নৌ-পৰিবহন মন্ত্ৰালয়
কেৰেলাৰ কোচি বন্দৰৰ ভাল্লাৰপাড়ামত ভাৰতৰ প্ৰথমটো ট্ৰান্স-শ্বিপমেণ্ট হাব নিৰ্মাণৰ বিষয়ে পৰ্যালোচনা মনছুক মাণ্ডৱ্যৰ
পোষ্ট কৰা হৈছে:
15 JUL 2020 1:48PM by PIB Guwahati
কেন্দ্ৰীয় জাহাজ চলাচল দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনছুক মাণ্ডব্যই আজি কোচি বন্দৰৰ ভাল্লাৰপাড়াম টাৰ্মিনেলৰ উন্নয়নমূলক কাম-কাজ পৰ্যালোচনা কৰে। ডিপি ৱৰ্ল্ডৰ তত্ত্বাৱধানত ইয়াত দেশৰ প্ৰথমটো টান্স-শ্বিপমেণ্ট বন্দৰ নিৰ্মাণ কৰা হৈছে।
শ্ৰী মাণ্ডব্যই বিষয়াসকলৰ এই ট্ৰান্স-শ্বিপমেণ্ট হাব নিৰ্মাণৰ বিষয়ত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ মোকাবিলাৰ বাবে যথাযথ কৌশল গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে। দক্ষিণ এছিয়াত এই হাবটো গুৰুত্বপূৰ্ণ হৈ উঠিব বুলি ধাৰণা কৰা হৈছে। ট্ৰান্স-শ্বিপমেণ্ট হাবত কণ্টেইনাৰ সাময়িকভাৱে ৰখা হয়। পিছত সেইবোৰক নিৰ্দিষ্ট গন্তব্য স্থানত জাহাজত তুলি দিয়া হয়। কোচিৰ ভাল্লাৰপাড়াম টাৰ্মিনেল হৈছে আন্তৰ্জাতিক সমুদ্ৰপথৰ নিচেই কাষত।

দেশৰ আটাইবোৰ বন্দৰৰ সৈতে ইয়াৰ যথেষ্ট ভাল যোগাযোগ আছে। পশ্চিম দিশে মুন্দ্ৰাৰ পৰা পূৱদিশে কলকাতা পৰ্যন্ত উপকূলৱৰ্তী এলেকাৰ বিভিন্ন ঠাইৰ সৈতে এই অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা খুব ভাল। ইয়াত বৃহৎ কলেবৰৰ জাহাজেও লঙ্গৰ পেলাব পাৰে। এই টাৰ্মিনেলটোক দক্ষিণ ভাৰতৰ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ লগতে দক্ষিণ এছিয়াৰ প্ৰথম শ্ৰেণীৰ ট্ৰান্স-শ্বিপমেণ্ট হাব হিচাপে গঢ়ি তোলাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।
******
YB/AP/JK/RD
(ৰিলিজ আই ডি : 1638993)
অতিথি কক্ষ : 312
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam