মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

২০২০-২১ শৈক্ষিক বৰ্ষৰ অৰ্থে চিবিএছইৰদ্বাৰা IX-XII শ্ৰেণীৰ পাঠ্যক্ৰমৰ সংশোধন ঘটোৱাৰ কথা সদৰী কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ

কৃতিত্ব অৰ্জনৰ গুৰুত্ব বিবেচনা কৰি, মূল ধাৰণাসমূহ একে ৰাখি পাঠ্যক্ৰম ৩০% পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে-মানৱ সম্পদ উন্নয়ন মন্ত্ৰী

Posted On: 07 JUL 2020 6:21PM by PIB Guwahati

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকই কয় যে দেশ আৰু বিশ্বত উদ্ভৱ হোৱা অস্বাভাৱিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৯ম ৰপৰা ১২ শ শ্ৰেণীৰ শিক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ বোজা হ্ৰাস কৰাৰ নিমিত্তে চিবিএছইক পাঠ্যক্ৰম সংশোধন কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছিল। সেই অনুসৰি, চিবিএছইয়ে ২০২০-২১ শৈক্ষিক বৰ্ষৰ কাৰণে IX-XII শ্ৰেণীৰ পাঠ্যক্ৰমৰ সংশোধন ঘটাইছে।

তদুপৰি তেওঁ জনাই যে কেইসপ্তাহমান পূৰ্বে, তেওঁ ছচিয়েল মিডিয়াত #SyllabusForStudents2020 ব্যৱহাৰ কৰি পাঠ্যক্ৰম হ্ৰাস কৰা সন্দৰ্ভত সকলো শিক্ষাবিদৰপৰা পৰামৰ্শ আহ্বান কৰিছিল। শ্ৰী নিশাংকই অৱগত কৰে, আমি ১.৫K ৰো অধিক পৰামৰ্শ লাভ কৰিছিলো। এই অভিভূতকাৰী সঁহাৰিৰ কাৰণে তেওঁ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে পাঠ্যক্ৰমত ঘটোৱা সাল-সলনিসমূহ কাৰিকুলাম কমিটি আৰু বৰ্ডৰ পৰিচালনা সমিতিৰ অনুমোদন সাপেক্ষে সংশ্লিষ্ট কৰ্ছ কমিটিসমূহৰদ্বাৰা চূড়ান্ত কৰা হয়।

দেশ আৰু বিশ্বৰ ভিন্ন প্ৰান্তত উদ্ভৱ হোৱা অস্বাভাৱিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পাঠ্যক্ৰম সংশোধনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। কৃতিত্ব অৰ্জনৰ গুৰুত্ব অনুধাৱন কৰিয়েই, মূল ধাৰণাটোক অক্ষত ৰাখি ৩০% পৰ্যন্ত যুক্তিসংগত কৰা গৈছে।

ৰ্ডৰদ্বাৰা বিদ্যালয়ৰ প্ৰধান আৰু শিক্ষকসকলক যিটো প্ৰসংগ (topic) বাদ দিয়া হৈছে সেই প্ৰসংগটোক আন প্ৰসংগ সাপেক্ষে সংযোগ কৰি ব্যাখা আগবঢ়োৱাটো সুনিশ্চিত কৰিবলৈ বৰ্ডৰদ্বাৰা পৰামৰ্শ প্ৰদান কৰা হৈছে। তথাপিও হ্ৰাস কৰা পাঠ্যক্ৰম অভ্যন্তৰীণ মূল্যায়ণ (Internal Assessment)ৰ অংশ নহয় আৰু বৰ্ডৰ শিক্ষান্ত পৰীক্ষাত ইয়াৰ অন্তৰ্গত প্ৰশ্ন সোধা নহয়। বিভিন্ন কাৰ্যপন্থা ব্যৱহাৰৰে পাঠ্যক্ৰম আদান-প্ৰদান সন্দৰ্ভত এনচিইআৰটিৰ বিকল্প শৈক্ষিক কেলেণ্ডাৰ আৰু ইনপুটসমূহ স্বীকৃত বিদ্যালয়সমূহৰ টিচিং পেডাগগীৰ অংশ হৈ থাকিব।

প্ৰাথমিক শ্ৰেণী (I-VIII)সমূহৰ কাৰণে সংশ্লিষ্ট বিদ্যালয়সমূহে এনচিইআৰটিৰদ্বাৰা নিৰ্ধাৰণ কৰি দিয়া বিকল্প শৈক্ষিক কেলেণ্ডাৰ আৰু লাৰ্নিং আউটকাম অনুসৰণ কৰিব লাগিব। সংশোধিত পাঠ্যক্ৰম চিবিএছইৰ শৈক্ষিক ৱেবচাইট www.cbseacademic.nic.in ত উপলব্ধ হৈছে।

*****

NB/AKJ/AK/SB



(Release ID: 1637157) Visitor Counter : 230