প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিহাৰ আৰু উত্তৰপ্ৰদেশত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 25 JUN 2020 9:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ আৰু উত্তৰপ্ৰদেশত বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, বিহাৰ আৰু উত্তৰপ্ৰদেশৰ একাংশ জিলাত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত একাধিক লোকৰ মৃত্যু হোৱাৰ দুখজনক খবৰ লাভ কৰিছো। ৰাজ্য চৰকাৰে ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্যত লাগি আছে। এই দুৰ্যোগৰ সময়ত যিসকল লোকে প্ৰাণ হেৰুৱালে, তেওঁলোকৰ আত্মীয় স্বজনৰ প্ৰতি মই সমবেদনা জনাইছো।

***

VRRK/SH/DB



(Release ID: 1634508) Visitor Counter : 104