মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

২০২০-২১ বৰ্ষৰ বাবে এনচিইআৰটিৰ বাবে বিশেষ ৰূপৰেখা মুকলি কৰিলে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে

Posted On: 24 JUN 2020 5:12PM by PIB Guwahati

আত্মনিৰ্ভৰ ভাৰতৰ অধীনত 'ফাউণ্ডেশ্যনেল লিটাৰেচী এণ্ড নিউমাৰেচী মিশ্যন' স্থাপন কৰাৰ সিদ্ধান্তৰ  প্ৰতি লক্ষ্য ৰাখি, আৰু সমগ্ৰ শিক্ষাক এক শিকন-কেন্দ্ৰিক পদক্ষেপ হিচাপে প্ৰতিপন্ন কৰাৰ ওপৰত আলোকপাত কৰি, এই কথা আৱশ্যকীয় হৈ পৰিছে যে এইবিলাক ফলপ্ৰসু ৰূপত সময়মতে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ এনচিইআৰটিয়ে প্ৰয়োজনীয় সমলখিনিৰ বিকাশ ঘটাব লাগে, যাতে ছাত্ৰ-ছাত্ৰীৰ শিকনৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নতি সাধিত হয়। এই আধাৰতে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়, এছ ই এল সঞ্চালকালয়ে  এনচিইআৰটিক ২০২০-২১ত অগ্ৰাধিকাৰ ভিত্তিত নিম্নোল্লিখিত কামসমূহ কৰিবলৈ নিৰ্দেশ দিছেঃ

 

শিক্ষনৰ পৰিণতি (এলঅ')

 

এনচিইআৰটিয়ে প্ৰস্তুত কৰা ১-১০ শ্ৰেণীলৈ 'লাৰ্নিং আউটকামছ'ৰ প্ৰয়োগৰ বাবেঃ

 

i. প্ৰতিটো বিষয়ৰ বাবে আৰু প্ৰতিটো শ্ৰেণীৰ বাবে প্ৰত্যেক লাৰ্নিং আউটকামৰ ব্যাখ্যা কৰা ইনফ'গ্ৰাফিক্স/পোষ্টাৰ/প্ৰস্তুতি সম্পূৰ্ণ কৰা হ'ব-শ্ৰেণী ১ৰ পৰা ৫ৰ বাবে অক্টোবৰ, ২০২০ পৰ্যন্ত; শ্ৰেণী ৬ৰ পৰা ১২ৰ বাবে মাৰ্চ, ২০২১ পৰ্যন্ত।

 

ii. প্ৰতিটো গ্ৰেডৰ শিক্ষকসকলৰ বাবে অনলাইন শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম-শ্ৰেণী ১ৰ পৰা ৫ৰ বাবে বিভিন্ন স্তৰত ডিচেম্বৰ, ২০২০ পৰ্যন্ত; শ্ৰেণী ৬ৰ পৰা ১২ৰ বাবে বিভিন্ন স্তৰত জুন, ২০২১ পৰ্যন্ত।

 

iii. কোভিড-১৯ কালত বিশেষকৈ যিকোনো ধৰণৰ ডিজিটেল/অনলাইন প্ৰাপ্তিৰ সুবিধাৰ পৰা বঞ্চিত শিক্ষাৰ্থীৰ বাবে সম্পূৰ্ণ পাঠ্যক্ৰমৰ বাবে পূৰক/বৈকল্পিক একাডেমিক শিক্ষন সামগ্ৰী প্ৰস্তুত কৰিব-শ্ৰেণী ১ৰ পৰা ৫ৰ বাবে বিভিন্ন স্তৰত ডিচেম্বৰ, ২০২০ পৰ্যন্ত; শ্ৰেণী ৬ৰ পৰা ১২ৰ বাবে বিভিন্ন স্তৰত জুন, ২০২১ পৰ্যন্ত।

 

iv. প্ৰবীনতাৰ কমেও দুটা স্তৰত প্ৰতিটো গ্ৰেডৰ বাবে প্ৰতিটো বিষয়ৰ প্ৰত্যেক লাৰ্নিং আউটকামক জুখিবৰ বাবে প্ৰতিটোতে কমেও ১০টা আইটেম/প্ৰশ্ন প্ৰস্তুত কৰা হ'ব-শ্ৰেণী ১ৰ পৰা ৫ৰ বাবে নবেম্বৰ, ২০২০ পৰ্যন্ত; শেষ শ্ৰেণীসমূহৰ বাবে মাৰ্চ, ২০২১ পৰ্যন্ত।

 

v. এন এইছ, ২০১৭ৰ আধাৰত এনচিইআৰটিৰ দ্বাৰা হাৰ্ড স্পটছৰ চিনাক্ত কৰা হৈছে। হাৰ্ড স্পটছক সৰল তথা স্পষ্ট কৰিবৰ বাবে সামগ্ৰী প্ৰস্তুত কৰা হ'ব-শ্ৰেণী ১ৰ পৰা ৫ৰ বাবে ডিচেম্বৰ, ২০২০ পৰ্যন্ত; শেষ শ্ৰেণীসমূহৰ বাবে মাৰ্চ, ২০২১ পৰ্যন্ত।

 

নতুন ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ফ্ৰেমৱৰ্ক (এনচিএফ)

 

স্কুলীয়া শিক্ষাৰ বাবে নতুন ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ফ্ৰেমৱৰ্ক (এনচিএফ)ৰো আৰম্ভ কৰা হৈছে। আশা কৰা হৈছে যে এনচিইআৰটিয়ে নতুন এনচিএফ অনুসৰিয়েই পাঠ্যপুথিত পৰিৱৰ্তন সাধন কৰিব। বিষয় বিশেষজ্ঞই স্কুলীয়া শিক্ষাৰ বাবে এই প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু ডিচেম্বৰ ২০২০ পৰ্যন্ত অন্তিম ৰিপ'ৰ্ট দিব। পাঠ্যপুথিক নতুন স্বৰূপ দিয়াৰ সময়ত এই কথা সুনিশ্চিত কৰা হ'ব যে পাঠ্যপুথিত কেৱল প্ৰধান সামগ্ৰীহে থাকিব। তদুপৰি এই কথাও প্ৰণিধানযোগ্য যে পাঠ্যপুথিৰ জ্ঞান সম্পৰ্কীয় গধুৰতা যথেষ্ট বেছি। অতিৰিক্ত বিষয় ক্ষেত্ৰসমূহ যেনে ৰচনাত্মক চিন্তন, জীৱন শৈলী, ভাৰতীয় লোকাচাৰ, কলা, একীকৰণ ইত্যাদিক একত্ৰিত কৰাৰ আৱশ্যকতা আছে। এনচিইআৰটিয়ে ইয়াৰ সৈতেহে নতুন পাঠ্যপুথিৰ লে'আউট আৰু ডিজাইনৰ ওপৰত বহু আগৰে পৰা কাম কৰিবলৈ আৰম্ভ কৰিব। সম্প্ৰতি, নতুন পাঠ্যপুথি নতুন এনচিএফৰ আধাৰতহে লিখা হ'ব। নতুন এনচিএফ মাৰ্চ ২০২১ পৰ্যন্ত প্ৰস্তুত হ'ব বুলি আশা কৰা হৈছে। 'আত্মনিৰ্ভৰ ভাৰত'ৰ জৰিয়তে 'পিএম ই-বিদ্যা'ৰ বাবে এনচিইআৰটিৰ দ্বাৰা স্বয়ং প্ৰভা চেনেলসমূহ (১ শ্ৰেণী ১ চেনেল)ৰ বাবে শ্ৰেণী ১-১২ৰ বাবে সামগ্ৰী (কনটেণ্ট) প্ৰস্তুত কৰা আৰু চলিত বছৰতে আগষ্ট পৰ্যন্ত চেনেল আৰম্ভ কৰাৰো আশা কৰা হৈছে।

******

 

NB/AKJ/AK



(Release ID: 1634351) Visitor Counter : 159