প্ৰতিৰক্ষা মন্ত্ৰালয়

মিচন সাগৰ-ছেচিলছৰ ভিক্টোৰিয়া বন্দৰত উপস্থিত আইএনএছ কেশৰী

Posted On: 07 JUN 2020 8:21PM by PIB Guwahati

মিচন সাগৰ অভিযানৰ অংশ হিচাপে ৭ জুন, ২০২০ত ভাৰতীয় নৌসেনাৰ জাহাজ কেশৰীয়ে ছেচিলছৰ ভিক্টোৰিয়া বন্দৰত উপস্থিত হয়৷ ভাৰত চৰকাৰে ইয়াৰ বন্ধু দেশসমূহক এই জটিল ক্ষণত ক’ভিড-১৯ মহামাৰী মোকাবিলা কৰাৰ বাবে সহায় আগবঢ়াই আহিছে আৰু ইয়াৰ অংশ হিচাপে আইএনএছ কেশৰীয়েও ছেচিলছবাসীৰ বাবে ক’ভিড সম্পৰ্কীয় অত্যাৱশ্যকীয় চিকিসা সামগ্ৰী কঢ়িয়াই নিছে৷

এই উপলক্ষে কালি ভাৰত চৰকাৰে ছেচিলছ চৰকাৰক ঔষধসমূহ হস্তান্তৰ কৰাৰ বাবে এক আনুষ্ঠানিক কাৰ্যসূচী আয়োজন কৰে৷ অনুষ্ঠানত ছেচিলছৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সচিব, ৰাষ্ট্ৰদূত বেৰী ফাউৰী আৰু স্বাস্থ্য বিভাগৰ সচিব মেৰী পিয়েৰী লয়ড উপস্থিত থাকে৷ ইফালে, ভাৰতৰ হৈ ছেচিলছস্থিত ভাৰতীয় উচ্চায়ুক্ত জেনেৰেল দলবীৰ সিং সুহাগ, পিভিএছএম, ইউৱাইএছএম, ভিএছএম(অৱসৰপ্ৰাপ্ত) আৰু ভাৰতীয় উচ্চায়ুক্তৰ দ্বিতীয় সচিব অশ্বিন ভাস্কৰণ উপস্থিত থাকে৷

এই জটিল সন্ধিক্ষণত ভাৰত চৰকাৰে ছেচিলছ চৰকাৰৰ প্ৰতি আগবঢ়োৱা সাহায্যৰ প্ৰচেষ্টাই দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ উকৰ্ষ সাধন কৰিছে৷ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু অন্যান্য সংস্থা সু্ক্ষ্ম সহযোগিতাত এই অভিযানে অগ্ৰগতি লাভ কৰিছে৷

***

VM/ MS/DB



(Release ID: 1630359) Visitor Counter : 158