জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

পিএম বন ধন যোজনাৰ দ্বাৰা বৰ্তমানৰ ১৮,০০০ আত্মসহায়ক গোটৰ পৰা ৫০,০০০ বন ঝন আত্মসহায়ক গোট আঁচনি সামৰি লোৱা, জনজাতীয় সংগ্ৰহকৰ্তাৰ তিনিগুন বৃদ্ধি কৰি ১০ লাখলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ

Posted On: 15 JUN 2020 9:14PM by PIB Guwahati

প্ৰকৃতিৰ অভূতপূৰ্ব সংকট দূৰ কৰা আৰু ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে পৃথক তথা নতুন দৃষ্টিকোণৰ আৱশ্যক৷ এই সময়ছোৱাত আটাইটতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ভিতৰত জনজাতিসকল অন্যতম৷ ইয়াৰ পৰিপ্ৰেক্ষিতত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ট্ৰাইফেডৰ দ্বাৰা আৰম্ভ কৰা কেতবোৰ যোজনাৰ অধীনত স্থাপন কৰা বন ধন ষ্টাৰ্ট-আপ জনজাতীয় সংগ্ৰহকৰ্তা, অঘৰী আৰু ঘৰত থকা শ্ৰমিক আৰু কাৰিকৰসকলৰ বাবে সংস্থাপন সৃষ্টিৰ এক সত পৰিণত হৈছে৷

ট্ৰাইফেডে আজি এক ৱেবিনাৰ আয়োজন কৰে যাতে এক অভিনৱ দৃষ্টিকোণ আৰু বন ধন ষ্টাৰ্ট-আপৰ প্ৰগতিৰ জৰিয়তে পৰিচিত কৰি তেওঁলোকে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰে৷ ট্ৰাইফেডৰ অধ্যক্ষ প্ৰবীৰ কৃষ্ণই অধ্যক্ষতা কৰা ‘বন ধনঃ ট্ৰাইবেল ষ্ট্ৰাট-আপ ব্লুম ইন ইণ্ডিয়া’ শীৰ্ষক এই ৱেবিনাৰত ৪০গৰাকীতকৈ অধিক লোকে অংশগ্ৰহণ কৰে৷  ৱেবিনাৰত পিআইবিৰ এডিজি, শ্ৰীমতী নানু ভাছিন আৰু মাইগভৰ চিইঅ’ অভিষেক সিঙো উপস্থিত থাকে৷ টাইফেডৰ হৈ সকলো বিভাগীয় মুৰব্বী আৰু জ্যেষ্ঠ বিষয়াসকলে প্ৰতিনিধিত্ব কৰে৷

 

এই উপলক্ষে আদৰণি ভাষণত অধ্যক্ষ প্ৰবীৰ কৃষ্ণই বন ধন যোজনাৰ এক চমু আভাস দিয়াৰ লগতে কয় যে ২২ খন ৰাজ্যৰ ৩.৬ লাখ জনজাতীয় সংগ্ৰহকৰ্তা আৰু ১৮,০০০ আত্মসহায়ক গোটক সংস্থাপনৰ সূযোগ দিয়াৰ বাবে ১২০৫টা জনজাতীয় প্ৰতিষ্ঠান গঠন কৰা হৈছে৷ ইফালে ‘গ’ ভোকেল ফৰ লোকেল’ মন্ত্ৰক সাৰোগত কৰি এই সংকটপূৰ্ণ সময়ত ‘গ’ ভোকেল ফৰ লোকেল গ’ ট্ৰাইবেল-মেৰা বন মেৰা ধন মেৰা উদ্যম’ক সামৰি লোৱা হৈছে৷ ইয়াৰ জৰিয়তে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ধাৰা ২৭৫(১)ৰ অনুচ্ছেদৰ অধীনত ক’ভিড-১৯ সাহায্য পৰিকল্পনাৰ জৰিয়তে জনজাতীয় সংগ্ৰহকৰ্তাৰ সংখ্যা তিনিগুন বৃদ্ধি কৰি ১০লাখ কৰা হৈছে৷ তেওঁ নাগালেণ্ড, ৰাজস্থান আৰু মনিপুৰৰ একাধিক ফটোৰ জৰিয়তে বিষয়বস্তু উপস্থাপন কৰে৷ ইতিমধ্যে ২,০০০বিধ সামগ্ৰী চিনাক্ত কৰা হৈছে৷

 

অধ্যক্ষ কৃষ্ণই সদৰি কৰা মতে কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো বন ধন বিকাশ কেন্দ্ৰৰ বাবে ১৫ লাখ টকাকৈ প্ৰদান কৰিছে৷ বৰ্তমানলৈকে এই কেন্দ্ৰসমূহে আৱণ্টিত ধনৰ ২৫ৰ পৰা ৩০% কেঁচা সামগ্ৰী, শ্ৰমিকৰ মজুৰিৰ নামত ব্যয় কৰিছে৷

*****

NB/SK/MoTA/15.06.2020/DB



(Release ID: 1631908) Visitor Counter : 250