খনি মন্ত্ৰালয়

প্ৰতিযোগিতা, মুলধন, অংশগ্ৰহণ আৰু প্ৰযুক্তিৰ বাবে কয়লা আৰু খনি খণ্ড সম্পূৰ্ণ মুক্ত কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ভাৰতেঃ প্ৰধানমন্ত্ৰী

কয়লা খণ্ডৰ সংস্কাৰে পূব আৰু মধ্য ভাৰতৰ লগতে আমাৰ জনজাতি বসতিপ্ৰধান অঞ্চলত উন্নয়নৰ স্তম্ভত পৰিণত কৰিবঃ প্ৰধানমন্ত্ৰী

কয়লা খণ্ডত অঞ্চল বিশেষে ব্যাপক বিনিয়োগ আৰু সংস্থাপনৰ পৰিকল্পনা প্ৰতিশ্ৰুতি বহন কৰিছেঃ প্ৰহ্লাদ যোশী

কলয়া খনিৰ বাণিজ্যিক খননৰ নিলাম আৰম্ভ; ৪১টা কয়লা খনিৰ নিলাম

Posted On: 18 JUN 2020 5:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ৪১টা কয়লা ব্লকৰ বাণিজ্যিক খননৰ নিবিদা প্ৰক্ৰিয়া আজি আৰম্ভ কৰে৷ এয়া ভাৰত চৰকাৰে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এলানি ঘোষণাৰ অংশবিশেষ৷ ফিকিৰ সহযোগিতাত কয়লা মন্ত্ৰালয়ে এই কয়লা খনিসমূহৰ নিলাম প্ৰক্রিয়া সম্পন্ন কৰিব৷ কয়লা খনিসমূহ আৱন্টন কৰাৰ বাবে দুটা পর্যায়ত অনলাইন প্ৰক্রিয়াত নিলাম কৰা হ’ব৷

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষ্য কয় যে ভাৰতে ক’ভিড-১৯ মহামাৰীৰ সমস্যাক অতিক্ৰম কৰিব আৰু দেশে এই সংকটাপূৰ্ণ অৱস্থাক সুযোগলৈলৈ ৰূপান্তৰিত কৰিব৷ তেওঁ কয় যে দেশ কিদৰে আত্মনির্ভৰ হ’ব পাৰে এই সংকটৰ পৰা সেই শিক্ষা দিছে৷ আত্মনির্ভৰ ভাৰতৰ অর্থ হৈছে আমদানিৰ ওপতৰ নির্ভৰশীলতা কম কৰা, যাৰফলত আমদানিৰ বাবে ব্যয় কৰা বিদেশী মুদ্রাৰ ৰাহি কৰাটো সম্ভৱ হ’ব৷ ভাৰতে ইয়াৰ দেশৰ অভ্যন্তৰতে সম্পদৰ ব্যৱস্থা কৰিব লাগিব, যাতে আমদানিৰ ওপৰ নির্ভৰ কৰিবলগীয়া নহয়। আমি এতিয়া যি যি আমদানি কৰো ভাৰতে সেইবোৰ সামগ্ৰীতে আটাইতকৈ বেছি ৰপ্তানিৰ দেশ হৈ উঠিব লাগিব৷

প্ৰধানমন্ত্রীয়ে কয় যে দেশক সকলো দিশৰ পৰা আত্মনির্ভৰ কৰি তুলিবলৈ প্ৰত্যেক ক্ষেত্ৰ, প্ৰত্যেক সামগ্ৰী আৰু প্ৰত্যেক সেৱাক লৈ সামগ্ৰিকভাবে চিন্তা-চৰ্চা কৰি কাম কৰিব লাগিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি ইন্ধন ক্ষেত্রত আত্মনির্ভৰ হৈ উঠাৰ বাবে দেশে এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ ৰূপায়ণৰ ফলত কেৱল কয়লা খনি উদ্যোগৰে সংস্কাৰ নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে লাখ লাখ যুৱক-যুৱতীৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব৷ তেওঁ কয় যে আজি আমি কেৱল কয়লা খনিসমূহৰ বাণিজ্যিকীকৰণৰ বাবে নিলামৰ আৰম্ভ কৰা নাই, বৰঞ্চ দশক দশক ধৰি কয়লা ক্ষেত্রত যি লকডাউন চলি আছিল তাৰ পৰাও মুক্ত কৰিলো৷

