বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

উশাহত যাব পৰা ৰোগ সৃষ্টিকাৰী বিজাণু প্ৰতিৰোধ কৰিব পৰা বহুতৰপীয়া মাস্ক

ভাইৰাছ সংমিশ্ৰিত টোপাল নিলগাই পঠাব পৰাকৈ মাস্কৰ বহিৰ্তৰপত জল-বিতাৰক সম্বলিত

Posted On: 10 JUN 2020 7:33PM by PIB Guwahati

ভেল কৰোনা ভাইৰাছ মষিমূৰ কৰিব পৰা কোনো ঔষধ অথবা কোনো প্ৰতিষেধক এই পৰ্যন্ত উপলব্ধ হোৱা নাই। এই ভাইৰাছৰ আক্ৰমণৰ পৰা হাত সাৰি থকাৰ বাবে মাস্ক পৰিধান কৰা, সামাজিক ব্যৱধান বিধি মানি চলা, ঘনে ঘনে চাবোনৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিয়ে এই মুহূৰ্তত কৰোনাৰ বিৰুদ্ধে যুঁজিব লগা হৈছে। কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পৰা উপযুক্ত মাস্ক সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থাই বিভিন্ন পৰামৰ্শ প্ৰদান কৰি আহিছে। পিচে, দীৰ্ঘ সময় ধৰি মাস্ক পৰিধান কৰি থকাতো নিতান্তই অশান্তিদায়ক কথা। বহু সময়ত মাস্ক পৰিধান কৰি উশাহ-নিশাহ লোৱাতো অসুবিধা পাই অনেকে। উপযুক্তভাবে মাস্কৰ ব্যৱহাৰ কৰাতোও একধৰণৰ সমস্যাৰ কথাই। এনেবোৰ সমস্যাৰ কথা উপলব্ধি কৰিয়েই স্কুল অব বায়মেডিকেল ইঞ্জিনিয়াৰিং’, আইআইটি ভুৱনেশ্বৰ-ৰ ড০ মাৰ্শ্বাল আৰু তেওঁৰ এটা দলে এবিধ পাঁচ তৰপীয়া বিজাণু প্ৰতিৰোধী মাস্ক বিকশিত কৰি উলিয়াইছে।

এনে মাস্ক-ৰ প্ৰথমটো তৰপে উশাহত যাব পৰা বিজাণু প্ৰতিৰোধ কৰি সংক্ৰমণৰ তীব্ৰতা বহু পৰিমাণে হ্ৰাস কৰি দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ কমাব পাৰে। এই সন্দৰ্ভত মন্তব্য কৰি ইণ্ডিয়া ছায়েন্স ওৱায়াৰৰে হোৱা এক বাৰ্তালাপত ড০ মাৰ্শ্বালে কয় যে বজাৰত উপলব্ধ মাস্কসমূহে ফিল্টাৰৰ দৰে কাম কৰি মুখ কিম্বা নাকেৰে সোমাব পৰা জীৱাণু ৰোধ কৰিব পাৰে যদিও মাস্কৰ ওপৰত ৰৈ যোৱা বিজাণুবোৰক মষিমূৰ কৰিব পৰাৰ কোনো ব্যৱস্থা নাথাকে।

এনেবোৰ মাস্ক চিকিত্সক কিম্বা অন্যান্য স্বাস্থ্য-কৰ্মীৰ বাবে বিপজ্জনক হব পাৰে, কিয়নো তেওঁলোকে যি পৰিৱেশত কাম কৰিব লাগে তেনে পৰিৱেশত অধিক হাৰত বীজাণু অথবা ভাইৰাছৰ উপস্থিতি থাকে

https://static.pib.gov.in/WriteReadData/userfiles/image/image003BHKF.gif

জীৱাণু-প্ৰতিৰোধী বহুতৰপীয়া মাস্কৰ সৈতে ড০ মাৰ্শ্বাল

 

এনেবোৰ সমস্যাৰ কথা উপলব্ধি কৰিয়ে ড০ মাৰ্শ্বাল আৰু তেওঁৰ দলটোৱে প্ৰটনেটেড এমাইন মেট্ৰিক্সৰ সৈতে সংযুক্ত নেনমেটেলৰ বহুকেইটা তৰপ সম্বলিত কৰি এই মাস্ক বিকশিত কৰিছে।

ইয়াৰে প্ৰথমটো তৰপে যিকোনো ধৰণৰ আৰএনএ-ক দুৰ্বল কৰে, দ্বিতীয়টো তৰপে জীৱাণু প্ৰতিৰোধ কৰে, তৃতীয়টোৱে বায়ু পৰিস্কাৰ কৰে, চতুৰ্থ আৰু পঞ্চম তৰপ দুটা আৰামদায়ক তৰপ, নাক আৰু মুখত এই দুটা তৰপ লাগি থাকিব।

 

*****

NB/KGS/(DST release)/ (DBT release) (CSIR Release)/(India Science Wire)/ (vigyansamachar)/KB



(Release ID: 1630774) Visitor Counter : 203