স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ওড়িশাৰ আশাঃ ক’ভিড সম্পৰ্কী কলংক আৰু বৈষম্যৰ ওৰ পেলোৱা

৪৬,০০০তকৈ অধিক আশাকৰ্মীয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ স্থানীয় সমূদায়ৰ সৈতে নিবিড়ভাৱে কাম কৰিছে

Posted On: 02 JUL 2020 12:18PM by PIB Guwahati

ওড়িশাৰ খুদ্ৰাৰ খাণ্ডেলেই গাঁৱৰ আশাকৰ্মী মঞ্জু জীনাই ক’ভিড-১৯ সম্পৰ্কীয় কাম-কাজত সমৰ্থন জনাই কঠোৰ পৰিশ্ৰম কৰিছে, যাতে তেওঁৰ সমূদায়ে অত্যাৱশ্যকীয় আৰু অন্যান্য স্বাস্থ্য সেৱা লাভ কৰে৷ কেইবাবছৰ ধৰি সামূহিক সেৱাৰ প্ৰতিশ্ৰুতিৰে কাম কৰি থকা মঞ্জুৱে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে গাঁও পৰ্যায়ত দেখা দিয়া ক’ভিড সম্পৰ্কীয় কলংক আৰু বৈষম্য কাৰ্যকৰীভাৱে দূৰ কৰি আহিছে৷ যেতিয়া এগৰাকী প্ৰব্ৰজিত যুৱ শ্ৰমিক ঘৰলৈ ঘূৰি আহে, তেতিয়া তেওঁক গাঁৱৰ লগতে ঘৰত প্ৰৱেশ কৰাত বাধা দিছিল, তেতিয়া মঞ্জুৱে অকলে সেই লোকসকলক বুজাই তেওঁক হোম কোৱাৰেণ্টাইনত ৰাখিলে৷ তদুপৰি, সেই অঞ্চলটোত এনে সজাগতা সৃষ্টি কৰিলে যে কোনো লোক ঘূৰি আহিলে, তেওঁ হোম কোৱাৰেণ্টাইন থাকিব পাৰিব৷ কোৱাৰেণ্টাইনৰ সময়ত মঞ্জুৱে যুৱকজনৰ স্বাস্থ্যৰ স্থিতি তথা চিকিসা সম্পৰ্কীয় সকলো খা-খবৰ নিয়মীয়াকৈ ৰাখিলে৷

লকডাউনৰ সময়ত তেওঁ অন্যান্য অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰি আহিছে৷ তেওঁ কেইবাগৰাকী গৰ্ভৱতী মহিলাক চিকিসালয়ত সন্তান জন্ম দিয়াৰ বাবে উসাহ যোগোৱাই নহয়, চিকিসাৰ বাবে যোৱাৰ সময়ত সংগও দিয়ে৷ কৰ্তব্য সমাপন কৰাৰ পাছত তেওঁ নিজ হাতে মাস্ক প্ৰস্তুত কৰি গাঁৱৰ দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰে৷

ওড়িশাত প্ৰায় ৪৬,৬২৭গৰাকী আশাকৰ্মীয়ে গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ স্থানীয় লোকসকলৰ চিকিসাৰ প্ৰয়োজনীয়তা পুৰণ কৰি খ’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত চেম্পিয়ন হিচাপে ধৰা দিছে৷ তেওঁলোকে গ্ৰামীণ এলেকাত গাঁও কল্যান সমিতি আৰু নগৰ এলেকাত মহিলা আৰোগ্য সমিতিৰ সৈতে মিলি কাম কৰিছে৷ তেওঁলোকে জনসাধাৰণৰ মাজত ক’ভিড-১৯ৰ বাছি থকা উপায় যেনে-মাস্ক পৰিধান কৰা, সঘনে হাতো ধোৱা, সামাজিক দুৰত্ব বজাই ৰখা ইত্যাদিৰ লগতে জনসাধাৰণৰ মাজত পত্ৰিকা বিতৰণ আৰু প’ষ্টাৰ আঁৰি দি সজাগতা সৃষ্টি কৰিছে৷

 

******

MV/SG/DB



(Release ID: 1635932) Visitor Counter : 189