ৰেল মন্ত্ৰালয়

ৰেল ব’ৰ্ডৰ ৰেল স্বাস্থ্য সেৱা(ডিজিআৰএইচএছ)ৰ সঞ্চালক প্ৰধান ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ডাঃ বিষ্ণু প্ৰসাদ নন্দাই

Posted On: 06 JUL 2020 2:51PM by PIB Guwahati

ডাঃ বিষ্ণু প্ৰসাদ নন্দাই ৰেল বৰ্ডৰ ৰেল স্বাস্থ্য সেৱা(ডিজিআৰএইচএছ)ৰ সঞ্চালক প্ৰধান ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। তেওঁ ৰেলৱে বৰ্ডৰ স্বাস্থ্য বিভাগৰ সৰ্বোচ্চ পদত অধিস্থিত হৈছে। ইয়াৰ পূৰ্বে ডাঃ বি পি নন্দাই দক্ষিণ ৰেলৱেৰ প্ৰধান মুখ্য চিকিত্সা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 

ডাঃ নন্দাই ১৯৮৩ চনত ইউপিএছচিৰ সংযুক্ত চিকিত্সা সেৱা পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি ভাৰতীয় ৰেলৱেৰ চিকিত্সা সেৱাৰ বাবে বাছনিভুক্ত হৈছিল। ১৯৮৪ চনৰ ১৪ নৱেম্বৰত তেওঁ দক্ষিণ পূৱ ৰেলৱেৰ খড়গপুৰ মাণ্ডলিক হাস্পতালত যোগদান কৰি ভাৰতীয় ৰেলৱে চিকিত্সা সেৱাৰ সৈতে জড়িত পৰে।

 

চৰ্তাধীন নিযুক্তিৰ কাল সম্পূৰ্ণ হোৱাৰ পাছত ডাঃ নন্দা মধ্যপ্ৰদেশৰ নাগপুৰ ডিভিজনৰ অন্তৰ্গত চিন্দৱাড়া স্বাস্থ্য ইউনিটত সহযোগী মাণ্ডলিক চিকিত্সা বিষয়া হিচাপে নিযুক্ত হয় আৰু পাছত ৰাঁচীৰ হাতীয়া ৰেলৱে হাস্পতাললৈ তেওঁক বদলি কৰা হয় যত তেওঁ ৭বছৰ কাৰ্যনিৰ্বাহ কৰে। পাছত তেওঁক ভুৱনেশ্বৰৰ মানচেশ্বৰ হাস্পতাললৈ বদলি কৰা হয়। ডাঃ নন্দাই ১৯৯৪-৯৭ চনত ইএনটি বিভাগত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ইএনটি বিশেষজ্ঞৰূপে ১৯৯৭ৰ পৰা ২০১২ চনলৈকে ১৫ বছৰ আদ্ৰা মাণ্ডলিক ৰেলৱে হাস্পতালত কাম কৰে।

 

ছাগ পৰ্যায়লৈ পদোন্নতি হোৱাৰ পাছত চক্ৰধৰপুৰ মণ্ডলৰ মুখ্য চিকিত্সা অধীক্ষক হিচাপে ডাঃ নন্দাই প্ৰশাসনিক কেৰিয়াৰ আৰম্ভ কৰে আৰু ২০১৮লৈকে আদ্ৰা(পূৱ ৰেলৱে)আৰু মাদ্ৰাজ(দক্ষিণ ৰেলৱে)ত অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পাছত দক্ষিণ ৰেলৱেৰ প্ৰধান মুখ্য মেডিকেল সঞ্চালক পদলৈ পদোন্নীত হয়, যি অতি সন্মানীয় আয়ানাবৰমৰ পেৰাম্বুৰ ৰেলৱে হাস্পতালকে ধৰি ৬খন মাণ্ডলিক হাস্পতালৰে গঠিত।

 

দক্ষিণ ৰেলৱেৰ প্ৰধান মুখ্য চিকিত্সা সঞ্চালক হিচাপে ডাঃ নন্দাই মণ্ডলটোৰ বাবে ঔষধ আৰু শল্য চিকিত্সাৰ সৈতে জড়িত সৰঞ্জামৰ ই-ক্ৰয় প্ৰক্ৰিয়া কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তেওঁৰ সুদক্ষ নেতৃত্বত চিকিত্সা বিভাগে ই-ক্ৰয় সম্পূৰ্ণ কৰিছে আৰু সকলো মণ্ডলকে সমবিতৰণৰ নিশ্চিতি প্ৰদান কৰিছে। চিকিত্সা ক্ষেত্ৰৰ শেহতীয়া অগ্ৰগতিৰ সৈতে আইআৰএইচএছ কেডাৰক উন্নীত কৰিবলৈ শৈক্ষিক কাৰ্যকলাপে গতি লাভ কৰিছে। তেওঁৰ কাৰ্যকালত মণ্ডল পৰ্যায়ত দুটাকৈ চিএমই কাৰ্যসূচী আৰু এটা সৰ্বভাৰতীয় চিএমই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

 ********************************************************

DJN/SG/MKV/KG



(Release ID: 1636992) Visitor Counter : 160