প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অসমৰ গেছ কূপত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰিস্থিতিৰ খতিয়ান ল’লে প্ৰধানমন্ত্ৰীয়ে

Posted On: 18 JUN 2020 8:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ তিনিচুকীয়া জিলাৰ অইল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ বাঘজান গেছ খাদ নং ৫ত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰিস্থিতিৰ বুজ লয়৷

আজিৰ পুনৰীক্ষণ বৈঠকখনত অংশগ্ৰহণ কৰে গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে৷

২৭ মে’ ২০২০ তাৰিখৰ পৰা উক্ত খাদটোৰে অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হোৱাৰ ফলত খাদটোত ৯ জুন ২০২০ তাৰিখে জুয়ে আৱৰি ধৰে৷ অঞ্চলটোৰ নিকটৱৰ্তী এলেকাৰ পৰিয়ালসমূহক ৰাজ্য চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহায়ত আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰোৱা হয়৷ প্ৰায় ৯,০০০ ব্যক্তিয়ে এই আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে৷ তৎকালীন সাহায্য হিচাপে জিলা প্ৰশাসনে চিনাক্ত কৰা ১৬১০ পৰিয়াললৈ ৩০,০০০ টকাকৈ সাহায্য আগবঢ়োৱা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক এই বুলি আশ্বস্ত কৰে যে ভাৰত চৰকাৰে ৰাজ্যখনৰ এই সংকটৰ সময়ছোৱাত সম্পূৰ্ণ ধৰণে সহযোগিতা আগবঢ়াব৷ তেওঁ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ক সমগ্ৰ বিষয়টো ভালদৰে অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে ভৱিষ্যতে এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি৷

পুনৰীক্ষণ বৈঠকৰ সময়ছোৱাত খাদটোৰ পৰা গেছৰ নিৰ্গমণ নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত তথা বিদেশৰ বিশেষজ্ঞসকলৰ সহায়ত এক বিশদ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি অৱগত কৰোৱা হয়৷ এই পৰিকল্পনা নিৰ্ধাৰিত সূচী অনুসৰি প্ৰণয়ন কৰা হ’ব আৰু ৭ জুলাই ২০২০ তাৰিখে খাদটো ঢাকি পেলোৱাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি বৈঠকখনত উল্লেখ কৰা হয়৷


___


VRRK/SH/MANN



(Release ID: 1632476) Visitor Counter : 163