ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

প্ৰেছ বিজ্ঞপ্তি

দেশত ক’ভিড-১৯ সম্পৰ্কীয় পালছ অক্সিমিটাৰ আৰু অক্সিজেন কনচেনট্রেটৰৰ দৰে জৰুৰী চিকিৎসা সৰঞ্জামৰ মূল্যবৃদ্ধিৰ ওপৰত নিৰীক্ষণ কৰি আছে এনপিপিএই

Posted On: 02 JUL 2020 4:31PM by PIB Guwahati

দেশত ভিড-১৯ৰ সংক্ৰমণ মোকাবিলা কৰিবলৈ চিকিসাজনিত দিশৰ পৰা জৰুৰী সৰঞ্জামসমূহৰ পর্যাপ্ত যোগান বজাই ৰখাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে সর্বাত্মক প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই ধৰণৰ জৰুৰী চিকিসা সৰঞ্জামৰ এক তালিকা চিনাক্ত কৰিছে আৰু এই সৰঞ্জামৰ যোগান বজাই ৰখাৰ বাবে নেচনেল ফার্মাচিউটিকেল প্রাইছিং অথৰিটী(এনপিপিএ) অনুৰোধ জনাইছে৷

গ্রাহকসকলৰ স্বার্থত সুলভ মূল্যত জীৱনদায়িনী ঔষধ আৰু চিকিসা সৰঞ্জামৰ পর্যাপ্ত যোগান সুনিশ্চিত কৰাৰ প্ৰতি চৰকাৰ দায়বদ্ধ। যিসমূহ চিকিসা সৰঞ্জামক ঔষধ হিচাপে বিজ্ঞাপনত প্ৰচাৰ কৰা হৈছে, সেইবোৰৰ সকলোৱেই নিয়ন্ত্ৰণমূলক পৰিকাঠামো ব্যৱস্থাৰ অধীনলৈ আহিছে। জৰুৰী চিকিসা সৰঞ্জামৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ এনপিপিএই পাদক বা আমদানিকাৰক সকল পৰা পালছ অক্সিমিটাৰ আৰু অক্সিজেন কনচেনট্রেটৰৰ মূল্য সম্পৰ্কীয় তথ্য বিচাৰি পঠিয়াইছে। ইয়াৰ উদ্দেশ্য হৈছে যোৱা এপ্রিলত জাৰি কৰা মূল্য তালিকাৰ তুলনাত এই দুবিধ জৰুৰী চিকিসা সৰঞ্জামৰ মূল্য যাতে এক বছৰৰ ভিতৰতে ১০ শতাংশতকৈ অধিক বৃদ্ধি নাপায়। এনপিপিএৰ ফালৰ পৰা যোৱা জুলাইত চিকিসা সৰঞ্জাম পাদনকাৰী উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে এক আলোচনাত পাদন বা আমদানিকাৰকসকলক মূল্য সুস্থিৰ ৰাখি দেশত জৰুৰী চিকিসা সৰঞ্জামৰ সৰবৰাহ আৰু যোগান সুনিশ্চিত কৰাৰ কথা কোৱা হয়। ইয়াৰ পৰিপ্রেক্ষিতত চিকিসা সৰঞ্জাম পাদক উদ্যোগ স্ংস্থাসমূহৰ জৰুৰী চিকিসা সৰঞ্জামৰ খুচুৰা মূল্য হ্ৰাস কৰাৰ আহ্বান জনোৱা হৈছে। এই উদ্যোগ সংস্থাসমূহৰ সৈতে অনুষ্ঠিত বৈঠকত জনোৱা হয় যে চিকিসা সৰঞ্জামৰ মূল্য নিয়ন্ত্ৰণ বিষয়টো ড্রাগ এণ্ড কছমেটিক্স এক্ট, ১৯৪০ৰ বিভিন্ন ধাৰানুযায়ী নিয়ন্ত্রিত হৈ থাকে। সেই মতে জৰুৰী চিকিসা সৰঞ্জামৰ মূল্যবৃদ্ধিৰ বিষয়টোৱে সেই আইনৰ ২০ নং ধাৰাৰ অধীনত নিয়ন্ত্ৰণৰ দায়িত্ব আছে এনপিপিএ। বৈঠকত চিকিসা সৰঞ্জাম পাদন সংস্থাসমূহক জৰুৰী চিকিসা সৰঞ্জামৰ খুচৰা মুল্য হ্ৰাস কৰাৰ লগতে বর্তমান পৰিস্থিতিৰ প্ৰতি বিবেচনা কৰি বৃহত্তৰ জনস্বার্থৰ খাতিৰত এন-৯৫ মাস্কৰ দামো হ্ৰাস কৰিবলৈ কোৱা হৈছে৷

 

নেচনেল ফার্মাচিউটিকেল প্রাইছিং অথৰিটী, ফাৰ্মাচিউটিকেল বিভাগ

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰ

নতুন দিল্লী, জুলাই, ২০২০৷

******

 

RCJ /RKM/DB



(Release ID: 1636104) Visitor Counter : 194