ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’ল মিচন ম’ডত ২০৩০ চনৰ ভিতৰত “গ্রীন ৰে’লৱে”-কার্বন নিৰ্গমণৰ মাত্রা শূন্যলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে

২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো ব্ৰডগজ নেটৱর্ক পথত বিদ্যুতীকৰণৰ কাম শেষ কৰাৰ পৰিকল্পনা কৰা হৈছে

ভাৰতীয় ৰে’লে ৪০ হাজাৰ কিলোমিটাৰতকৈও অধিক পথ বিদ্যুতীকৰণৰ কাম সম্পন্ন কৰিছে(বিজি পথৰ ৬৩%)

বৰ্তমানলৈকে বিভিন্ন ভবনৰ ওপৰত ১০০ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদনত সক্ষম সৌৰ পেনেল আৰম্ভ কৰা হৈছে

২০০৯-১৪ চনত ৩,৮৩৫ কিলোমিটাৰ পথৰ বিপৰীতে ২০১৪-২০২০ সময়ছোৱাত ১৮,৬০৫ কিলোমিটাৰ পথত বিদ্যুতীকৰণৰ কাম সম্পন্ন হৈছে

ভাৰতীয় ৰে’লৰ হাতত ৫১,০০০ হেক্টৰ ভূমি আছে, য’ত ২০গিগাৱাট ক্ষমতা সম্পন্ন সৌৰ বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হ’ব

ভাৰতীয় ৰে’লে ৬৯,০০০ ডবাত ২,৪৪,০০০তকৈও অধিক বায়’ টয়লেট স্থাপনৰ কাম সম্পূৰ্ণ কৰিছে

Posted On: 13 JUL 2020 12:55PM by PIB Guwahati

ভাৰতীয় ৰে মন্ত্ৰালয়ে ২০৩০ চনৰ ভিতৰত ৰে পৰিচালনাৰ ক্ষেত্রতগ্রীন ৰেলৱে লক্ষ্য হাতত লৈছে। এই উপলক্ষে ৰেল মন্ত্ৰালয়ে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজৰ অংশহিচাপে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে ৰেলৱে৷ ৰে পথক বিদ্যুতীকৰণ, মটিভ আৰু ৰেলৰ শক্তি ক্ষমতা আৰু গতি বৃদ্ধি, ৰেলৰ ডবাসমূহত বায়টয়লেট স্থাপন আৰু ইন্ধন খণ্ডত নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ দৰে একাধিক পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ ২০৩০ চনৰ ভিতৰত কার্বন নিৰ্গমণৰ পৰিমাণ শূন্যলৈ হ্ৰাস কৰা লক্ষ্যৰে এই প্ৰচেষ্টা লোৱা হৈছে৷

ভাৰতীয় ৰেলে ৪০ হাজাৰ কিলোমিটাৰতকৈও অধিক পথ বিদ্যুতীকৰণৰ কাম সম্পন্ন কৰিছে৷ ২০১৪-২০২০ সময়ছোৱাৰ ভিতৰত ১৮,৬০৫ কিলোমিটাৰ পথত বিদ্যুতীকৰণৰ কাম সম্পন্ন হৈছে। পূর্বেতে ২০০৯-১৪ চনৰ ভিতৰত মাত্ৰ ,৮৩৫ কিলোমিটাৰ পথত বিদ্যুতীকৰণৰ কাম হৈছিল। ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতীয় ৰেলে ,০০০ কিলোমিটাৰ পথত বিদ্যুতীকৰণৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো ব্ৰডগজ নেটৱর্ক পথত বিদ্যুতীকৰণৰ কাম শেষ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ ভিডৰ সময়তো ৩৬৫ কিলোমিটাৰ পথত সংযোগ স্থাপনৰ কাম কৰা হৈছে৷

