ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

হাৰিয়ানাত ২০,০০০ কোটি টকা ব্যয়সাপেক্ষ নতুন অৰ্থনৈতিক কৰিডৰ প্ৰকল্প উদ্বোধন-

আধাৰশিলা স্থাপন শ্ৰী গাডকাৰীৰ

ক’লে এই চৰকাৰৰ প্ৰথম দুবছৰতে দুই লাখ কোটি টকাৰ কাম সম্পূৰ্ণ হ’ব

চণ্ডীগড়ৰৰ পৰা দিল্লী বিমানবন্দৰলৈ যাত্ৰাৰ সময় ৪ ঘণ্টাৰ পৰা ২ ঘণ্টালৈ হ্ৰাস পাব

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টাৰে ক’লে ৰাজ্যখনত বিগত পাঁচ বছৰত ২৯,৪০৬ কিলোমিটাৰ পথৰ উন্নয়ন/মেৰামতি কৰা হৈছে

Posted On: 14 JUL 2020 5:06PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ, ঘাইপথ আৰু এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে বেৱকাষ্টযোগে আজি হাৰিয়ানাত নতুন অৰ্থনৈতিক কৰিড’ৰ প্ৰকল্পৰ অংশ হিচাপে ২০,০০০ কোটি টকা ব্যয়সাপেক্ষ একাধিক ঘাইপথ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টাৰৰ অধ্যক্ষতাত অনুষ্ঠিত ভাৰ্চুৱেল অনুষ্ঠানত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল(অৱসৰপ্ৰাপ্ত) ভি কে সিং, হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌতালা, কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ ক্ৰমে শ্ৰী ৰাও ইন্দৰজি সিং, শ্ৰী কৃষ্ণপাল গুৰ্জৰ, শ্ৰী ৰতন লাল কাটাৰীয়া, এনএইচএআইৰ অধ্যক্ষ শ্ৰী এছ এছ সান্ধু, পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া তথা হাৰিয়ানা চৰকাৰৰ একাংশ বিষয়া উপস্থিত থাকে৷

এই প্ৰকল্পসমূহৰ ভিতৰত ১১৮৩ কোটি টকা ব্যয় সাপেক্ষ ৩৩৪বি নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফৰলেনযুক্ত ৰোহনা/হাছানগড়ৰ পৰা ঝাজ্জৰ অংশৰ ৩৫.৪৫ কিলোমিটাৰ পথ, ৮৫৭ কোটি টকা ব্যয়সাপেক্ষ ৭১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঞ্জাৱ-হাৰিয়না সীমান্তৰ জিন্দ অংশৰ ৭০ কিলোমিটাৰ পথ আৰু ৭০৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ২০০ কোটি টকা ব্যয়সাপেক্ষ জিন্দ-কৰ্ণালৰ দ্বৈতযুক্ত ঘাইপথৰ ৮৫.৩৬ কিলোমিটাৰ অংশ উদ্বোধন কৰে৷

ইফালে, আধাৰশিলা স্থাপন কৰা প্ৰকল্পৰ ভিতৰত ১৫২ডি নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইছমাইলপুৰৰ পৰা নাৰনৌললৈ ৬টা পথযুক্ত ৮,৬৫০ কোটি টকা ব্যয়সাপেক্ষ গ্ৰীণ ফিল্ড ২২৭ কিলোমিটাৰ ঘাইপথ আৰু ১,৫২৪ কোটিৰ ৩৫২ ডব্লিউ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুগ্ৰাম পাটাউডি-ৰেৱাৰী অংশৰ ৪৬ কিলোমিটাৰ ফৰলেন পথসহ কেইবাটাও গুৰুত্বপূৰ্ণ ঘাইপথ আছে৷ 

এই উপলক্ষে আগবঢ়োৱা ভাষণত শ্ৰী গাডকাৰীয়ে কয় যে এই প্ৰকল্পসমূহে হাৰিয়ানাবাসীক নিজৰ ৰাজ্যখনৰ লগতে পাঞ্জাৱ, ৰাজস্থান, দিল্লী আৰু উত্তৰপ্ৰদেশৰ সৈতে উন্নত মানৰ যাতায়াতৰ সুবিধা প্ৰদান কৰিব৷ তদুপৰি, ডাঙৰ ডাঙৰ চহৰসমূহলৈ যোৱা যাত্ৰা সময়ৰ লগতে যান-জঁটৰ সমস্যাও বহু পৰিমাণে লাঘৱ কৰিব৷ বৰ্তমান চণ্ডীগড়ৰ পৰা দিল্লী বিমান বন্দৰলৈ যাবলৈ পূৰ্বৰ ঘণ্টাৰ বিপৰীতে এতিয়া মাত্ৰ ঘণ্টা সময়ৰহে প্ৰয়োজন হ’ব৷ এই প্ৰকল্পসমূহে সময়, ইন্ধন আৰু ব্যয় ৰাহি কৰাৰ লগতে ৰাজ্যখনৰ পিছপৰা অঞ্চলসমূহ উন্নয়নত উদ্গনি যোগাব৷ কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেওঁ কয় যে এই চৰকাৰৰ প্ৰথম দুবছৰতে দুই লাখ কোটি টকাৰ কাম সম্পূৰ্ণ হ’ব৷ তেওঁ এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিলিয়ন অৰ্থনীতিৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে ১০০ লাখ কোটি টকাৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত ব্যয় কৰাৰ বিষয়টো পুনৰ দোঁহাৰে৷

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লালে ৰাজ্যখনত ঘাইপথ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰাৰ বাবে শ্ৰী গাডকাৰীক ধন্যবাদ জনাই কয় যে এই প্ৰকল্পসমূহে ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য উভয়তে ইতিবাচক প্ৰভাৱ পেলাব৷ তেওঁ লগতে কয় যে বিগত পাঁচ বছৰত হাৰিয়ানাত ২৯,৪০৬ কিলোমিটাৰ পথৰ উন্নয়ন/মেৰামতি কৰা হৈছে৷ উল্লেখ্য যে ২০১৪ চনত হাৰিয়ানাত ২,০৫০ কিলোমিটাৰ ঘাইপথ আছিল আৰু বৰ্তমান ইয়াৰ পৰিমাণ ৩,২৩৭ কিলোমিটাৰলৈ বৃদ্ধি পাইছে৷

 

***

RCJ/MS/CKR/DB



(Release ID: 1638719) Visitor Counter : 182