উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

কভিডোত্তৰ কালত ভাৰতক এক অৰ্থনৈতিক শক্তি গৃহলৈ উত্থানত উত্তৰ-পূৰ্বাঞ্চলে নেতৃত্ব লবঃ ডঃ জীতেন্দ্ৰ সিং

উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা আত্মসহায়ক গোটসমূহে উন্নয়নৰ জখলাৰ নতুন উচ্চতাত আৰোহণ কৰিছেঃ ডঃ জীতেন্দ্ৰ সিং

Posted On: 04 JUL 2020 5:13PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন(ডনাৰ),প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী, ব্যক্তিগত, ৰাজহুৱা অভিযোগ,পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে আজি কয় যে কভিডোত্তৰ কালত ভাৰতক এক অৰ্থনৈতিক শক্তি গৃহলৈ উত্থান কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলে ইয়াৰ বৃহত্ পৰিমাণৰ প্ৰাকৃতিক আৰু দক্ষ মানৱ সম্পদেৰে নেতৃত্ব দিব। কৰনা মহামাৰীৰ সফল পৰিচালনাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা শক্তিয়ে(মাতৃশক্তি)অৰ্থনৈতিক কাৰ্যকলাপৰ সকলো দিশতে নেতৃত্ব দিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এখন ৱেবিনাৰৰ জৰিয়তে তেওঁ নৰ্থ ইষ্টাৰ্ন ৰিজিঅন কমিউনিটী ৰিচৰ্ছ এণ্ড মেনেজমেণ্ট প্ৰগ্ৰেম(NERCORMP)ৰ সৈতে জড়িত ভালেমান আত্মসহায়ক গোটৰ সৈতে মত বিনিময় কৰে। ডঃ জীতেন্দ্ৰ সিঙে কয় যে শ্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ অধীনত যোৱা ৫ বছৰত উত্তৰ-পূৰ্বাঞ্চলে বিকাশৰ এক আৰ্হি হিচাপে

আগুৱাই গৈছে আৰু ষষ্ঠ বছৰত অতি কম সংখ্যক সংক্ৰমণ আৰু এতিয়ালৈকে ৮ ৰাজ্যত ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ সংখ্যাৰে কৰনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ই এক আদৰ্শ আৰ্হি হিচাপে আগুৱাই গৈছে।

  

ডঃ জীতেন্দ্ৰ সিঙে কয় যে শ্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলক সদায়ে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ২০১৪ চনত মোডী চৰকাৰে শাসনভাৰ লোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে কৈছিল যে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অধিক উন্নত অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা হাতত লোৱা হব। যোৱা ৬বছৰত কেৱল উন্নয়নমূলক ব্যৱধানেই সফলতাৰে জোৰা লগোৱা হোৱা নাই, উত্তৰ-পূৰ্বাঞ্চলে মনস্তাত্বিক বিশ্বাসো লাভ কৰিছে। তেওঁ কয় যে ভাৰতৰ কভিডোত্তৰ অৰ্থনীতিত বাঁহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু বাঁহ আৰু আন সম্পদসমূহৰ সহায়ত ভাৰতক এক অৰ্থনৈতিক শক্তি গৃহলৈ আগুৱাই যোৱাৰ সুযোগ প্ৰদান কৰিব, ইয়াৰ উপৰি প্ৰায় কৰনা মুক্ত হৈ থকা বাবে অঞ্চলটোৱে আগন্তুত ঋতুত বৃহত্ পৰ্যটন সম্ভাৱনাৰ সৃষ্টি কৰিব।

 

