প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ECHSৰ অধীনত পৰিয়ালে প্ৰতি এটাকৈ পালছ অক্সিমিটাৰ প্ৰদানত সন্মতি

Posted On: 08 JUL 2020 1:13PM by PIB Guwahati

’ভিড-১৯ ত আক্ৰান্ত ৰোগীক নিৰীক্ষণৰ ক্ষেত্ৰত অক্সিজেন সংপৃক্তি (saturation) স্তৰ পৰিমাপ কৰাটো এটা অতি গুৰুত্বপূৰ্ণ স্থিতিমাপ (parameter)। ইয়াৰ পৰিপ্ৰেক্ষিতত তলত উল্লেখ কৰা চৰ্ত সাপেক্ষে এক্স-চাৰ্ভিছমেন কন্ট্ৰিবিউটৰী হেল্থ স্কিম (ECHS)ৰ হিতাধিকাৰীসকলৰদ্বাৰা ক্ৰয় কৰা পালছ অক্সিমিটাৰৰ ব্যয় পৰিশোধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয় (MoD)ৰ প্ৰাক্তন-সৈনিক কল্যাণ বিভাগ (DSEW)এঃ

(ক) ইচিএইচএছৰ যিসকল হিতাধিকাৰীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে তেওঁলোকক পৰিয়ালে প্ৰতি এটাকৈ পালছ অক্সিমিটাৰ ক্ৰয়ৰ অনুমতি প্ৰদান কৰা হৈছে। অৰ্থাৎ ইচিএইচএছৰ হিতাধিকাৰীৰ পৰিয়ালত এজনতকৈ অধিকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিলে, তেওঁলোকে মাত্ৰ এটা পালছ অক্সিমিটাৰৰ বাবেহে ধন লাভ কৰিবলৈ সক্ষম হ’ব।

(খ) পালছ অক্সিমিটাৰৰ প্ৰকৃত মূল্য সাপেক্ষেহে এই পৰিশোধযোগ্য ধন লাভ কৰিবলৈ সক্ষম হ’ব যাৰ সৰ্বোচ্চ সীমা ১,২০০ টকা।

ABB/Nampi/KA/DK/Savvy/ADA/SB



(Release ID: 1637324) Visitor Counter : 186