ আমাৰ ভাবনাৰ অনুৰূপ আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু বৈশ্বিক কল্যাণৰ ওপৰত আলোকপাত কৰে। তেওঁ যুৱ নৱোন্মেষকসকলৰ সৈতে নিজৰ চৌপাশৰ সামাজিক তথা আৰ্থিক প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা আৰু এক সমৃদ্ধ তথা আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবৰ বাবে নৱোন্মেষণ, বিকাশ তথা আত্মনিৰ্ভৰতাৰ পৰৱৰ্তী পথত ভাৰতক অনুপ্ৰাণিত কৰিবৰ বাবে নৱোন্মেষী সমাধান লৈ সন্মুখলৈ আহিবলৈ উৎসাহ যোগায়।

 

তেওঁ উদ্যমীসকলক উদ্যমশীলতাৰ বাস্তৱিক প্ৰয়োজনীয়তা আহৰণ কৰিবলৈ কয় যি সম্পদ সৃষ্টিৰ সমান্তৰালকৈ সামাজিক কল্যাণৰো প্ৰাপ্তি। তেওঁ এনেকুৱা এটা মডেলৰ ব্যাখ্যা কৰে যি বিভিন্ন উদ্দেশ্যক সন্তুলিত কৰাত যি আৰ্থিক, সুচলতা আৰু স্থায়িত্বৰ লগতে সমগ্ৰ বিশ্বৰ বাবে লাভজনক।

 

শ্ৰী প্ৰধানে নৱোন্মেষণ আৰু উদ্যমশীলতাৰ বাবে এক উন্নত আন্তঃগাঁথনি নিৰ্মাণ কৰা তথা সকলো স্তৰতে ঘৰুৱা উদ্যমীৰ সহযোগিতা কৰিবলৈ ভাৰত চৰকাৰৰ সংকল্পবদ্ধতাৰ ওপৰত আলোকপাত কৰে।

 

******

 

YB



(Release ID: 1639499) Visitor Counter : 137