পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

সৰ্ব ভাৰতীয় পৰ্যটক বাহন প্ৰাধিকৰণ আৰু অনুমোদন অধিনিয়ম, ২০২০ সন্দৰ্ভত মতামত আহ্বান

প্ৰস্তাৱিত নতুন আইনে পর্যটনৰ প্ৰসাৰ হোৱাৰ সমান্তৰালভাৱে ৰাজ্যসমূহৰ ৰাজহো বৃদ্ধি কৰিব

Posted On: 03 JUL 2020 9:32AM by PIB Guwahati

দেশত পর্যটনৰ প্ৰসাৰৰ বাবে কেন্দ্রীয় যান-বাহন আইন ১৯৮৯ৰ অধীনত নেচনেল পাৰিমিট ব্যৱস্থাত সংশোধন সম্পর্কীয় বিজ্ঞপ্তি প্ৰকাশ কৰিছে কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়৷ নেছনেল পাৰিমিট ব্যৱস্থাৰ অধীনত সামগ্ৰী পৰিবাহী যান চলাচলত সাফল্যৰ পাছত মন্ত্ৰালয়ে পর্যটকসকলৰ যানবাহনৰ সুস্থ যাতায়াতৰ বিষয়ে সংশ্লিষ্ট আইনৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ মন্ত্ৰালয়ে পর্যটকৰ যানবাহনৰ সুস্থ যাতায়াতৰ বাবে যোৱা ১জুলাইত সৰ্ব ভাৰতীয় পৰ্যটক বাহন প্ৰাধিকৰণ আৰু অনুমোদন অধিনিয়ম ২০২০ প্ৰকাশ কৰে৷ নতুন এই আইন সম্পর্কে জনসাধাৰণ আৰু সংশ্লিষ্ট সকলো পক্ষৰ মতামত আহ্বান জনোৱা হৈছে৷ নতুন এই আইন কার্যকৰী লে পর্যটনৰ প্ৰসাৰ হোৱাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰসমূহৰ ৰাজহো বৃদ্ধি পাব৷ উল্লেখ্য যে পর্যটক যানবাহন আইন, ২০২০ৰ সন্দৰ্ভত পৰিবহণ উন্নয়ন পৰিষদৰ ৩৯তম বৈঠকত আলোচনা হয়৷


নতুন এই আইনৰ অধীনত যিকোনো পর্যটক যানবাহনৰ মালিকসকলে অনলাইনযোগে সৰ্ব ভাৰতীয় পৰ্যটন প্ৰাধিকৰণ বা অনুমতিৰ বাবে আবেদন জনাব পাৰিব৷ সেয়েহে অনলাইনত আবেদনৰ সমান্তৰালভাৱে এই ধৰণৰ অনুমতিৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ ৩০ দিনৰ ভিতৰত আইন অনুসৰি প্ৰযোজ্য মাছুল জমা কৰিব লাগিব৷


অনুমতি পত্ৰ দিয়াৰ পাছত সেয়া তিনি মাহৰ পৰা তিনি বছৰ পর্যন্ত বৈধ হব৷ দেশৰ এনে কেতবোৰ এলেকা আছে পর্যটকৰ অহা-যোৱা এটা বতৰতে সীমাবদ্ধ থাকে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পর্যটক যানবাহনসমূহৰ মালিকৰ আর্থিক স্বচ্ছলতাৰ বিষয়টো বিবেচনা কৰি অনুমতি পত্ৰৰ ম্যাদ তিনি মাহৰ পৰা তিনি বছৰ কৰা হৈছে৷

মন্ত্ৰালয়ে জনোৱা মতে যিসসমূহ পর্যটক যানবাহনৰ ক্ষেত্রত অনুমতি পত্ৰৰ ম্যাদ এতিয়াও শেষ হোৱা নাই সেইসমূহ বৈধ থাকিব৷ বিগত ১০-১৫ বছৰত দেশত ভ্ৰমণ আৰু পর্যটন উদ্যোগ যথেষ্ট পৰিমাণে অগ্ৰগতি হৈছে দেশ-বিদেশৰ পর্যটকসকলৰ অহা-যোৱাৰ ফলতে পর্যটন উদ্যোগৰ বিকাশ হৈছে বুলি ধাৰণা কৰা হৈছে৷

                                                                           ***

RCJ/MS/DB



(Release ID: 1636201) Visitor Counter : 153