কৃষি মন্ত্ৰালয়

খাৰিফ ঋতুত অধিকতম শস্য উত্পাদনৰ বাবে কৃষকক সৰ্বোত্তম কৃষি পদ্ধতি অৱলম্বনৰ আহ্বান কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰৰ

কভিড-১৯ লকডাউনৰ সময়ত কৃষকসকলৰ কৰ্তব্যনিষ্ঠাৰ শলাগ লৈ কৃষকলৈ লিখা পত্ৰত শ্ৰী তোমৰে কয় যে কৃষি উত্পাদন দেশৰ অৰ্থনীতিৰ ৰাজহাড় হৈ পৰিছেঃ কৃষি আৰু গাঁও আত্মনিৰ্ভৰ ভাৰতৰ কেন্দ্ৰ

Posted On: 01 JUL 2020 2:19PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে কৃষিক লাভজনক কৰ্মত পৰিণত কৰাৰ বাবে কৃষিভূমিৰ আকাৰ-আয়তনৰ বিষয়ৰ ওপৰত গুৰুত্ব দি বিভিন্ন প্ৰজাতিৰ শস্য উত্পাদনৰ বাবে কৃষকসকলৰ প্ৰতি আহ্বান জনাইছে।

 

কৃষকসকলৰ উদ্দেশ্যে লেখা এখন চিঠিত শ্ৰী তোমৰে কয় যে বৰ্ষা ঋতুৰ আৰম্ভণিতে দেশৰ অধিকাংশ এলেকাতেই বীজ ৰোপণৰ কাম প্ৰায় অন্তিম পৰ্যায়ত। অৱশ্যে কিছু কিছু অঞ্চলত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। পত্ৰখনত শ্ৰী তোমৰে উল্লেখ কৰে যে তেওঁ কৃষকসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে যাতে তেওঁলোকক উত্পাদনশীলতা বঢ়াবৰ বাবে সৰ্বশ্ৰেষ্ঠ কৃষি পদ্ধতিসমূহ গ্ৰহণৰ বাবে উত্সাহিত কৰিব পৰা যায়

 

লকডাউনৰ সময়ত জটিল পৰিস্থিতিত কৃষকসকলে যি দায়িত্ব আৰু নিষ্ঠাৰে কৃষি কৰ্ম কৰিছে তাৰ বাবে তেওঁলোক প্ৰশংসাৰ পাত্ৰ বুলি অভিহিত কৰি শ্ৰী তোমৰে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ সুদক্ষ নেতৃত্বত সমগ্ৰ দেশে যোৱা তিনি মাহ কৰনা সংকটৰ বিৰুদ্ধে যথোপযুক্ত যুঁজ চলাই নিছে। কোনোধৰণৰ বাধা নোহোৱাকৈ ৰবি শস্যসমূহ চপোৱা আৰু বিক্ৰী প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছে। কৃষি উত্পাদন দেশৰ অৰ্থনীতিৰ ৰাজহাড় হৈ পৰিছে।

 

শ্ৰী তোমৰে তেওঁৰ পত্ৰত বহুতো ভাল কৃষি পদ্ধতিৰ কথা উল্লেখ কৰিছে, যেনে   খাৰিফ বতৰৰ প্ৰধান শস্য ধান ৰোৱা উত্তম পদ্ধতি, ঘাঁহ নিয়ন্ত্ৰণ, জৈৱ কীটনাশকৰ ব্যৱহাৰ, ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰৰ ব্যৱহাৰ, ভূমি হেল্থ কাৰ্ড অনুযায়ী পটাছ আৰু ফছফৰাছ সহ নাইট্ৰোজেনিয়াছ সাৰৰ সামঞ্জস্যপূৰ্ণ ব্যৱহাৰ আৰু কৃষিভূমিত সৰ্বশ্ৰেষ্ঠ জল ব্যৱস্থাৰ ব্যৱহাৰ আদি। মন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন ক্ষেত্ৰৰ আৱশ্যকতা সন্দৰ্ভত পত্ৰখনত বিস্তাৰিতভাৱে উল্লেখ কৰিছে।

 

পত্ৰৰ শেষত শ্ৰী তোমৰে উল্লেখ কৰে যে উপযুক্ত বীজ ৰোপণ প্ৰণালী আৰু শস্যৰ সুদক্ষ পৰিচালনা পদ্ধতি গ্ৰহণ কৰি কৃষি উত্পাদন কেইবাগুণো বৃদ্ধি কৰা সম্ভৱ। অৱশ্যে কৃষি উত্পাদন বৃদ্ধিৰ ক্ষেত্ৰত আগতীয়াকৈ উপযুক্ত পৰিকল্পনা, সঠিক সিদ্ধান্ত গ্ৰহণ আৰু মাটিত সেইসমূহ যথাযথ প্ৰয়োগৰ দৰে বিষয়সমূহো যুক্ত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ জয় জৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধান- এই মন্ত্ৰৰ উদ্ধৃতি দি শ্ৰী তোমৰে কয় যে আত্মনিৰ্ভৰ ভাৰত গঠনৰ বাবে কৃষি কৰ্ম আৰু গ্ৰামীণ বিকাশৰ দৰে বিষয়সমূহক মূল কোণত ৰখা হৈছে। তেওঁ কয় পৰ্যাপ্ত পৰিমাণৰ খাৰিখ শস্যৰ উত্পাদন সুনিশ্চিত কৰিব লাগিব। বৰ্তমান পৰিস্থিতিত কৃষকসকলে কেৱল নিজৰ বাবেই নহয়, সামগ্ৰিকভাৱে দেশৰ কল্যাণৰ বাবে কৃষি উত্পাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক গুৰু দায়িত্ব পালন কৰি আছে।

 

(কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা কৃষকলৈ লিখা পত্ৰৰ লিংক)

***************************************

APS/SG/KG



(Release ID: 1636103) Visitor Counter : 185