প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘আত্মনিৰ্ভৰ ভাৰত ইন’ভেশ্যন চেলেঞ্জ’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 JUL 2020 5:06PM by PIB Guwahati

দেশৰ নাগৰিকসকলে ইতিমধ্যে ব্যৱহাৰ কৰি থকা আৰু উত্কৰ্ষ সাধনৰ জৰিয়তে নিজ নিজ শ্ৰেণীত বিশ্ব মানৰ এপ্ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনীয়তা থকা ভাৰতীয় এপ্-সমূহৰ ভিতৰত শ্ৰেষ্ঠ এপ্-সমূহ চিনাক্ত কৰি উলিওৱাৰ লক্ষ্যৰে আয়োজন কৰা আত্মনিৰ্ভৰ ভাৰত ইনভেশ্যন চেলেঞ্জ শীৰ্ষক কাৰ্যক্ৰমৰ আজি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

বিশ্ব মানৰ মেড ইন ইণ্ডিয়া এপ্ যুগুতাই উলিওৱাৰ বাবে আজিৰ তাৰিখত প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ষ্টাৰ্ট-আপ প্ৰতিষ্ঠানসমূহৰ মাজত বিশেষ উদ্দীপনাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ এই উদ্দীপনাক অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে @GoI_MeitY and @AIMtoInnovate আত্মনিৰ্ভৰ ভাৰত এপ্ ইনভেশ্যন চেলেঞ্জ শীৰ্ষক কাৰ্যক্ৰমৰ আয়োজন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাই কয়, যিসকলে এনে ধৰণৰ এপ্ যুগুতোৱাৰ কামত ব্ৰতী হৈ আছে অথবা যিসকলে এই ক্ষেত্ৰত বিশেষ দক্ষতা আৰু পাৰদৰ্শী দৃষ্টিভংগীৰ স্বাক্ষৰ বহণ কৰিছে, এই প্ৰত্যাহ্বান সেইসমূহ প্ৰতিষ্ঠানৰ বাবে। মই প্ৰযুক্তি ক্ষেত্ৰৰ সকলো বন্ধুকে এই চেলেঞ্জত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো

--

******

VRRK/VJ/KB



(Release ID: 1636759) Visitor Counter : 147