পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

অসমৰ তিনিচুকীয়া জিলাৰ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ গেছ কূপত হোৱা অগ্নিকাণ্ড সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন

Posted On: 10 JUN 2020 6:00PM by PIB Guwahati

ৰাজহুৱা খণ্ডৰ উদ্যোগ অইল ইণ্ডিয়া লিমিটেডে অসমৰ তিনিচুকীয়া জিলাৰ বাঘজান তৈলক্ষেত্ৰৰ অধীনত বাঘজানৰ পাঁচ নং কূপৰ পৰা গেছ উৎপাদনৰ কামত নিয়োজিত হৈ আছে৷ ২৭ মে’ ২০২০ তাৰিখে হঠাতে সেই কূপত এক অগ্নিকাণ্ড সংঘটিত হয়৷ গেছৰ ফলত কূপৰ সেই অগ্নি অনিয়ন্ত্ৰিত হ’বলৈ ধৰে৷ অইল ইণ্ডিয়াই ততালিকে অএনজিচিৰ সংকট ব্যৱস্থাপনা দল (চিএমটি)ৰ পৰা সাহায্য বিচাৰে৷ অইলে ছিংগাপুৰস্থিত ফাৰ্ম মেচাৰ্ছ এলাৰ্ট ডিজেষ্টাৰ কণ্ট্ৰ’লৰো সহায় বিচাৰে৷

এই কূপটো বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰণ কৰি তথা সকলো সাৱধানতা পালন কৰি ঢাকি পেলোৱাৰ ব্যৱস্থা কৰা হৈছিল৷ কূপৰ ক্লীয়েৰিং সম্বন্ধীয় পৰিচালনা স্থানডোখৰত চলি থকাৰ সময়তেই ৯ জুন ২০২০ তাৰিখে দুপৰীয়া তাত অগ্নিকাণ্ড সংঘটিত হয় আৰু কূপটোৰ স্থানৰ পৰা প্ৰায় ২০০ মিটাৰ পৰিসৰৰ এলেকা অগ্নিয়ে সামৰি লয়৷ অগ্নি সংঘটিত হোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷

কেন্দ্ৰীয় পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰীয়ে কালি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অইল ইণ্ডিয়া, অ’এনজিচি, আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ তথা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ বিষয়াবৰ্গৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পৰিস্থিতিৰ বুজ লয়৷ অসমৰ মুখ্যমন্ত্ৰীয়ে জন-ধন হানি, জনসাধাৰণৰ আশংকা দূৰ কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিছে৷ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মুখ্যমন্ত্ৰীক এইবুলি আশ্বাস প্ৰদান কৰে যে পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয় তথা অইল ইণ্ডিয়াই এই ক্ষেত্ৰত পূৰ্ণ সহযোগ কৰিব৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহক সাহায্য আৰু ক্ষতিপূৰণ প্ৰদান কৰা হ’ব৷    

কেন্দ্ৰীয় পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি পুনৰবাৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ক্ষেত্ৰত উপস্থিত সংকট ব্যৱস্থাপনা দল, অইল ইণ্ডিয়াৰ বিষয়া তথা মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে সমীক্ষা বৈঠক অনুষ্ঠিত কৰে৷ কূপৰ প্লিনথ্ এলেকাক বাদ দি নিকটৱৰ্তী এলেকাৰ অধিকাংশ অগ্নি নিৰ্বাপন কৰা হৈছে বুলি তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছে৷ কিন্তু কূপটোক ঢাকি নেপেলোৱা পৰ্যন্ত মুখৰ পৰা ওলোৱা জুই জ্বলিয়েই থাকিব বুলি কোৱা হৈছে৷

অগ্নিকাণ্ডই ২০০ মিটাৰ পৰিসৰৰ প্ৰায় ১৫টা ঘৰ সম্পূৰ্ণ ৰূপে জ্বলাই পেলাইছে আৰু অন্য ১৫টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত কৰিছে৷ অইল ইণ্ডিয়াৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুজন কৰ্মীৰ মৃত্যু হোৱা বুলিও প্ৰতিবেদন দাখিল কৰা হৈছে৷ প্ৰাৰম্ভিক তথ্যৰ দ্বাৰা এই সংকেত লাভ হৈছে যে তিনিজন অগ্নি নিৰ্বাপক কৰ্মী, দুজন অইল ইণ্ডিয়াৰ তথা এজন অএনজিচিৰ কৰ্মী কূপৰ নিকটৱৰ্তী জলাশয়ত জপিয়াই পৰিছিল৷ অএনজিচিৰ কৰ্মীজন আঘাতপ্ৰাপ্ত হ’ল যদিও অইল ইণ্ডিয়াৰ কৰ্মী দুজনে নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে৷ তেওঁলোকৰ শৱদেহ দুটা উদ্ধাৰ কৰা হৈছে৷

কূপক ঢাকি পেলোৱা কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে ভস্ম হোৱা ৰিগৰ অৱশিষ্ট, দমতল তথা কূপৰ ক্ষেত্ৰৰ নিকটৱৰ্তী সামগ্ৰীসমূহ সেই স্থানৰ পৰা আঁতৰাই পেলোৱা হ’ব৷ সেই ক্ষেত্ৰত গতিবিধি আৰম্ভ কৰাৰ পূৰ্বে নিৰন্তৰে পানীৰ ব্যৱস্থা কৰা হ’ব৷ এই ব্যৱস্থাসমূহ সম্পন্ন কৰাৰ বাবে ৫-৬ দিনৰ প্ৰয়োজন হ’ব পাৰে আৰু ব্যৱস্থাপনা সম্পূৰ্ণ হ’বলৈ প্ৰায় ৪ সপ্তাহৰ প্ৰয়োজন হ’ব পাৰে৷

প্ৰায় ১৬০০ পৰিয়ালক পূৰ্বতেই নিকটৱৰ্তী এলেকাৰ পৰা স্থানান্তৰিত কৰা হৈছে আৰু সুৰক্ষিত এলেকাৰ সাহায্য শিবিৰত তেওঁলোকক আশ্ৰয় প্ৰদান কৰা হৈছে৷ অইলে তৎকালীন সাহায্যৰ ৰূপত প্ৰত্যেক প্ৰভাৱিত পৰিয়ালক ৩০,০০০ টকাৰ ধনৰ পৰিমাণ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷

উল্লেখ্য, কূপটো ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তথা মাগুৰী মোটাপুং বিলৰ কাষত অৱস্থিত৷ অইলে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তথা মাগুৰী মোটাপুং বিলৰ নিকটৱৰ্তী ক্ষেত্ৰৰ পৰিবশৰ প্ৰভাৱৰ সৰ্বেক্ষণ কৰাৰ বাবে এক অনুমোদিত এজেন্সীৰ সেৱা গ্ৰহণ কৰিছে৷

মন্ত্ৰালয়ে নিৰন্তৰে স্থিতিৰ নিৰীক্ষণ তথা সৰ্বেক্ষণ কৰি আছে৷

 

YB/MANN



(Release ID: 1630776) Visitor Counter : 224