স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ঝাৰখণ্ডৰ ছাহিয়াঃ যিকোনো স্থানৰ সামূহিক স্বাস্থ্য কৰ্মীৰ বাবে এক প্ৰেৰণা

ক’ভিড-১৯ৰ উচ্চ আশংকা থকা লোক চিনাক্তকৰণৰ বাবে ব্যাপক জনস্বাস্থ্য সমীক্ষা কাৰ্যসূচীত অংশ ল’লে প্ৰায় ৪২,০০০ ছাহিয়াই

Posted On: 01 JUL 2020 12:33PM by PIB Guwahati

১৩ মাৰ্চ, ২০২০ত ঝাৰখণ্ডৰ বোকাৰো জিলাৰ তেল’ গাঁৱৰ কামাৰুনিশা আৰু তেওঁৰ স্বামী নুৰ মহম্মদে জামাতত অংশ লৈ ঘৰলৈ ঘূৰি আহিছিল৷ তেওঁলোক দুয়োকে বিমানবন্দৰতে ক’ভিড-১৯ত পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ গাঁৱত হোম কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰে৷ ঘৰে ঘৰে কৰা সমীক্ষাৰ সময়ত ছাহিয়া হিচাপে জনাজাত আশাকৰ্মী ৰীণা দেৱীয়ে তথ্য লাভ কৰে৷

ইয়াৰ পাছতে তেওঁ তাক্ষণিকভাৱে খণ্ড পৰ্যায়ৰ চিকিসা বিষয়াক বিষয়টো অৱগত কৰি নিয়মীয়াকৈ তেওঁলোকৰ স্বাস্থ্যৰ খা-খবৰ ৰাখে৷ কামাৰুনিশাৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ লগে লগে তেওঁক বোকাৰো জেনেৰেল হাস্পতালত কোৱাৰেণ্টাইন কৰা হয়৷ তদুপৰি, ৰীণা দেৱীৰ সমন্বয়ত পিছদিনা এটা চিকিসকৰ দলে দম্পতিৰ ঘৰলৈ গৈ পৰিয়ালৰ বাকী লোকসকলক হোম কোৱাৰেণ্টাইন কৰাৰ লগতে ক’ভিড-১৯ প্ৰতিৰোধৰ সন্দৰ্ভত সমূদায়ৰ মাজত সজাগতা সৃষ্টি কৰে৷ ৰীণা দেৱীৰ সময়োপযোগী আৰু নিৰৱচ্ছিন্ন প্ৰচেষ্টাই পৰিয়ালটোৰ বাকী সদস্যৰ লগতে তেওঁৰ সমূদায়ৰ বৃহ সংখ্যক লোকক মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিলে৷

‘ছাহিয়া’ বুলি জনাজাত ঝাৰখণ্ডৰ আশাসকলে বিশেষকৈ জনজাতি বসতিপ্ৰধান অঞ্চলসমূহত স্বাস্থ্য সেৱা আগবঢ়োৱাত সহায় আগবঢ়াই আহিছে৷ ৰাজ্যখনত প্ৰায় ৪২,০০০গৰাকী ছাহিয়া, ২,২৬০গৰাকী ছাহিয়া সখি, ৫৮২ ব্লক প্ৰশিক্ষাৰ্থী, ২৪ কমিউনিটী ম’বিলাইজাৰ আৰু এক ৰাজ্যিক পৰ্যায়ৰ প্ৰচেছ ৰিচ’ৰ্ছ চেণ্টাৰ আছে৷ 

এই ছাহিয়াসকলে মাৰ্চৰ পৰা ক’ভিড-১৯ৰ প্ৰতিৰোধমূলক ব্যৱস্থা যেনে-সঘনাই চাবোন-পানীৰে হাত ধোৱা, মাস্ক ব্যৱহাৰ কৰা, কাঁহ আৰু হাঁচিওৱাৰ সময়ত উপযুক্ত সাৱধানতা অৱলম্বন কৰা ইত্যাদিৰ সজাগতা সৃষ্টি কৰিছে৷ তেওঁলোকে ক’ভিড-১৯ আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লোকৰ তালিকা প্ৰস্তুত কৰা আৰু তেওঁলোকক চিনাক্তকৰণতো জড়িত৷

ইফালে, ঝাৰখণ্ডে ১৮ৰ পৰা ২৫ জুনলৈ ক’ভিড-১৯ৰ উচ্চ আশংকা থকা লোক চিনাক্তকৰণৰ বাবে সপ্তাহজোৰা ব্যাপক জনস্বাস্থ্য সমীক্ষা কাৰ্যসূচীৰো হাতত লয়৷ এই কাৰ্যসূচীত ৪২,০০০গৰাকী ছাহিয়াই অংশ লৈ ইনফ্লুয়েঞ্জাসদৃশ ৰোগ আৰু ছেৰীৰ দৰে ৰোগ লক্ষণ চিনাক্ত কৰিছে৷

ঝাৰখণ্ডৰ ছাহিয়াসকলে ক’ভিড-১৯ সম্পৰ্কীয় কাম-কাজৰ মাজতে প্ৰসূতি, নৱজাতক আৰু শিশু স্বাস্থ্যৰ প্ৰতি দায়িত্ব সূচাৰুৰূপে পালন কৰি কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিছে৷

 

****

MV/SG/DB



(Release ID: 1635656) Visitor Counter : 177