ইয়াৰে ভিতৰত উল্লেখযোগ্য হৈছে মুম্বাই-হাওৰা হৈ এলাহাবাদ পথত কাটনি-ছাতনা বিভাগত ৯৯ কিলোমিটাৰ পথ আৰম্ভ কৰা হৈছে৷ ভিড-১৯ পৰিস্থিতিৰ মাজতো মুম্বাই-হাওৰা পথৰ এক বিকল্প এই পথ আৰম্ভ কৰা হৈছে৷ একেদৰে পাচোৰী-মিকচি বিভাগত ইণ্ডোৰ-গুনা-বীনা পথটো মাকছি-ভূপাল-বীনা পথৰ বিকল্প হিচাপে সংযোগ কৰা হৈছে৷ হাওৰা/শিয়ালদাহহ-এথভিডি কাটৰা হৈ পাটনা পথটো ভাগলপুৰ-শিবনাৰায়নপুৰ বিভাগত অন্তর্ভুক্ত কৰা হৈছে৷

ভাৰতীয় ৰেলে সৌৰশক্তি ক্ষেত্রত সাহ যোগাই একাধিক পদক্ষেপ গ্ৰহণ কৰিছে৷ এই ক্ষেত্রত ভাৰতীয় ৰেলে ছাঁদৰ ওপৰত ৫০০ মেগাৱাট বিদ্যু পাদন ক্ষমতা সম্পন্ন সৌৰ পেনেল স্থাপনৰ কাম হাতত লৈছে৷ বৰ্তমানলৈকে বিভিন্ন ভবনৰ ওপৰত ১০০ মেগাৱাট সৌৰ বিদ্যু পাদনত সক্ষম সৌৰ পেনেল আৰম্ভ কৰা হৈছে৷ ইয়াৰ ভিতৰত ৯০০টা ষ্টেচনো আছে। ইতিমধ্যে ২৪৫ মেগাৱাট সৌৰ বিদ্যু পাদনত সক্ষম সৌৰ পেনেল স্থাপনৰ বাবে নিবিদা আহ্বান কৰা হৈছে৷ এই প্ৰকল্পৰ কাম ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত শেষ কৰাৰ পৰিকল্পনা লোৱা হৈছে৷

ভাৰতীয় ৰেলে চলন্ত ৰেলৰ বাবে বিদ্যু যোগানৰ ক্ষেত্রত ভূমিৰ ওপৰত স্থায়ী সৌৰ পেনেল স্থাপনৰ প্ৰচেষ্টা লোৱা হৈছে। ভাৰতীয় ৰেলৰ হাতত ৫১,০০০ হেক্টৰ ভূমি আছে, ২০গিগাৱাট ক্ষমতা সম্পন্ন সৌৰ বিদ্যু কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হব৷ ৰেলৱে শক্তি ব্যৱস্থাপনা কোম্পানী লিমিটেডৰ সৈতে যুটীয়াভাবে ভাৰতীয় ৰে আৰু আৰআইটিইএছ লিমিটেডে ভূমিত স্থায়ী সৌৰ বিদ্যু কেন্দ্ৰ স্থাপনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে৷

ভাৰত হেভী ইলেট্রিকেলছ লিমিটেড(ভেল) সহযোগিতায় মধ্যপ্ৰদেশৰ বীনাত . মেগাৱাটৰ এক প্ৰকল্প ইতিমধ্যে স্থাপন কৰা হৈছে৷ বর্তমান এইটো পৰীক্ষণ পৰ্যায়ত আছে। এইটো বিশ্বৰ প্ৰথম ৰেলৰ বাবে বিদ্যু যোগানকাৰী প্ৰকল্প৷

