গৃহ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰাৰ সংকল্প আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ অধীনত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ে আজি নজন লোকক বে-আইনী কাম-কাজ (নিষেধ) অধিনিয়ম ১৯৬৭ৰ জৰিয়তে সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰে

Posted On: 01 JUL 2020 6:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী আৰু সুদৃঢ় নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কোনো ব্যক্তিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিবৰ বাবে আগষ্ট, ২০১৯ত বে-আইনী কাম-কাজ (নিষেধ) অধিনিয়ম ১৯৬৭ত সংশোধন কৰিছিল। এই সংশোধনৰ পূৰ্বে কেৱল সংগঠনকহে সন্ত্ৰাসবাদী সংগঠন হিচাপে নামাংকিত কৰিব পৰা গৈছিল।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে যোৱা বছৰ সংসদত বে-আইনী কাম-কাজ (নিষেধ) অধিনিয়ম ১৯৬৭ত সংশোধনৰ ওপৰত পৰামৰ্শ দিয়াৰ সময়ত সন্ত্ৰাসবাদৰ অপশক্তিৰ সৈতে শক্তিশালীভাৱে যুঁজ দিয়াৰ মোদী চৰকাৰৰ সংকল্পক শক্তিশালী ৰূপত ব্যক্ত কৰি ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। উক্ত সংশোধনৰ পিছত কেন্দ্ৰীয় চৰকাৰে ছেপ্তেম্বৰ ২০১৯ত চাৰিজন ব্যক্তিঃ মৌলানা মছুদ আজহাৰ, হাফিজ ছয়ীদ, জাকি-উৰ-ৰহমান লখৱী আৰু দাউদ ইব্ৰাহিমক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল।

 

ৰাষ্ট্ৰীয় নিৰাপত্তাক সুদৃঢ় কৰাৰ সংকল্পৰ ওপৰত জোৰ দি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অন্তৰ্গত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি নিম্নলিখিত নজন লোকক বে-আইনী কাম-কাজ (নিষেধ) অধিনিয়ম ১৯৬৭ (২০১৯ত সংশোধনী অনুসৰি)ৰ জৰিয়তে সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰি তেওঁলোকৰ নাম উক্ত অধিনিয়মৰ চতুৰ্থ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই লোককেইজনৰ সবিশেষ এনেধৰণৰঃ

 

১৷ ৱাধৱা সিংহ বাব্বৰঃ পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন ''বাব্বৰ খালচা ইণ্টাৰনেচনেল''ৰ মুৰব্বী

 

২৷ লখবীৰ সিংহঃ পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন ''ইণ্টাৰনেচনেল শিখ য়ুথ ফেডাৰেচন''ৰ মুৰব্বী

 

৩৷ ৰঞ্জিৎ সিংহঃ পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন ''খালিস্তান জিন্দাবাদ ফ'ৰ্চ''ৰ মুৰব্বী

 

৪৷ পৰমজিৎ সিংহঃ পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন ''খালিস্তান কমাণ্ডো ফ'ৰ্চ''ৰ মুৰব্বী

 

৫৷ ভূপিন্দৰ সিংহ ভিন্দাঃ জাৰ্মানীত থকা সন্ত্ৰাসবাদী সংগঠন ''খালিস্তান জিন্দাবাদ ফ'ৰ্চ''ৰ মুৰব্বী সদস্য

 

৬৷ গুৰমিট সিংহ বগ্গাঃ জাৰ্মানীত থকা সন্ত্ৰাসবাদী সংগঠন ''খালিস্তান জিন্দাবাদ ফ'ৰ্চ''ৰ মুৰব্বী সদস্য

 

৭৷ গুৰপতৱন্ত সিংহ পন্নুঃ আমেৰিকাত থকা বে-আইনী সংস্থা ''শিখ ফৰ জাষ্টিচ''ৰ প্ৰধান সদস্য

 

৮৷ হৰদীপ সিংহ নিজ্জৰঃ কানাডাত থকা ''খালিস্তান টাইগাৰ ফ'ৰ্চ''ৰ মুৰব্বী

 

৯৷ পৰমজিৎ সিংহঃ ইউনাইটেড কিংডমত থকা সন্ত্ৰাসবাদী সংগঠন ''বাব্বৰ খালচা ইণ্টাৰনেচনেল''ৰ মুৰব্বী

 

এই সকলো ব্যক্তি সীমাৰ সিপাৰৰ পৰা বা বিদেশী ভূমিৰ পৰা বিভিন্ন সন্ত্ৰাসবাদী ঘটনাত অন্তৰ্ভুক্ত আছে। এওঁলোক নিজৰ ৰাষ্ট্ৰবিৰোধী গতিবিধি আৰু খালিস্তান ম'ভমেণ্টত অন্তৰ্ভুক্ত হোৱাৰ লগতে তাৰ প্ৰতি সমৰ্থনৰ জৰিয়তে পঞ্জাৱত সন্ত্ৰাসবাদক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা চলাই নিজৰ অপকৰ্মৰ জৰিয়তে একেৰাহে দেশক অস্থিৰ কৰাৰ প্ৰয়াস কৰিছে।

******

 

NW/AD



(Release ID: 1635945) Visitor Counter : 225