আয়ুষ

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(আইডিৱাই), ২০২০ৰ প্ৰতি সমৰ্থন বলীউদৰ বহু তাৰকাৰ

प्रविष्टि तिथि: 20 JUN 2020 4:50PM by PIB Guwahati

ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(আইডিৱাই), ২০২০লৈ মাজত মাথো এদিন বাকী৷ যিসময়ত দেশে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে, তেনে সময়ত ইয়াৰ প্ৰস্তুতি কাৰ্যৰ গুৰুত্ব কিছু কমি আছে৷ তথাপিতো এই দিৱসক লৈ বৰ্তমানেও উসাহ পৰিলক্ষিত হৈছে৷ বৰ্তমানৰ পৰিস্থিতিত সমূহীয়া কাৰ্যসৃচীৰ অনুমতি দিয়া হোৱা নাই বাবে আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পৰিয়ালৰ সৈতে ঘৰে ঘৰে পালন কৰাৰ বাবেঘৰত যোগ, পৰিয়ালৰ সৈতে যোগকাৰ্যসূচীৰ প্ৰতি সাহিত কৰা হৈছে৷

লাখ লাখ লোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২০ত অংশগ্ৰহনৰ বাবে পূৰ্বৰে পৰাই প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷ ২১ জুনৰ পুৱা ৭ বজাৰ পৰা প্ৰতিযোগীসকলে ঘৰতে মানসম্পন্ন সাধাৰণ যোগ প্ৰ’ট’কলৰ আধাৰত যোগ প্ৰদৰ্শনৰ বাবে উসাহিত কৰি আয়ুষ মন্ত্ৰালয়ে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ সংকল্প লৈছে৷ ইয়াৰ সমান্তৰালভাৱে আয়ুষ মন্ত্ৰালয়ে প্ৰসাৰ ভাৰতীৰ সৈতে একেলগ হৈ যোগৰ সামঞ্জস্যপূৰ্ণ অভ্যাসৰ সুবিধা দিয়াৰ বাবে ডি ডি নেচনেল চেনেলত কেইবাগৰাকী প্ৰশিক্ষকৰ দ্বাৰা যোগাভ্যাস কৰোৱাৰ বাবে যোগ অনুষ্ঠানৰ প্ৰচাৰ কৰে৷ দূৰদৰ্শনৰ এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হৈছে কাইলৈ পুৱা ৬.৩০ বজাত প্ৰচাৰ হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ যোগ দিৱসৰ ভাষণ৷

বহু তাৰকা তথা প্ৰভাৱশালী ব্যক্তিয়ে ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত জনসাধাৰণক অংশগ্ৰহণ কৰাৰ বাবে প্ৰেৰণামূলক বাৰ্তা আৰু উসাহজনক চিন্তাধাৰা শ্বেয়াৰ কৰিছে৷ তাৰকাসকলৰ ভিতৰত বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী ক্ৰমে-অক্ষয় কুমাৰ, অনুষ্কা শৰ্মা, মিলিন্দ সুমন আৰু শিল্পা ছেত্ৰী কুণ্ডা উল্লেখযোগ্য৷

জনসাধাৰণক যোগ দিৱসৰ বাবে আগতীয়াকৈ সাজু কৰি তোলাৰ বাবে আয়ুষ মন্ত্ৰালয়ে যোগা প’ৰ্টেলৰ উপৰি ফেচবুক, ইউটিউব, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে৷ হাজাৰ হাজাৰ দৰ্শকে এইবোৰ প্ৰত্যক্ষ কৰি সাধাৰণ যোগ প্ৰ’ট’কলৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে ঘৰতে যোগ শিকিবলৈ সক্ষম হৈছে৷

***

MV/SK/DB


(रिलीज़ आईडी: 1633039) आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Tamil , Telugu , Malayalam