PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 27 JUN 2020 6:28PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যঃ আৰোগ্যৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে; আৰোগ্য হোৱা আৰু সক্ৰিয় ৰোগীৰ মাজৰ পাৰ্থক্য প্ৰায় ১ লাখ

ক’ভিড-১৯ৰ ৰোগীসকলৰ মাজত আৰোগ্য হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে৷ আৰোগ্য হোৱা আৰু ৰোগীসকলৰ মাজৰ ব্যৱধান এতিয়া প্ৰায় ১ লাখ হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৯৭,৩৮৭ জন৷ আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ২,৯৫,৮৮০ জন৷ আৰোগ্যৰ হাৰ হ’ল ৫৮.১৩%৷

আৰোগ্য হোৱাৰ লোকৰ শীৰ্ষৰ ১৫খন ৰাজ্য হ’লঃ

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ

আৰোগ্যৰ হাৰ

1

মেঘালয়

89.1%

2

ৰাজস্থান

78.8%

3

ত্ৰিপুৰা

78.6%

4

চণ্ডীগড়

77.8%

5

মধ্য প্ৰদেশ

76.4%

6

বিহাৰ

75.6%

7

আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ

72.9%

8

গুজৰাট

72.8%

9

ঝাৰখণ্ড

70.9%

10

চট্টিশগড়

70.5%

11

ওড়িশা

69.5%

12

উত্তৰাখণ্ড

65.9%

13

পাঞ্জাৱ

65.7%

14

উত্তৰ প্ৰদেশ

65.0%

15

পশ্চিমবংগ

65.0%

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ সন্দৰ্ভত মন্ত্ৰীমণ্ডলৰ ১৭তম বৈঠকত সভাপতিত্ব কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

আজি ডাঃ হৰ্ষ ৱৰ্ধনৰ সভাপতিত্বত ক’ভিড-১৯ৰ শেহতীয়া স্থিতিসমূহৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীমণ্ডলৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকখনত বিগত ২৪ ঘণ্টাত ২,২০,৪৭৯টা নমুনা পৰীক্ষণ কৰা হৈছে বুলি জনোৱা হয়৷ এই পৰ্যন্ত ৭৯,৯৬,৭০৭ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

দিল্লীত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ দিশত কেন্দ্ৰৰ সমৰ্থন বৃদ্ধি

দিল্লীত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমৰ্থন বৃদ্ধি কৰিছে৷ ৪.৭ লাখ আৰটি-পিচিআৰ পৰীক্ষণৰ বাবে আইচিএমআৰে চিকিৎসা সামগ্ৰী যোগান ধৰিছে৷ তাৰোপৰি ১.৫৭ লাখ আৰএনএ এক্সট্ৰাকছন কিটো প্ৰেৰণ কৰাৰ লগতে ক’ভিড-১৯ৰ নমুনা সংগ্ৰহৰ বাবে ২.৮৪ লাখ ভিটিএম তথা ছোৱাব প্ৰেৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলয়ে ক’ভিড-১৯ৰ পৰিঘটনাসমূহৰ ব্যৱস্থাপনাৰ বাবে শেহতীয়া ক্লিনিকেল ব্যৱস্থাপনা মুকলি কৰিছে

ক’ভিড-১৯ৰ বিষয়ে নতুনকৈ উন্মোচিত বিষয়সমূহ সামৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি ক’ভিড-১৯ৰ পৰিঘটনাসমূহৰ বিষয়ে এক শেহতীয়া ক্লিনিকেল ব্যৱস্থাপনা প্ৰট’ক’ল মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে ‘ড০ যোছেফ মাপ থমা মেট্ৰ’পলিটান’ৰ ৯০তম জন্মবাৰ্ষিকীত ভাষণ প্ৰদান কৰে; ক’ৰোনা যোদ্ধাৰ দ্বাৰা বলীয়ান হৈ ভাৰতে উল্লেখযোগ্য ধৰণে ক’ভিড-১৯ৰ সৈতে যুঁজি আছে, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়

‘‘মানৱতা এক মহৎ গুণ, ই সদায়েই ভাল কৰ্মৰ দ্বাৰা প্ৰস্ফুটিত হয়’’, ড০ যোছেফ মাৰ থমাৰ এই বাক্যশাৰীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত সদায়েই বিভিন্ন উৎসৰ দ্বাৰা আধ্যত্মিক প্ৰভাৱ লাভ কৰিবলৈ মুক্ত৷  তেওঁ কয় যে ক’ৰোনা যোদ্ধাসকলৰ পাৰদৰ্শিতাৰ বাবেই ভাৰতে উল্লেখযোগ্য ধৰণে ক’ভিড-১৯ৰ সৈতে যুঁজিবলৈ সক্ষম হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে ‘ড০ যোছেফ মাপ থমা মেট্ৰ’পলিটান’ৰ ৯০তম জন্মবাৰ্ষিকীত ভাষণ প্ৰদান কৰে

