ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰখ্যাত মধুমেহ ৰোগ বিশেষজ্ঞ ডাঃ জীতেন্দ্ৰ সিঙে কয় যে মধুমেহ ৰোগীসকলৰ বাবে কভিডে জ‌ট‌িলতাৰ সৃষ্ট‌ি কৰে

”ইণ্ডিয়ান একাডেমী অব ডায়েবেটিছৰ বিশ্ব সন্মিলন” মুখ্য অতিথিৰূপে অংশ লৈ উদ্ধোধনী ভাষণ প্ৰদান

Posted On: 20 JUN 2020 7:10PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰখ্যাত মধুমেহ ৰোগ বিশেষজ্ঞ ডাঃ জীতেন্দ্ৰ সিঙে, আজি কয় যে মধুমেহ ৰোগীসকলৰ বাবে কভিডে জট‌িলতাৰ সৃষ্ট‌ি কৰে। ভাৰ্চুৱেল মঞ্চত প্ৰথমবাৰৰ বাবে Dia-V Con 2020শীৰ্ষক শিৰোনামেৰে অনুষ্ঠিত হোৱা ইণ্ডিয়ান একাডেমী অব ডায়েবেটিছৰ বিশ্ব সন্মিলনত মুখ্য অতিথিৰূপে অংশ লৈ উদ্ধোধনী ভাষণ প্ৰদান কৰি ডাঃ জীতেন্দ্ৰ সিঙে কয় যে আন বহু ক্ষেত্ৰৰ দৰে, আনকি বিদ্যায়তনিক দিশতো কভিডে আমাক বিপৰ্যয়ৰ সময়ত নতুন মানদণ্ড আৱিষ্কাৰ কৰিবলৈ তত্পৰ কৰিছে। এনে এখন আন্তঃৰাষ্ট্ৰীয় সমাৰোহ বৃহত্ পৰ্যায়ত সফলভাৱে অনুষ্ঠিত কৰাটো ইয়াৰ এক জল-জল পট-পট উদাহৰণ।

 

তেওঁ ডায়েবেটিছৰ বিশ্ব প্ৰসিদ্ধ পণ্ডিত যেনে ডাঃ এণ্ড্ৰিউ বউলটন, ইণ্টাৰনেচনেল ডায়েবেটিছ ফেডাৰেচনৰ সভাপতি, ডাঃ ফ্ৰেচিচ জেভিয়াৰ, ডাঃ ইটাৰনাৰ ৰাজ, ডাঃ ফ্লৰিয়ান টোটাইৰ লগতে ভাৰতৰ আগশাৰীৰ মধুমেহ ৰোগ বিশেষজ্ঞ ডাঃ ভি মোহন, ডাঃ অৰবিন্দ গুপ্তা আৰু অন্যান্যসকলৰ লগতে বিশ্বৰ চাৰিখন মহাদেশৰ উত্তম ফেকাল্টীসকলক এখন মঞ্চলৈ অনাৰ বাবে মুম্বাইৰ প্ৰখ্যাত এণ্ডোক্ৰাইনোলজিষ্ট ডাঃ শশাংক যোশী, আহমেদাবাদৰ ডাঃ বংশী ছাবু আৰু আয়োজকসকলৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ জ্ঞাপন কৰে।

 

ডাঃ জীতেন্দ্ৰ সিঙে কয় যে মধুমেহত ভুগি থকা লোকসকলৰ এক ইমিউন-কম্প্ৰাইজদ ষ্টেটাছ থাকে যিয়ে তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু কৰনাৰ দৰে সংক্ৰমণৰ লগতে তাৰ পৰা হব পৰা জটিলতাৰ বাবে তেওঁলোকক অধিক স্পৰ্শকাতৰ কৰি তোলে।

 

তেওঁ কয় ই আনকি অধিক স্পৰ্শকাতৰ পৰিস্থিতিৰ দিশে গতি কৰে যেতিয়া এগৰাকী মধুমেহ ৰোগীৰ বৃক্কৰ সমস্যা নাইবা ডায়েবেটিক-নেফ্ৰপেথী, ক্ৰনিক বৃক্ক ৰোগ আদি সমস্যা থাকে।

 

ডাঃ জীতেন্দ্ৰ সিঙে কয় যে এনে পৰিস্থিতিত মধুমেহ ৰোগ বিশেষজ্ঞ সকলৰ তেওঁলোকৰ ৰোগীসকলৰ প্ৰতি এক বিশেষ দায়বদ্ধতা থাকে যাতে ৰোগীসকলে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তেজত শৰ্কৰাৰ পৰিমাণ কঠোৰভাৱে নিয়ন্ত্ৰণত ৰাখে আৰু একে সময়তে তেওঁলোকক লবলগীয়া সাৱধানতা সম্পৰ্কে সজাগ কৰে। তেওঁ কয় যে আন দেশৰ তুলনাত ভাৰতত কভিড সম্পৰ্কীয় মৃত্যুৰ হাৰ বহু কম যদিও, তেনে দেশসমূহত হোৱা কৰনা পজিটিভ ৰোগীৰ অধিকাংশ মৃত্যুৱেই হৈছে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা নাইবা মধুমেহৰ দৰে ক্ৰনিক সমস্যাৰ ফলত।

 

ডাঃ জীতেন্দ্ৰ সিঙে কয় যে কৰনাই আমাক নতুন ধৰণেৰে জীয়াই থাকিবলৈ শিক্ষা দিছেইয়ে চিকিত্সকসকলক বিগত সময়ত কিবাপ্ৰকাৰে প্ৰাপ্য গুৰুত্ব হেৰুৱাব ধৰা হাইজিনকে ধৰি নন-ফাৰ্মাকোলজিকেল পদ্ধতিৰ পৰিচালনাৰ আৱশ্যকীয়তাৰ ওপৰত সোঁৱৰাই দ‌িছে। তেওঁ কয় যে কৰনা মহামাৰী শেষ হোৱাৰ পাছতো সামাজিক দূৰত্বৰ নীতি-নিয়ম ম‌ান‌ি চলা আৰু যতে-ততে থু-খেকাৰ পেলোৱা অভ্যাস এৰি চলা কাৰ্যই আমাক আন বহু সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখ‌িব।

***

NW/SNC/KG



(Release ID: 1633739) Visitor Counter : 160