অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
উত্তৰ প্ৰদেশৰ কুশিনগৰ বিমান বন্দৰক আন্তৰ্জাতিক বিমান বন্দৰৰূপে ঘোষণাৰ অনুমতি কেবিনেটৰ
प्रविष्टि तिथि:
24 JUN 2020 4:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে উত্তৰ প্ৰদেশৰ কুশিনগৰ বিমান বন্দৰক আন্তৰ্জাতিক বিমান বন্দৰৰূপে ঘোষণাৰ অনুমতি প্ৰদান কৰিছে।
কুশিনগৰ বিমানবন্দৰ ভালেমান বৌদ্ধ সাংস্কৃতিক স্থলী যেনে শ্ৰাৱস্তী, কপিলাবাস্তু, লুম্বীনি(কুশিনগৰ নিজেই এক বৌদ্ধ সাংস্কৃতিক স্থল)ৰ আশে-পাশে অৱস্থিত আৰু ইয়াক আন্তৰ্জাতিক বিমান বন্দৰৰূপে কৰা ঘোষণাই বিমান যাত্ৰীসকলক উন্নত সংযোগ, প্ৰতিযোগিতামূলক খৰচৰ বিস্তৃত পছন্দ প্ৰদান কৰিব।ইয়ে ঘৰুৱা আৰু আন্তৰ্জাতিক পৰ্যটনৰ উন্নতি সাধন কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰিব। সমীপৰ আন্তৰ্জাতিক সীমান্তৰ সৈতে ই এক গুৰুত্বপূৰ্ণ সামৰিক ঘাটি হব।
গোৰখপুৰৰ পৰা প্ৰায় ৫০কিঃমিঃ নিলগত উত্তৰ প্ৰদেশৰ উত্তৰ-পূৱ অংশত কুশিনগৰ অৱস্থিত আৰু বৌদ্ধ তীৰ্থযাত্ৰাৰ ই এক অন্যতম গুৰুত্বপূৰ্ণ স্থলী।
***************************************************************
KG
(रिलीज़ आईडी: 1634168)
आगंतुक पटल : 244
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada