দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

দক্ষতা বিকাশ কাৰ্যক্ৰম ‘আত্ম-নিৰ্ভৰ ভাৰত’ আৰু ‘গৰীব কল্যাণ ৰোজগাৰ যোজনা’ৰ মেৰুদণ্ড স্বৰূপ হ’ব : ড০ মহেন্দ্ৰ নাথ পাণ্ডে

ভাৰতৰ ৰূপত যে এক শক্তিশালী প্ৰতিদ্বন্দ্বী আছে প্ৰতিবেশী ৰাষ্ট্ৰই ঠিকেই বুজিব পাৰিব

Posted On: 29 JUN 2020 7:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অলপতে ঘোষণা কৰা আত্ম-নিৰ্ভৰ ভাৰত আৰু গৰীব কল্যাণ ৰোজগাৰ অভিযান যোজনাৰ সাফল্যৰ ক্ষেত্ৰত ভাৰতীয় কৰ্ম-বাহিনীৰ দক্ষতা বিকাশ কৰা, এই দক্ষতাৰ উত্তৰণ ঘটোৱা আৰু পুনৰাই দক্ষ কৰি তোলাৰ প্ৰক্ৰিয়াই এক অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি অভিমত ব্যক্ত কৰিছে কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমী বিভাগৰ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেই। মন্ত্ৰীগৰাকীয়ে আজি এছোচেম’-য়ে অনুষ্ঠিত কৰা এক ৱেবিনাৰত এই অভিমত ব্যক্ত কৰে।

মন্ত্ৰীগৰাকীয়ে তথ্য দাঙি ধৰি কয় যে, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা(পিএমকেভিওৱাই)ৰ পৰৱৰ্তি পৰ্যায়ৰ বাবে চৰকাৰে অচিৰেই অনুমোদন লাভ কৰিব আৰু ইয়ে চাহিদাৰ ভিত্তিত দক্ষতা বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু ৪.০ উদ্যোগ-প্ৰতিষ্ঠানৰ বাবে উপযোগী দক্ষ কৰ্ম-বাহিনীৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰি তুলিব। শেহতীয়া ধ্বজাবাহী দক্ষতা বিকাশমূলক প্ৰশিক্ষণ আঁচনি(পিএমকেভিওৱাই ২০১৬-২০২০)ৰ কাৰ্যকাল অলপতে অন্ত পৰিব বুলি মন্তব্য কৰা মন্ত্ৰীগৰাকীয়ে এই পৰ্যন্ত আঁচনিখনৰ অধীনত দেশৰ প্ৰায় ৭৩লাখ যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিলে বুলি তথ্য উল্লেখ কৰে।

                     

Description: https://static.pib.gov.in/WriteReadData/userfiles/image/image001CJIQ.jpg

সাম্প্ৰতিক প্ৰেক্ষাপটত আমি নিয়োগৰ প্ৰসংগত আধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰিপ্ৰেক্ষিততে পিএমকেভিওৱাই-ৰ পৰৱৰ্তি পৰ্যায়ত চাহিদা-ভিত্তিক দক্ষতা-বিকাশত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আছে। তাকে কৰাৰ বাবে জিলা দক্ষতা সমিতিসমূহক অধিক শক্তিশালী কৰাৰ লগতে এই সমিতিসমূহক স্থানীয় নিয়োগ কাৰ্যালয়সমূহৰ সৈতে সংযুক্ত কৰাৰ দৰে পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

ড০ পাণ্ডেই দক্ষতা বিকাশ কাৰ্যক্ৰমক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰাকৰে গ্ৰহণ কৰা ততপৰতালৈ উদ্যোগখণ্ডৰ লগতে ব্যক্তিগত খণ্ডয়ো হাত উজান দিয়াৰ পোষকতা কৰে। উদ্যোগখণ্ডৰ সহযোগিতাইহে এই কাৰ্যক্ৰমক সাফল্যমণ্ডিত কৰিব পাৰিব বুলি অভিমত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰসংগ্ৰক্ৰমে তেওঁ প্ৰব্ৰজিত শ্ৰমিকসকলৰ ক্ষেত্ৰত উদ্যোগ খণ্ড অধিক সহানুভূতিশীল হোৱা উচিত বুলি মন্তব্য কৰি সেইসকল শ্ৰমিকক কৰ্মক্ষেত্ৰসমূহলৈ ওভতাই অনাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰিবলৈ উদ্যোগক্ষেত্ৰৰ প্ৰতি আহ্বান জনায়

প্ৰসংগক্ৰমে, মন্ত্ৰীগৰাকীয়ে তাতপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰই নিজৰ কলংক ঢকিবলৈকে আগ্ৰাসী ভূমিকাত অৱতীৰ্ণ হৈছে, পিচে আজিৰ তাৰিখত ভাৰতৰ ৰূপত যে এক শক্তিশালী প্ৰতিদ্বন্দ্বী আছে আৰু আমাৰ দেশেযে এতিয়া মাৰ বান্ধি থিয় দিছে, সেই কথা প্ৰতিবেশী ৰাষ্ট্ৰই ঠিকেই বুজিব পাৰিব

*****

YB/KB



(Release ID: 1635581) Visitor Counter : 263