অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বিমান-চালনা বিশ্ববিদ্যালয়ত অগ্নিনিৰ্বাপণৰ হ্ৰস্বকালীন পাঠ্যক্ৰমৰ নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

১৭ আগষ্ট ২০২০ৰ পৰা ৬মহীয়া কাৰ্যক্ৰমৰ পাঠদান

Posted On: 15 JUL 2020 1:10PM by PIB Guwahati

ভাৰতৰ একমাত্ৰ বিমান-চালনা বিশ্ববিদ্যালয়, উত্তৰ প্ৰদেশৰ আমেথিস্থিত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বিমান-চালনা বিশ্ববিদ্যালয় (আৰজিএনঅইউ)ত অগ্ননিৰ্বাপণৰ বৃত্তিমূলক পাঠ্যক্ৰম-বেছিক ফায়াৰ ফাইটাৰ কৰ্চ-ৰ নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যক্ৰমৰ বাবে gmraa.contact@gmrgroup.in লৈ মেইল কৰি নাম তালিকাভুক্ত কৰিব লাগিব।

এই সন্দৰ্ভত আৰজিএনঅইউ-ৰ উপাচাৰ্য শ্ৰী অম্বৰ ডুবেই কয় যে, বিমান পৰিবহণ ক্ষেত্ৰত অগ্নিনিৰ্বাপণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। দেশত বিমানবন্দৰৰ বৰ্দ্ধিত সংখ্যা আৰু পৰিসৰ সম্প্ৰসাৰণৰ ফলত বিমানবন্দৰসমূহৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত পেছাদাৰী কৰ্মবাহিনীৰো চাহিদা ব্যাপক হাৰত বৃদ্ধি পাইছে। আমি প্ৰদান কৰা পাঠ্যক্ৰমৰ জৰিয়তে, আমি এই খণ্ডটোৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে দক্ষ পেছাদাৰী কৰ্মবাহিনী প্ৰস্তুত কৰি উলিওৱাৰ প্ৰয়াস কৰিছো

অগ্নিনিৰ্বাপণৰ ক্ষেত্ৰত যোদ্ধা হিচাপে ভূমিকা পালন কৰিব খোজাসকলৰ বাবে বেছিক ফায়াৰ ফাইটাৰ কৰ্চ ৬মহীয়া চাৰ্টিফিকেট প্ৰদান কৰা এক পাঠ্যক্ৰম। জিএমআৰ এভিয়েশ্যন অকাডেমীৰ সৌজন্যত এই পাঠ্যক্ৰম আগবঢ়োৱা হয়।

যোগ্যতা : শাৰিৰীক আৰু স্বাস্থ্যসন্মত ভাবে সুস্থ, ১৮বছৰৰ ওপৰৰ যিকোনো পুৰুষ অথবা মহিলা প্ৰাথীয়ে এই পাঠ্যক্ৰমৰ বাবে আবেদন কৰিব পাৰিব। মহিলা প্ৰাৰ্থীৰ বাবে উচ্চতাৰ নিম্নসীমা ১৫৭ছেণ্টিমিটাৰ হোৱাৰ বিপৰীতে পুৰুষ প্ৰাৰ্থীসকলৰ উচ্চতা ১৬৫ছেণ্টিমিটাৰ বা ততোধিক হব লাগিব। প্ৰাৰ্থীসকলৰ লঘূ অথবা গধুৰ যান-বাহন চালনাৰ অনুজ্ঞা পত্ৰ থকাৰ লগতে ইংৰাজী ভাষা ভালকৈ বুজাৰ দক্ষতা থাকিব লাগিব।

এইবেলিৰ পাঠ্যক্ৰমৰ কাৰ্যক্ৰম অহা ১৭আগষ্ট ২০২০ৰ পৰা ১৪ফেব্ৰুৱাৰী ২০২০লৈকে চলিব।

 

 

 

****

RJ/NG/KB



(Release ID: 1638822) Visitor Counter : 97