ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ আক্ৰন্তৰ শুশ্ৰুষাৰ বাবে প্ৰস্তুত কৰা ডবাসমূহৰ ব্যৱহাৰ আৰম্ভ কৰিছে ভাৰতীয় ৰে’লে

উত্তৰ প্ৰদেশৰ বাৰানসী ডিভিজনৰ মৌ জংশ্যনত ৫৯ জন সন্দেহযুক্ত আক্ৰন্তক ভৰ্তি কৰোৱাৰ বিপৰীতে ৮জনক ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে

মহামাৰীৰ বিৰুদ্ধে অব্যাহত যুঁজত সকলোখিনি সহযোগিতা আগবঢ়াই যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ভাৰতীয় ৰে’ল

৫খন ৰাজ্যত ৯৬০টা ‘ক’ভিড কেয়াৰ’ ডবা সংস্থাপিত কৰিছে ভাৰতীয় ৰে’লে

উত্তৰ প্ৰদেশৰ ২৩টা স্থানত ৩৭২টা ক’ভিড কেয়াৰ ডবা নিয়োজিত কৰা হৈছে

দিল্লীৰ ৯টা স্থানত সংস্থাপিত কৰা হৈছে ৫০৩টা ডবা

দেশৰ প্ৰয়োজনত সহযোগিতা আগবঢ়োৱা ভাৰতীয় ৰে’লে ইয়াৰ একাংশ ডবা কভিড আক্ৰান্তৰ শুশ্ৰূষা কেন্দ্ৰ হিচাপে প্ৰস্তুত কৰি উলিয়াইছে

প্ৰয়োজনীয় চিকিত্সক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্য-কৰ্মীসকলক ৬ মে’ ২০২০ত ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে’ প্ৰকাশ কৰা বিধি-নিৰ্দেশনাৰ আধাৰত নিয়োজিত কৰিব সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে

প্ৰতিটো স্থানত ৰাজ্য চৰকাৰৰ বিষয়া-বৰ্গক সহযোগিতা কৰিব পৰাকৈ ২গৰাকীকৈ জন-সম্পৰ্কৰক্ষী বিষয়া নিয়োজিত কৰা হৈছে

স্থানীয় বতৰৰ হিচাপত ডবাসমূহত আৰামদায়ক বাতাবৰণ বাহাল ৰখাৰ বাবে সকলো প্ৰয়াস চলোৱা হৈছে
ক’ভিড আক্ৰান্তক চিকিত্সা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহলৈ যথা সম্ভৱ সকলো সহয

Posted On: 22 JUN 2020 6:50PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখা ভাৰতীয় ৰেল বিভাগে কভিড আক্ৰান্তক শুশ্ৰুষা কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিওৱা ভিড কেয়াৰ ডবাসমূহত কৰোনা ৰোগীক ভৰ্তি কৰোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। দেশৰ বিভন্ন ৰাজ্যত নিয়োজিত কৰা ভিড কেয়াৰ ডবাসমূহত ইতিমধ্যে ৰোগীৰ চিকিত্সা আৰম্ভ হৈছে। সেই অনুসৰি যোৱা ২০ জুন ২০২০ত বাৰনসী ডিভিজনৰ মৌ জংশ্যনত ৪২গৰাকী কভিড আক্ৰান্তক ভৰ্তি কৰোৱাৰ পিচত ২১জুনত আৰু ১৭গৰাকী ৰোগীক ভৰ্তি কৰোৱা হয়। অৱশ্যে ইয়াৰে ৮গৰাকীক ইতিমধ্যে নিৰোগী বুলি ঘৰলৈ যাবলৈ দিয়া হৈছে।

ৰাজ্য চৰকাৰসমূহক চিকিত্সা আগবঢ়োৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে ৰেল বিভাগে সকলো ধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে। এই প্ৰয়াসৰ অংশ হিচাপেই ৫২৩১টা ভিড কেয়াৰ ডবা দেশৰ বিভিন্ন ৰাজ্যত নিয়োজিত কৰিছে ৰেল বিভাগে। উল্লেখ্য যে, অতি কম/কম পৰিমাণে অসুস্থ হোৱা কভিড আক্ৰন্তক শুশ্ৰূষা প্ৰদান কৰাত ব্যৱহাৰ কৰিব পৰাকৈ ৰেল বিভাগে এই ভিড কেয়াৰ ডবাসমূহ প্ৰস্তুত কৰি উলিয়াইছে।

ৰেল বিভাগে ইতিমধ্যে দেশৰ ৫খন ৰাজ্যত ৯৬০টা কভিড কেয়াৰ ডবা সংস্থাপিত কৰিছে। ৰাজ্যকেইখন হৈছে দিল্লী, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, তেলেংগাণা আৰু মধ্য প্ৰদেশ। ইয়াৰে উত্তৰ প্ৰদেশৰ ২৩টা স্থানত ৩৭২টা, দিল্লীৰ ৯টা স্থানত ৫০৩টা ডবা, অন্ধ্ৰ প্ৰদেশত ২০টা, তেলেংগাণাত ৬০টা আৰু মধ্য প্ৰদেশত ৫টা ভিড কেয়াৰ ডবা নিয়োজিত কৰা হৈছে।

প্ৰসংগতে উল্লেখ্য যে, দেশৰ প্ৰয়োজনত সহযোগিতা আগবঢ়াই অহা ভাৰতীয় ৰেলে কভিডে সৃষ্টি কৰা সংকটৰ মুহূৰ্ততো এই পৰম্পৰা অব্যাহত ৰাখিছে আৰু ইয়াৰে অংশ হিচাপে বিভাগৰ একাংশ ডবা কভিড আক্ৰান্তৰ শুশ্ৰূষা কেন্দ্ৰ হিচাপে প্ৰস্তুত কৰি উলিয়াইছিল।

এইসমূহ শুশ্ৰূষা কেন্দ্ৰত প্ৰয়োজন হোৱা চিকিত্সক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্য-কৰ্মীসকলক ৬ মে ২০২০ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা বিধি-নিৰ্দেশনাৰ আধাৰত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে নিয়োজিত কৰিছে।

ইফালে, ভিড কেয়াৰ ডবা নিয়োজিত কৰা প্ৰতিটো স্থানত ৰাজ্য চৰকাৰৰ বিষয়া-বৰ্গক সহযোগিতা আগবঢ়াব পৰাকৈ ৰেল বিভাগৰ তৰফৰ পৰা ২গৰাকীকৈ জন-সম্পৰ্কৰক্ষী বিষয়া নিয়োজিত কৰা হৈছে।

আনহাতে, স্থানীয় বতৰৰ হিচাপত ডবাসমূহত আৰামদায়ক বাতাবৰণ বাহাল ৰখাৰ বাবে বিভাগৰ তৰফৰ পৰা সকলো প্ৰয়াস চলোৱা হৈছে।

ভিড আক্ৰান্তক চিকিত্সা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহলৈ যথা সম্ভৱ সকলো সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰিছে ৰেল বিভাগে।

 

*****

DJN/SG/MKV/KB



(Release ID: 1633715) Visitor Counter : 181