গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

কেবিনেটে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে জুলাইৰ পৰা নবেম্বৰ, ২০২০ৰ পাঁচ মাহৰ বাবে নিঃশুল্ক চানা বিতৰণৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ বিস্তাৰত অনুমোদন দিয়ে

Posted On: 08 JUL 2020 4:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই কোভিড-১৯ৰে আৰ্থিক স্তৰত মোকাবিলা কৰাৰ এটা অংশ হিচাপে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই)ক আৰু পাঁচ মাহ-জুলাইৰ পৰা নবেম্বৰ ২০২০ পৰ্যন্ত বিস্তাৰিত কৰাৰ ক্ষেত্ৰত অনুমোদন প্ৰদান কৰে।

 

যোজনাৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধিনিয়ম, ২০১৩ (এনএফএছএ)ৰ সকলো হিতাধিকাৰী পৰিয়ালক অহা পাঁচ মাহ-জুলাইৰ পৰা নবেম্বৰ, ২০২০ পৰ্যন্ত প্ৰতি মাহত ১ কিলো চানাৰ নিঃশুল্ক বিতৰণৰ বাবে ৰাজ্যসমূহ/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক ৯.৭ লাখ এম টি চানা বিতৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, যাৰ আনুমানিক ব্যয় ৬,৮৪৯.২৪ কোটি টকা।

 

যোজনাৰ জৰিয়তে প্ৰায় ১৯.৪ পৰিয়ালক সামৰি লোৱা হ'ব। বিস্তাৰিত পিএমজিকেএৱাইৰ সকলো খৰচ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বহন কৰা হ'ব। যোজনাৰ বিস্তাৰ ভাৰত চৰকাৰৰ সংকল্পবদ্ধতাৰ পৰিণতি, যাৰ জৰিয়তে এই প্ৰচেষ্টা চলোৱা হৈছে যে অহা পাঁচ মাহলৈকে খাদ্যান্নৰ অপৰ্যাপ্ততাৰ বাবে কোনো লোকে, বিশেষকৈ কোনো দৰিদ্ৰ পৰিয়ালে জটিলতাৰ সন্মুখীন হ'বলগীয়া নহ'ব। এই পাঁচ মাহৰ সময়ত চনাৰ নিঃশুল্ক বিতৰণৰ দ্বাৰা উপৰিউক্ত সকলো লোকক প্ৰোটিনৰ পৰ্যাপ্ত উপলব্ধতাও সুনিশ্চিত হ'ব।

 

২০১৫-২০১৬ত স্থাপিত বাফাৰ ষ্টকৰ পৰা পেকেজৰ বাবে দাইলৰ বিতৰণ কৰা হ'ব। পিএমজিকেএৱাইৰ বিস্তাৰিত সময়ৰ ভিতৰত বিতৰণৰ বাবে ভাৰত চৰকাৰৰ হাতত চনাৰ পৰ্যাপ্ত ষ্টক আছে।

 

পিএমজিকেএৱাইৰ প্ৰথম চৰণ (এপ্ৰিলৰ পৰা জুন ২০২০ পৰ্যন্ত)ত ৪.৬৩ লাখ এম টি দাইলৰ বিতৰণ প্ৰথমতেই কৰা হৈছে, যাৰ জৰিয়তে দেশব্যাপি ১৮.২ কোটি পৰিয়াল লাভবান হৈছে।

 

পৃষ্ঠভূমিঃ

প্ৰধানমন্ত্ৰীয়ে ৩০ জুন, ২০২০ত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজক নবেম্বৰ, ২০২০ৰ শেষলৈকে বিস্তাৰিত কৰাৰ ঘোষণা কৰে যাতে কোৰোনা ভাইৰাছ আৰু লকডাউনৰ বাবে হোৱা আৰ্থিক ব্যৱধানৰ দ্বাৰা বঞ্চিত অথবা দৰিদ্ৰসকলৰ জটিলতা হ্ৰাস কৰিব পৰা যায়।

 

******

 

VRRK/SH



(Release ID: 1637385) Visitor Counter : 147