তেওঁ সজোৰে কয় যে বিশ্বৰ চতুর্থ বৃহত্তম কয়লা ভাণ্ডাৰ আৰু দ্বিতীয় বৃহত্তম কয়লা পাদক দেশ হোৱাৰ সত্ত্বেও আমি বিশ্বত দ্বিতীয় বৃহত্তম কয়লা আমদানিকাৰী দেশ হৈ আছো আৰু এয়া ভাৰতৰ বাবে দুৰ্ভাগ্যজনক কথা৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দশকৰ পাছত দশক ধৰি এই পৰিৱেশেই চলি আহিছিল আৰু কয়লা উদ্যোগমেলা মুখ আৰু আৱদ্ধমুখ খনিৰ ভিতৰতে প্ৰৱৰ্তিত আছিল৷ এই উদ্যোগক প্ৰতিযোগিতা আৰু স্বচ্ছতাৰ পৰা এৰাই ৰখাটোৱে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছিল, যাৰবাবে কয়লা উদ্যোগত বিনিয়োগ নহৈছিল আৰু ইয়াৰ দক্ষতা লৈও প্ৰশ্ন উত্থাপন হৈছিল৷

প্ৰধানমন্ত্রীয়ে কয় যে ২০১৪ চনত কয়লা উদ্যোগৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰতিযোগিতা, মূলধন, অংশগ্ৰহণ আৰু প্ৰযুক্তিৰ ব্যৱহাৰে কয়লা আৰু খনি উদ্যোগৰ উন্নতিৰ বাবে এতিয়া এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে-সেয়া হৈছে এই উদ্যোগক মুক্ত কৰি দিয়া হৈছে৷ ব্যক্তিগত খনি উদ্যোগ সংস্থাসমূহে যাতে মূলধনৰ সমস্যাত নপৰে তাৰবাবেও বিশেষ ব্যৱস্থা লোৱা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পর্যাপ্ত খনিজ সম্পদ আৰু খনি উদ্যোগক বাদ দি আত্মনির্ভৰতা সম্ভন নহয়, কাৰণ আমাৰ অর্থনীতিত এই দুটা অত্যন্ত গুৰুত্বপূর্ণ স্তম্ভ৷

প্ৰধানমন্ত্রীয়ে কয় যে এই সংস্কাৰসমূহৰ জৰিয়তে কয়লা পাদন আৰু সম্পূৰ্ণ কয়লা উদ্যোগ আত্মনির্ভৰ হৈ উঠিব৷ এতিয়া কয়লাৰ বাবে বজাৰ মুক্ত কৰি দিয়া হ’ল৷ ফলস্বৰূপে যিকোনো উদ্যোগে তেওঁলোকৰ চাহিদা অনুসৰি কয়লা ক্ৰয় কৰিব পৰিব৷ প্ৰধানমন্ত্রীয়ে কয় যে এই সংস্কাৰৰ ফলত কেৱল কয়লা উদ্যোগেই নহয় তীখা, এলুমিনিয়াম, সাৰ আৰু চিমেণ্ট উদ্যোগসমূহো উপকৃত হ’ব৷ ইয়াৰ ফলত বিদ্যুতৰ পাদনো বৃদ্ধি পাব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে খনিজ উদ্যোগত সংস্কাৰৰ ফলত কয়লা খনিৰ ক্ষমতা বৃদ্ধি হৈছে৷ কাৰণ কয়লা খনিসমূহ লো, বক্সাইট আৰু অন্যান্য ধাতৱ পদার্থৰ খনি এলেকাৰ সমীপতে অৱস্থিত। তেওঁ কয় যে কয়লা খনিৰ বাণিজ্যিকীকৰণৰ বাবে যি নিলাম প্ৰক্রিয়া আজি আৰম্ভ হ’ল তাৰ দ্বাৰা সংশ্লিষ্ট সকলো উদ্যোগ উপকৃত হ’ব৷ ৰাজ্য চৰকাৰসমূহে আৰু অধিক ৰাজহ লাভ কৰিব আৰু দেশত প্ৰচুৰ পৰিমাণে কর্মসংস্থাপনৰ সৃষ্টি হ’ব৷ ইয়াৰ ফলত প্ৰত্যেক ক্ষেত্রত ইতিবাচক প্ৰভাৱ পৰিব৷

