কয়লা মন্ত্ৰালয়

প্ৰতিযোগিতা, মূলধন, অংশগ্ৰহণ আৰু প্ৰযুক্তিৰ বাবে ভাৰতে কয়লা আৰু খনিখণ্ড সম্পূৰ্ণভাৱে মুকলি কৰি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে

কয়লা খণ্ডৰ সংস্কাৰে পূব আৰু মধ্য ভাৰত, আদিবাসী খণ্ডক বিকাশৰ স্তম্ভলৈ পৰিৱৰ্তিত কৰিবঃ প্ৰধানমন্ত্ৰী

কয়লা উৎপাদিত ৰাজ্যসমূহত বৃহৎ সংখ্যক মূলধন ব্যয় আৰু নিয়োজন পৰিকল্পনাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ কয়লা খণ্ড

বাণিজ্যিক খননৰ বাবে কয়লা খনিৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ; ৪১টা কয়লা খনি নিলামৰ বাবে সাজু

Posted On: 18 JUN 2020 5:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাণিজ্যিক খননৰ বাবে ৪১টা কয়লা ব্ল’ক নিলামৰ প্ৰক্ৰিয়া মুকলি কৰে৷ চৰকাৰে কিছুদিন পূৰ্বে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰতৰ অধীনত এইলানি পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ কয়লা মন্ত্ৰালয়ে ফিকিৰ সহযোগত এই কয়লা খনিসমূহৰ নিলামী প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ কয়লা খনিসমূহৰ আৱণ্টনৰ বাবে দুটা পৰ্যায়ৰ বৈদ্যুতিন নিলামী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷

এই সন্দৰ্ভত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে ক’ভিড-১৯ৰ বিভীষিকাৰ পৰা অতি সোনকালেই মুক্ত হ’ব আৰু ৰাষ্ট্ৰই সংকটৰ এই মুহূৰ্তক সুযোগলৈ ৰূপান্তৰিত কৰিব৷ তেওঁ কয় যে এই সংকটে ভাৰতক আত্মনিৰ্ভৰ হ’বলৈ শিকালে৷ তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থ হ’ল আমদানিৰ পৰিমাণ হ্ৰাস কৰা আৰু আমদানিৰ পৰা বৈদেশিক মুদ্ৰা ৰাহি কৰা৷ ইয়াৰ দ্বাৰা ভাৰতে থলুৱাভাৱে সংসাধন উৎপাদন কৰাটোও সম্ভৱ হ’ব যাৰ বাবে ভাৰতে অন্যৰ ওপৰত আৰু যাতে নিৰ্ভৰ কৰিবলগীয়া নহয়৷

এইসমূহ লাভ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো খণ্ড, প্ৰতিটো সামগ্ৰী, প্ৰতিটো সেৱা যাতে ঐক্যৱদ্ধভাৱে পৰিচালিত হয় য’ৰ পৰা আত্মনিৰ্ভৰ ভাৰত ভেটি স্থাপন হ’ব পাৰে৷ তেওঁ কয় যে আজি গ্ৰহণ কৰা বৃহৎ পদক্ষেপসমূহে ভাৰতক শক্তি খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিব৷ তেওঁ কয় যে আজিৰ এই অনুষ্ঠানটোৱে কেৱল কয়লা খণ্ডৰ সংস্কাৰ সাধনেই নহয় বৰঞ্চ যুৱসমাজৰ মাজত লক্ষাধিক নিয়োজনৰো সৃষ্টি কৰিব৷ তেওঁ কয় যে আজি আমি কেৱল কয়লাৰ বাণিজ্যিক খননেই নহয় বৰঞ্চ দশকজুৰি ‘লকডাউন’ হৈ থকা কয়লা খণ্ডক মুক্ত কৰাও হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কয়লা খনিৰ সংস্কাৰ সাধনৰ দ্বাৰা ইয়াৰ সৈতে জড়িত অন্যান্য খণ্ডসমূহ যেনে আইৰণ, বক্সাইট আৰু অন্যান্য খনিজাত আকৰৰ খণ্ডৰো সংস্কাৰ সাধন হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কয়লা খণ্ডৰ সংস্কাৰে পূব আৰু মধ্য ভাৰত, আমাৰ জনজাতি এলেকাক বিকাশৰ গতিলৈ অগ্ৰসৰিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কয়লা খনন আৰু পৰিবহণৰ আন্তঃগাঁথনি সৃষ্টিৰ বাবে ৫০ হাজাৰ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ দ্বাৰা বৃহৎ সংখ্যক নিয়োজনৰ সৃষ্টি হ’ব৷

কয়লা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে আজিৰ এই মুহূৰ্তটোক ঐতিহাসিক বুলি অভিহিত কৰি কয় যে প্ৰতিবছৰে ভাৰতৰ শক্তিখণ্ডৰ চাহিদা ৫ শতাংশকৈ বৃদ্ধি পাবলৈ ধৰিছে৷ ভাৰতক শক্তিৰ সকলো ধৰণৰ উৎসৰ প্ৰয়োজন৷ তেওঁ কয় যে কয়লাই ভাৰতৰ মুঠ শক্তি চাহিদাৰ অকলেই ৫০% পূৰণ কৰিব পাৰে৷ ব্যক্তিগত খণ্ডক উদ্যোগসমূহে খনি খণ্ডত প্ৰৱেশৰ এয়াই উপযুক্ত সময় বুলি তেওঁ মন্তব্য কৰে৷

এই নিলাম প্ৰক্ৰিয়াত ৪১টা কয়লা খনি মুকলি কৰি দিয়া হৈছে৷ এই কয়লা খনিসমূহ চট্টিশগড়, ঝাৰখণ্ড, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাত আছে৷

উল্লেখ্য, কয়লা মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী এম নাগাৰাজুৰ নেতৃত্বত নিলামী প্ৰক্ৰিয়াৰ নীতি আৰু আইনী প্ৰক্ৰিয়া তথা চুক্তিসমূহৰ এক কাৰিকৰী অধিৱেশনো অনুষ্ঠিত কৰা হয়৷

****

RJ/NG/MANN



(Release ID: 1632653) Visitor Counter : 226