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত ২০০টা ৰে’লৱেৰ পুনৰ্নিমাণ প্ৰকল্প সমাপন কৰা হৈছে

ক’ভিড-১৯ৰ লকডাউনৰ  সময়ছোৱাত ভাৰতীয় ৰে’লৱেয়ে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম সমাপন কৰিছে৷ লকডাউনৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেয়ে ২০০ টা পুৰণি পুনৰ্নিমাণৰ প্ৰকল্পৰ কাম সমাপন কৰে৷

অধিক বিৱৰণৰ বাবে

কৃষি সহযোগিতা আৰু কৃষক কল্যাণ বিভাগে কৃষি খণ্ডৰ সংস্কাৰ, কৌশলগত নীতি নিৰ্ধাৰণ আৰু বিনিয়োগ সুবিধা বিষয়ত এক ৱেবিনাৰৰ আয়োজন কৰে

ৱেবিনাৰত ভাষণ প্ৰদান কৰি কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সচিব শ্ৰী সঞ্জয় আগৰৱালে কৃষি খণ্ডৰ উত্তৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবি ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ প্ৰশাননে আৰক্ষী তথা অন্যান্য অনুমোদিত প্ৰাধিকৰণক জনসাধাৰণৰ মাজত সামাজিক দূৰত্ব আৰু মাস্ক পৰিধানৰ নীতি কঠোৰ ভাৱে পালনৰ নিশ্চিতি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷
  • হাৰিয়ানাঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত বীক্ষণ বাস্তৱায়িত কৰিবলৈ হাৰিয়ানা চৰকাৰে পাণিপথত এক বাল্ক ড্ৰাগছ পাৰ্ক স্থাপন কৰাৰ প্ৰস্তাৱনা দাখিল কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা ১,৫২,৭৬৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা গ’ল ৬৫,৮২৯ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০,১৫৮ জন৷ ১,৭২২ জন লোকৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬,৭৮৭ জন৷ আৰোগ্য লাভ কৰিছে ১৩১৪৯ জনে আৰু ৩৮৯ জন লোকৰ মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,৭৯৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪৪৮ জন৷
  • চট্টিশগড়ঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৪৭ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০৩৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৬৭ জন৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যখনৰ মুখ্য সচিবে ক’ভিড-১৯ পৰিস্থিতি, কৃষি ক্লাষ্টাৰ/পুষ্টিগত গাৰ্ডেন আঁচনি, ক্লীন গ্ৰীণ অৰুণাচল শিবিৰ আদি বিষয়সমূহৰ ওপৰত পুনৰীক্ষণ বৈঠকৰ আয়োজন কৰে৷
  • অসমঃ পলাশবাৰীৰ পতঞ্জলি যোগপীঠত এক কোৱাৰেণ্টিন কেন্দ্ৰ ২৫০খন বিচনাযুক্ত ক’ভিড চিকিৎসালয়লৈ পৰিৱৰ্তন কৰা হৈছে, টুইটাৰযোগে এই তথ্য প্ৰকাশ কৰিছে অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে৷
  • মণিপুৰঃ ক’ভিড চিকিৎসালয় আৰু শুশ্ৰূষা কেন্দ্ৰসমূহৰ কাৰ্যকৰী ব্যৱস্থাপনাৰ বাবে আজি এক মণিপুৰ কনছালটেটিভ কমিটিৰ বৈঠক অনুষ্ঠিত হয়৷
  • মিজোৰামঃ ৰাজ্যখনত লকডাউনত কিছু শিথিলতা প্ৰদান কৰিছে মিজোৰাম চৰকাৰে৷
  • নাগালেণ্ডঃ টিভি, ৰেডিঅ’ আৰু ইণ্টাৰনেটৰ জৰিয়তে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত শিক্ষা প্ৰদান কৰাৰ বাবে নাগালেণ্ড চৰকাৰক প্ৰশংসা কৰিছে আন্তৰ্জাতিক সংস্থা অ’ইচিডিয়ে৷
  • কেৰালাঃ কেৰালা চৰকাৰে দেওবাৰে সম্পূৰ্ণ লকডাউন প্ৰত্যাহাৰ কৰিছে৷ মুঠ ১৫৪০ জন ৰোগী বিভিন্ন জিলাত চিকিৎসকৰ তত্বাৱধানত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৪৬২২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩২৩০৫ জন৷ মৃত্যু হৈছে ৯৫৭ জনৰ৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১০০৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯০৫ জন৷ মৃত্যু হৈছে ১৮০ জনৰ৷ ৬৯১৬ জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,২৮৫ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৬৪৮ জন, ৫৪৮০ জন লোকক মুকলি কৰি দিয়া হৈছে৷ ১৫৭ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২৩৪৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪৩৬ জন, আৰোগ্য লাভ কৰিছে ৪৭৬৬ জনে৷

 

ফেক্ট চেক



(Release ID: 1634866) Visitor Counter : 173