 

কয়লা উদ্যোগৰ সংস্কাৰৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে ইয়াৰ জৰিয়তে পৰিৱেশৰ প্ৰতি ভাৰতৰ যি দায়বদ্ধতা সেয়া কোনোধৰণে অৱহেলিত নহয়৷ তেওঁ কয় যে কয়লাৰ পৰা গেছ প্ৰস্তুত কৰাৰ বাবে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব৷ ইয়াৰ ফলত পৰিৱেশ ৰক্ষা হ’ব৷ এই পাদিত গেছ পৰিবহন আৰু ৰন্ধন কাৰ্যৰ লগতে ইউৰিয়া, তীখা আৰু নির্মাণ উদ্যোগৰো বিকাশ সাধন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ২০৩০ চনৰ ভিতৰত ১০ কোটি টন কয়লাক গেছলৈ ৰূপান্তৰ কৰাৰ উদ্যোগ লৈছে৷ ইয়াৰ বাবে চাৰিটা প্ৰকল্পক চিহ্নিত কৰা হৈছে য’ত ২০ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব৷ তেওঁ কয় যে কয়লা উদ্যোগৰ সংস্কাৰৰ ফলত পূব আৰু মধ্য ভাৰতৰ লগতে আমাৰ জনজাতি বসতিপ্ৰধান এলেকাসমূহৰ উন্নয়নৰ স্তম্ভ হৈ পৰিব৷ এই এলেকাসমূহ বহু অভিলাসী জিলা আছে যাৰ প্ৰগতি আৰু সমৃদ্ধিৰ ঈপ্সিত লক্ষ্যত উপনীত হ’ব পৰা নাই৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ ১৬খন অভিলাসী জিলাত প্ৰচুৰ কয়লা মজুত আছে। কিন্তু এই অঞ্চলৰ লোকসকল ইয়াৰ পৰা উপযুক্তভাবে উপকৃত হ’ব পৰা নাই৷ ইয়াৰ লোকসকলে কামৰ বাবে দূৰ-দুৰণিৰ চহৰলৈ যাবলৈ বাধ্য হয়৷ খনি উদ্যোগৰ বাণিজ্যিকীকৰণৰ পদক্ষেপ ফলত এতিয়া স্থানীয় লোকসকলে তেওঁলোকৰ ঘৰৰ কাষতে কামৰ সন্ধান পাব৷ তেওঁ কয় যে চৰকাৰে কয়লা উত্তোলন আৰু পৰিবহণৰ আন্তঃগাঁথনি গঢ়ি তুলিবলৈ ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পৰাও কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব৷

কয়লাৰ বাণিজ্যিক খননৰ সিদ্ধান্তৰ পদক্ষেপক ঐতিহাসিক বুলি বর্ণনা কৰি কেন্দ্রীয় কয়লা আৰু খনি মন্ত্রী প্ৰহ্লাদ যোশীয়ে কয় যে ভাৰতৰ ইন্ধনৰ চাহিদা প্ৰতি বছৰে % হাৰত বৃদ্ধি পায়। দেশক সকলো ধৰণৰ ইন্ধনৰ প্ৰয়োজন। কয়লাই দেশৰ ৫০% ইন্ধনৰ চাহিদা পুৰণ কৰে৷ এই ক্ষেত্রত ক’ল ইণ্ডিয়া লিমিটেডে ইমানদিনে প্ৰধান ভূমিকা পালন কৰি আহিছে৷

অনুষ্ঠান কয়লা মন্ত্ৰালয়ৰ সচিব অনিল কুমাৰ জৈন, ফিকিৰ অধ্যক্ষ ড০ সংগীতা ৰেড্ডি, বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱাল আৰু টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত কয়লা মন্ত্ৰালয়ৰ যুটীয়া সচিব এম নাগাৰাজুৱে কাৰিকৰী দিশটো পৰিচালনা কৰে৷

****

RJ/NG/DB



(Release ID: 1632659) Visitor Counter : 151