ডঃ জীতেন্দ্ৰ সিঙে কয় যে ভাৰতৰ বাঁহ ভৰাঁলৰ ৬০ শতাংশই উত্তৰ পূৱৰ আৰু এয়া এক বৃহত্ লাভ যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এই খণ্ডটোৱে যিধৰণৰ গুৰুত্ব লাভ কৰিছে সেয়া স্বাধীনতাৰ পাছৰ পৰা কেতিয়াও পোৱা নাছিল। এইক্ষেত্ৰত তেওঁ ২০১৭ চনত মোডী চৰকাৰে সংশোধন কৰা ১০০ বছৰ পুৰণি ভাৰতীয় বন আইনৰ কথা উল্লেখ কৰে, যাৰ ফলস্বৰূপে বাঁহৰ পৰা জীৱন ধাৰণৰ সুযোগ বৃদ্ধিৰ উদ্দ্যেশ্যে ঘৰুৱা বাঁহক ইয়াৰ পৰা ৰেহাই দিয়া হয়।তেওঁ কৰনা মহামাৰী অন্ত পৰাৰ পাছত দেশৰ ৰাজধানীত আত্মসহায়ক গোটসমূহৰ দ্বাৰা উত্পাদিত সামগ্ৰীৰ এক প্ৰদৰ্শনী আয়োজন কৰাৰ কথাও উল্লেখ কৰে।

 

ডঃ জীতেন্দ্ৰ সিঙে কয় যে অঞ্চলটোৰ পথ, ৰেল আৰু বিমান যোগাযোগৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি হৈছে, যিয়ে কেৱল এই অঞ্চলটোৰেই নহয়, সমগ্ৰ দেশতে সামগ্ৰী আৰু ব্যক্তিৰ চলাচল সুগম কৰি তুলিছে। অৰুণাচল আৰু মেঘালয়ৰ দৰে ৰেল যোগাযোগ ব্যৱস্থা নথকা ৰাজ্য এতিয়া দেশৰ ৰাজধানীৰ সৈতে ৰেলৰে সংযুক্ত হৈছে। একেদৰে ছিকিমৰ দৰে ৰাজ্যই প্ৰথমবাৰৰ বাবে বিমান বন্দৰ দেখিবলৈ পাইছে। তেওঁ আৰু কয় যে পুণেৰ পাছত অৰুণাচলত অতি শীঘ্ৰে এটা ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট স্থাপন কৰা হব। উত্তৰ-পূৱৰ ১৪ খন আকাংক্ষিত জিলাৰ কথা উল্লেখ কৰি ডঃ সিঙে কয় যে ৪৯টা প্ৰধান সূচকাংকৰ ওপৰত ভিত্তি কৰি এই আকাংক্ষিত জিলাৰ ধাৰণা তৈয়াৰ কৰা হৈছে, যাৰ স্বাস্থ্যৰ স্থিতি এক গুৰুত্বপূৰ্ণ অংশ আছিল। তেওঁ আৰু কয় যে আকাংক্ষিত জিলাসমূহৰ সৰ্বোত্তম কাৰ্যসমূহ ভাৰতৰ বাকী অংশৰ সৈতে ভগাই দিয়া হব।

 

মহিলা আত্মসহায়ক গোটৰ অধিকাংশ সদস্যই মন্ত্ৰীগৰাকীক জনাই যে নৰ্থ ইষ্টাৰ্ন ৰিজিঅন কমিউনিটী ৰিচৰ্ছ এণ্ড মেনেজমেণ্ট প্ৰগ্ৰেম(NERCORMP)ৰ পৰা লাভ কৰা ৰিভলভিং ফাণ্ডে তেওঁলোকৰ জীৱন সুন্দৰ কৰি সলনি কৰি পেলাইছে।উদ্যান শস্য, চাহ, বাঁহ, গাহৰি পালন, ৰেচম শিল্প, পৰ্যটনৰ দৰে প্ৰকল্পসমূহক আকাংক্ষিত প্ৰেৰণা দিয়াৰ বাহিৰেও আত্মসহায়ক গোটসমূহৰ সদস্যসকলে বৃহত্ পৰিমাণত মাস্ক আৰু চেনিটাইজাৰ উত্পাদন কৰি বিতৰণ কৰিছে। লকডাউনৰ সময়ত আৰ্তজনলৈ বিনামূলীয়া ৰেচন দিয়াৰ বাবে তেওঁলোকে সম্পদসমূহ একত্ৰিতও কৰিছে।

 

ৱেবিনাৰত উত্তৰ-পূৰ্বাঞ্চলৰ আত্মসহায়ক গোটৰ উপৰি উত্তৰ- পূৱ পৰিষদ(এনইচি)ৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।   

****

SNC/SS/KG



(Release ID: 1636749) Visitor Counter : 184