কৃষি মন্ত্ৰালয়
আকাশমাৰ্গেৰে স্প্ৰেৰ জৰিয়তে কাকতি ফৰিং নিয়ন্ত্ৰণৰ বাবে হেলিকপ্টাৰ সেৱাৰ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে
প্ৰাৰম্ভিক অৱস্থাত উত্তৰলাই, বাৰ্মেৰ বিমান বন্দৰৰ পৰা এই হেলিকপ্টাৰ বাৰ্মেৰ, জয়ছালমেৰ, বিকানেৰ, যোধপুৰ আৰু নগৌৰৰ দৰে মৰুভূমি এলেকাত কাকতি ফৰিং নিয়ন্ত্ৰণত লগোৱা হ’ব
प्रविष्टि तिथि:
30 JUN 2020 4:35PM by PIB Guwahati
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে আজি উত্তৰপ্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ গৌতম বুদ্ধ নগৰত এক হেলিপেডৰ পৰা স্প্ৰে সঁজুলিৰেসমৃদ্ধ বেল হেলিকপ্টাৰ সেৱাৰ শুভাৰম্ভ কৰে৷ প্ৰাৰম্ভিক অৱস্থাত উত্তৰলাই, বাৰ্মেৰ বিমান বন্দৰৰ পৰা এই হেলিকপ্টাৰ বাৰ্মেৰ, জয়ছালমেৰ, বিকানেৰ, যোধপুৰ আৰু নগৌৰৰ দৰে মৰুভূমি এলেকাত কাকতি ফৰিং নিয়ন্ত্ৰণত লগোৱা হ’ব৷ এজন পাইলটে চলাব পৰা বেল ২০৬-বি৩ হেলিকপ্টাৰে এবাৰত ২৫০ লিটাৰ কীটানুনাশক কঢ়িয়াই নিয়াৰ লগতে ২৫-৫০ হেক্টৰ এলেকা সামৰি ল’ব পাৰে৷ ডিজিচিএ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অনুমোদন লাভ কৰাৰ পাছত এক কৰ্তৃত্বপ্ৰাপ্ত কমিটীয়ে মৰুভূমি এলেকাত আকাশমাৰ্গৰ পৰা স্প্ৰে কৰাৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ বিষয়টো চূড়ান্ত কৰে৷
সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে কয় ২৬ বছৰৰ পাছত যোৱা বছৰ কাকতি ফৰিঙৰ উপদ্ৰৱ হৈছিল৷ কিন্তু চলিত বৰ্ষত এই পোকৰ আক্ৰমণ সাংঘাটিক ধৰণে হৈছে৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে সমন্বয় ৰক্ষা কৰি ফলপ্ৰসূভাৱে ইয়াৰ নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে৷ প্ৰথম অৱস্থাত দ্ৰোণ ব্যৱহাৰ কৰা হৈছিল আৰু এতিয়া আকাশমাৰ্গেৰে কীটনাশক স্প্ৰে কৰাৰ বাবে হেলিকপ্টাৰ লগোৱা হৈছে৷ ইতিমধ্যে ইংলেণ্ডৰ পৰা আকাশমাৰ্গেৰে স্প্ৰে কৰিবপৰা ৫টা যন্ত্ৰ অনা হৈছে৷ অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাস চৌধাৰী, সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহেশ শৰ্মা আৰু কৃষি বিভাগৰ সচিব সঞ্জয় আগৰৱালো উপস্থিত থাকে৷
প্ৰভাৱিত ৰাজ্যসমূহত ২৮ জুন, ২০২০লৈকে নিয়ন্ত্ৰণলৈ অহা এলেকা তলত উল্লেখ কৰা ধৰণৰঃ
|
ক্ৰ.নং.
|
ৰাজ্যৰ নাম
|
জিলাৰ সংখ্যা
|
কীটানুনাশক চতিওৱা এলেকা (হেক্টৰত)
|
|
১.
|
ৰাজস্থান
|
৩১
|
২,১৩,১৭৩
|
|
২.
|
পাঞ্জাৱ
|
০১
|
৬৪০
|
|
৩.
|
গুজৰাট
|
০৫
|
১,০৭০
|
|
৪.
|
মধ্যপ্ৰদেশ
|
৪০
|
১৫,৫৩৩
|
|
৫.
|
মহাৰাষ্ট্ৰ
|
০৪
|
১,৪৩৫
|
|
৬.
|
উত্তৰপ্ৰদেশ
|
১৩
|
১,৩৯৮
|
|
৭.
|
চত্তীশগড়
|
০১
|
৮২
|
|
৮.
|
বিহাৰ
|
০৪
|
৪১
|
|
৯.
|
হাৰিয়ানা
|
০২
|
১১৫
|
|
|
মুঠ
|
১০১
|
২,৩৩,৪৮৭
|
***
APS/SG/SB/DB
(रिलीज़ आईडी: 1635658)
आगंतुक पटल : 179