ভূমিভিত্তিক সৌৰ প্ৰকল্পৰ বাবে ভাৰতীয় ৰেলে গিগাৱাটলৈকে সৌৰ বিদ্যু পাদনৰ কাম হাতত লৈছে৷ এই প্ৰকল্পৰ কাম তিনিটা পর্যায়ত ভাগ কৰা হৈছে৷ প্ৰথম পর্যায়ত ২০২০ চনৰ এপ্রিল মাহৰ ভিতৰত . গিগৱাট ক্ষমতাসম্পন্ন সৌৰ বিদ্যু পাদনৰ বাবে নিবিদা আহ্বানৰ কাম সম্পন্ন হৈছে৷ দ্বিতীয় পর্যায়ত ৰেলৱে শক্তি ব্যৱস্থাপনা কোম্পানী লিমিটেডৰ মালিকানাধীন আৰ্হিৰ অধীনত ৰেলৰ ভূমিত ৪০০ মেগাৱাট ক্ষমতা সম্পন্ন সৌৰ বিদ্যু পাদনৰ কাম কৰা ব৷ ১৬ জুনৰ পৰাৰ ইয়াৰ নিবিদা প্ৰক্রিয়া আৰম্ভ হৈছে৷ তৃতীয় পর্যায়ত জুলাইৰ পৰা সেই প্ৰকল্পত গিগাৱাট ক্ষমতা সম্পন্ন সৌৰ বিদ্যু পাদনৰ কামৰ বাবে নিবিদা আহ্বান কৰাটো আৰম্ভ কৰা হৈছে৷য

ভাৰতীয় ৰেল বায়ুচালিত বিদ্যু পাদনৰ ক্ষেত্রতো প্ৰচেষ্টা হাতত লৈছে৷ ১০৩ মেগাৱাট ক্ষমতা সম্পন্ন বায়ুচালিত বিদ্যু পাদন কেন্দ্ৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ ইয়াৰে ভিতৰত ৰাজস্থানৰ জয়চালমেৰত ২৬, তামিলনাড়ুৰ ২১ আৰু মহাৰাষ্ট্রত ৫৬. মোগাৱাট এই বায়ুচালিত বিদ্যু কেন্দ্ৰ আছে। ভাৰতীয় ৰেলে অহা বছৰৰ ভিতৰত তামিলনাড়ু, গুজৰাট, ৰাজস্থান আৰু কর্ণাটকত ২০০ মেগাৱাট ক্ষমতা সম্পন্ন বিদ্যু পাদন কেন্দ্ৰ ঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷


জলবায়ু পৰিৱর্তন ৰোধ তথা সেউজীয়াকৰণৰ লক্ষ্যৰে ভাৰতীয় ৰেলে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। ৰে বিভাগৰ ভৱন আৰু ষ্টেচনসমূহত এলইডি বাল্ব লগোৱা হৈছে৷ ৩৯টা কৰ্মশালা, ৭টা পাদন কেন্দ্ৰ, ৬টা ডিজেল শ্বেড, এটা ষ্টোৰ ডিপোত সেউজকৰণৰ প্ৰচেষ্টা লোৱা হৈছে৷ তদুপৰি, ২১৫টা ষ্টেচনত পৰিৱেশ অনুকূল ব্যৱস্থাপনা আৰম্ভ কৰা হৈছে৷

মুঠ ৫০০জোৰা পৰিচালন ব্যয় হ্ৰাস কৰা হৈছে৷ ইয়াৰ জৰিয়তে প্ৰতি বছৰ প্ৰায় ৪৫০ কোটি টকা মূল্যৰ ৭০মিলিয়ন লিটাৰ ডিজেল ৰাহি হৈছে৷ বণিকগোষ্ঠী চিআইআইৰ সৈতে বুজাবুজি পত্ৰ স্বাক্ষৰৰ চুক্তি অনুসৰি ৮টা পাদন কেন্দ্ৰ আৰু ১২টা ৱর্কশপৰ দক্ষতা বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলত ১৫ শতাংশতকৈও অধিক বিদ্যু ৰাহি হৈছে৷

ভাৰতীয় ৰেলে গ্ৰীণ ৰেলৱে যি লক্ষ্য হাতত লৈছে তাৰ অংশ হিচাপে ৬৯,০০০ ডবাত ,৪৪,০০০তকৈও অধিক বায় টয়লেট স্থাপনৰ কাম সম্পূৰ্ণ কৰিছে৷

 

***

DJN/MKV/SK/DB



(Release ID: 1638559) Visitor Counter : 259