প্ৰতিৰক্ষা মন্ত্ৰালয়

সমুদ্ৰ সেঁতু অভিযান- ভাৰতীয় নাগৰিকক দেশলৈ অনাৰ বাবে ইৰাণৰ আব্বাছ বন্দৰত ‘আইএনএছ জলশ্বা’

Posted On: 26 JUN 2020 11:38AM by PIB Guwahati

ইৰাণত আবদ্ধ হৈ থকা একাংশ ভাৰতীয় নাগৰিকক দেশলৈ ওভতাই অনাৰ বাবে দেশখনৰ বন্দৰ আব্বাছত উপস্থিত হৈছেগৈ নৌ-সেনাবাহিনীৰ জাহাজ আইএনএছ জলশ্বাযোৱা ২৪জুন ২০২০ত বন্দৰটোৰ সমীপত লংগৰ পেলোৱা জাহাজখনে ইতিমধ্যে ২৫জুনত বন্দৰটোত প্ৰৱেশ কৰিছেগৈ। ভাৰতীয় নৌ-সেনা বাহিনীৰ সমুদ্ৰ সেঁতু অভিযানৰ অংশ হিচাপে দেশখনলৈ যোৱা জাহাজখনে প্ৰয়োজনীয় স্বাস্থ্য তথা সা-সামগ্ৰী সম্পৰ্কীয় বিধিগত পৰীক্ষণ সম্পূৰ্ণ কৰাৰ পিচত ৬৮৭গৰাকী ভাৰতীয় নাগৰিকক দেশলৈ ওভতাই অনাৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰে

ইৰাণলৈ যোৱাৰ পথত আইএনএছ জলশ্বা-ৰ কৰ্মীসকলে উদ্ধাৰ অভিযানৰ যাৱতীয় প্ৰস্তুতি যেনে, ছেনিটাইজেশ্যন, অবদ্ধসকলক অনাৰ বাবে প্ৰয়োজন হোৱা আবাসিক এলেকাৰ প্ৰস্তুতি, মাস্ক-প্ৰশাধন উপকৰণ সম্বলিত আদৰণি কিট আদিৰ প্ৰস্তুতি, টেহৰাণত থকা ভাৰতীয় দূতাবাসে প্ৰদান কৰা তালিকাৰ আধাৰত আবাসিক কক্ষৰ আৱণ্টন আদিকে ধৰি যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলে।

জাহাজখনে ভাৰতীয় নৌ-সেনাই থলুৱাভাবে বিকশিত কৰা দুটা এয়াৰ ইভাকুৱেশ্যন প-ও ইৰাণী প্ৰশাসনৰ হাতত অৰ্পণ কৰে।

ভিড-১৯ৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সাৱধানতা সম্পৰ্কীয় বিধি-ব্যৱস্থাৰ আধাৰত জলশ্বাৰ আবাসিক এলেকাক তিনিভাগত বিভক্ত কৰা হৈছে। ইয়াৰ ভিত্তিতে আবদ্ধ নাগৰিকসকল, তেওঁলোকৰ সৈতে সঘনে সম্পৰ্কত থাকিবলগীয়া কৰ্মীবৃন্দৰ লগতে অন্যান্যসকলৰ বাবে আচুতীয়া স্থানৰ ব্যৱস্থা কৰা হয়।

২৫জুনৰ নিশালৈ জলশ্বাই আব্বাছ বন্দৰ এৰি দেশলৈ ওভতনি যাত্ৰা আৰম্ভ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0017P9W.jpg

***

VM/ MS/KB



(Release ID: 1634536) Visitor Counter : 132