উপ-ৰাষ্ট্ৰপতি সচিবালয়

মহামাৰীৰে যুঁজাৰ মাজতে জীৱন আৰু জীৱিকা দুয়োটাকে সুৰক্ষা দিও আহক :উপ ৰাষ্ট্ৰপতি

শংকাক প্ৰশ্ৰয় দিয়াৰ পৰিৱৰ্তে প্ৰতিৰোধ আৰু সতৰ্কতাক স্বাগত জনোৱাৰ পৰামৰ্শ

নিজৰ দেহাটোক সুস্থ কৰি ৰখাৰ বাবে প্ৰয়াস কৰা, তেতিয়াহে ৰোগৰ বিৰুদ্ধে যুঁজোতে তোমাক শৰীৰে সহায় কৰিব : উপ ৰাষ্ট্ৰপতি

উদ্বিগ্ন নহ’ব, ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়োৱাৰ বাবে যোগৰ অনুশীলন আৰু পৰম্পৰাগত আৰোগ্য-নিদানত মনোনিৱেশ কৰক

পৰিয়াল আৰু বন্ধু-বান্ধৱৰে সংযুক্ত হৈ থকাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰক : উপ ৰাষ্ট্ৰপতি

উদ্বেগজনক বাতৰি অথবা শংকাৰ বাতাবৰণ সৃষ্টিকাৰী ছ’চিয়েল মিডিয়াৰ পোষ্ট দিয়াৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান

আধ্যাত্মিকতাৰ প্ৰতি আস্থা আৰু বিজ্ঞানৰ প্ৰতি থকা বিশ্বাসেই হ’ল আমাৰ দেশৰ শক্তি : উপ ৰাষ্ট্ৰপতি

ভগৱান কৃষ্ণই অৰ্জুনক দিয়া পৰামৰ্শৰ কথা মনত পেলাই দি জনসাধাৰণৰ প্ৰতি আহ্বান- ‘কৰিবলগীয়া কামবোৰ কৰি যোৱা, আৰু যি কৰা ভালকৈ কৰিবা’

Posted On: 28 JUN 2020 10:01AM by PIB Guwahati

দেশৰ জনসাধাৰণক ক’ভিড-১৯ মহামাৰীৰে যুঁজাৰ মাজতে জীৱন আৰু জীৱিকা দুয়োটাকে সুৰক্ষা দিয়াৰ বাবে মাৰ বান্ধি আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে।

আজি প্ৰেৰণ কৰা এক ‘ফেচবুক পোষ্ট’ত শ্ৰী নাইডুৱে কয় যে এতিয়ালৈ প্ৰায়বোৰ দেশেই লকডাউন-অধ্যায় সমাপ্ত কৰি অৰ্থনৈতিক কাম-কাজত মনোনিৱেশ কৰাৰ বাবে আগবাঢ়িছে। দেশৰ চৰকাৰেও অৰ্থনীতিক সুদৃঢ় কৰাৰ বাবে নিৰবিচ্ছিন্ন ভাবে পদক্ষেপ গ্ৰহণ কৰি আছে। এনে পৰিস্থিতিত তেওঁ চৰকাৰক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰয়োজনীয় সতৰ্কতা বিধি-নিৰ্দেশনা সাৰোগত কৰি আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনায়।

অভুতপূৰ্ব ভাবে সন্মুখীন হ’বলগীয়া হোৱা স্বাস্থ্য-সংকটৰ বিৰুদ্ধে মাৰ বান্ধি যুঁজাৰ বাবে জন-সাধাৰণৰ প্ৰতি গোঁহাৰি জনোৱা উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘আধ্যাত্মিকতাৰ প্ৰতি আস্থা আৰু বিজ্ঞানৰ প্ৰতি থকা বিশ্বাসেই হ’ল আমাৰ দেশৰ শক্তি’।

তেওঁ শংকাক প্ৰশ্ৰয় দিয়াৰ পৰিৱৰ্তে প্ৰতিৰোধ আৰু সতৰ্কতাক সাৰোগত কৰাৰহে পৰামৰ্শ আগবঢ়ায়।

’ভিড-১৯ৰ বিৰুদ্ধে সতৰ্ক হৈ থকাৰ বাবে মুখত মাস্ক পৰিধান কৰা, সামাজিক ব্যৱধানবিধি মানি চলা, সঘনাই হাত ধোৱাৰ অভ্যাস গঢ়াৰ সহজ বিধিসমূহ পালনত গুৰুত্ব দিবলৈও সকলোকে আহ্বান জনায়।

তদুপৰি, উদ্বিগ্ন নহৈ, ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়োৱাৰ বাবে যোগৰ অনুশীলন আৰু পৰম্পৰাগত খাদ্য, বনৌষধি আৰু আৰোগ্য-নিদানত মনোনিৱেশ কৰিবলৈকো তেওঁ পৰামৰ্শ দিয়ে।

তেওঁ অভিমত প্ৰকাশ কৰি কয় যে, নিজৰ দেহাটোক সুস্থ কৰি ৰখাৰ বাবে প্ৰয়াস কৰা উচিত, কিয়নো, তেতিয়াহে ৰোগৰ বিৰুদ্ধে যুঁজোতে শৰীৰে সহযোগিতা আগবঢ়াব পাৰিব।

ইফালে, উদ্বিগ্নতাৰ লগতে একাকিত্বৰ অনুভৱৰ পৰা পৰা আঁতৰি থাকিবলৈ পৰিয়াল আৰু বন্ধু-বান্ধৱৰে সংযুক্ত হৈ থকাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত দিয়ে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে।

শ্ৰী নাইডুৱে, উদ্বেগজনক বাতৰি অথবা শংকাৰ বাতাবৰণ সৃষ্টিকাৰী ‘ছ’চিয়েল মিডিয়াৰ পোষ্ট’ দিয়াৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

প্ৰসংগক্ৰমে তেওঁ, ভগৱান কৃষ্ণই অৰ্জুনক দিয়া পৰামৰ্শৰ কথা মনত পেলাই দি কয়, ‘কৰিবলগীয়া কামবোৰ কৰি যোৱা আৰু যি কৰা ভালকৈ কৰিবা’। তেওঁ সংকটৰ সময়ত শান্ত-সমাহিত হৈ আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় কয় যে কোনো সংকটেই দীৰ্ঘাস্থায়ী নহয়, সংকটৰ অন্ত পৰিবই।

****

VRRK/MS/MSY/DP/KB



(Release ID: 1635057) Visitor Counter : 147