বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

অতি বেঙুনীয়া ৰশ্মিৰ জৰিয়তে ক’ভিড-১৯ সংক্ৰমণযুক্ত বিভিন্ন বস্তু সংক্ৰমণমুক্ত কৰাৰ বাবে বহুমুখী কেবিনেট উদ্ভাৱন এআৰচিআই আৰু মেকিন্সৰ

অতি বেঙুনীয়া ৰশ্মিৰ জৰিয়তে শুকান আৰু ৰাসায়নিক পদার্থমুক্ত দ্ৰুত বীজানুনাশকৰণ

ভাইৰাছজনিত সামগ্ৰীৰ বীজানুমুক্ত কৰা পদ্ধতিসমূহৰ ভিতৰত অতি বেঙুনীয়া ৰশ্মিৰ ব্যৱহাৰ যথেষ্ট সমাদৃত

Posted On: 08 JUN 2020 1:26PM by PIB Guwahati

ইণ্টাৰনেচনেল এডভান্সড ৰিসার্চ চেণ্টাৰ ফৰ পাউডাৰ মেটালাৰজি এণ্ড নিউ মেটেৰিয়েল(এআৰচিআই) বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এক স্বতন্ত্ৰ গৱেষণা আৰু উন্নয়নমূলক সংস্থা। ক’ভিড-১৯ সংক্ৰমণমুক্ত কৰাৰ বাবে পিপিইকে ধৰি বিভিন্ন সামগ্ৰী, যিবোৰ পৰীক্ষাগাৰত ব্যৱহৃত, সেইবোৰ সংক্ৰমণমুক্ত কৰাৰ বাবে হায়দৰাবাদৰমেকিন্স ইণ্ডাষ্ট্ৰী সৈতে এক অতিবেঙুনীয়া ৰশ্মিভিত্তিক কেবিনট সাজি উলিয়াইছে৷ এই কেবিনটে ঘৰৰ বিভিন্ন সামগ্ৰী সংক্ৰমণমুক্ত কৰিব পাৰে৷

ভাৰতে প্ৰথম কেইটামান পৰ্যায়ৰ লকডাউনত ছাৰ্ছ-ক’ভ-২ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰিছিল। কিন্তু বর্তমান লকডাউনৰ নিয়মবোৰ শিথিল কৰাৰ ফলত এই সংক্ৰমণ লাহে লাহে বিয়পি পৰাৰ আশংকা দেখা দিছে। বিভিন্ন সামগ্ৰীৰ উপৰিভাগত এই ভাইৰাছ দীর্ঘসময় ধৰি সক্রিয় হৈ থাকিব পাৰে৷ ফলত ইয়াৰ জৰিয়তে সংক্ৰমণ বিয়পি পৰাৰ সম্ভাৱনা আছে। সেয়েহে, অতি বেঙুনীয়া ৰশ্মিৰ জৰিয়তে শুকান আৰু ৰাসায়নিক পদার্থযুক্ত সংক্ৰমণৰ পদ্ধতিৰ সহায় লোৱা হৈছে৷ ক’ভিড-১৯ ভাইৰাছৰ আৰএনএ অতি বেঙুনীয়া ৰশ্মিয়ে ২৫৪ নেনো-মিটাৰ বিকিৰণক শোষণ কৰিব পাৰে৷ ইয়াৰ ফলত সেই ভাইৰাছৰ গঠন বিনষ্ট কৰি ই ধ্বংস হৈ যায়। অতি বেঙুনীয়া ৰশ্মিৰ জৰিয়তে ষ্টেথোস্কপ, ৰক্তচাপ ডোখাৰ যন্ত্ৰকে ধৰি বিভিন্ন চিকিসা সামগ্রী, ম’বাইল ফোন, মানিবেগ, লেপটপ, পৰীক্ষাগাৰত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতি সংক্ৰমণমুক্ত কৰে৷ ইয়াক সহজে ব্যৱহাৰ কৰিব পৰা যায়৷

এআৰচিআই আৰু হায়দৰাবাদভিত্তিক মেকিন্সে এই কেবিনটটো সাজি উলিয়াইছে, য’ত এফালে ৩০ ৱাটৰ চাৰিটা অতি বেঙুনীয়া ৰশ্মিযুক্ত বাতি থাকিব আৰু এই কেবিনেটৰ ওপৰত তলৰ ফালে ১৫ ৱাট ক্ষমতাসম্পন্ন দুটা অতি বেঙুনীয়া ৰশ্মিৰ বাতি থাকিব৷ সেই কেবিনেটৰ মাজত কোনো বস্তু ৰাখিলে অতি বেঙুনীয়া ৰশ্মিয়ে সহজে সেইবোৰ সংক্ৰমণমুক্ত কৰিব পাৰিব৷ এই কেবিনেট বিভিন্ন গৱেষণাগাৰ, শিক্ষা প্ৰতিষ্ঠান, কাৰ্যালয়, হাস্পতাল, হোটেল-ৰেস্তোৰাঁকে ধৰি বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানত নিৰাপদে ব্যৱহাৰ কৰিব পৰা যাব৷

*****

NB/KGS/(DST)/DB



(Release ID: 1630446) Visitor Counter : 181