স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ শেহতীয়া তথ্য
प्रविष्टि तिथि:
07 JUN 2020 2:50PM by PIB Guwahati
যোৱা ২৪ ঘন্টাত মুঠ ৫,২২০ জন ক’ভিড-১৯ ৰোগীৰ আৰোগ্য হৈছে। বৰ্তমানলৈকে মুঠ ১,১৯,২৯৩ জন ক’ভিড-১৯ ৰোগীৰ আৰোগ্য হৈছে। ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ হাৰ ৪৮.৩৭% । বৰ্তমান ১,২০,৪০৬ জন সক্ৰিয় ক’ভিড-১৯ ৰোগী নিশ্চিত কৰা হৈছে আৰু আটাইকেইজন চিকিৎসকৰ নিৰীক্ষণত আছে।
আই চি এম আৰে ক’ভিড-১৯ ৰোগীৰ পৰীক্ষণৰ সামৰ্থ বৃদ্ধি কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা হাতত লৈছে। চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৫৩১ লৈ আৰু ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰৰ সংখ্যা ২২৮সহ মুঠ ৭৫৯লৈ বৃদ্ধি কৰা হৈছে। যোৱা ২৪ ঘন্টাত মুঠ ১,৪২,০৬৯ টা নমুনা পৰীক্ষা কৰা হৈছে। বৰ্তমানলৈকে মুঠ ৪৬,৬৬,৩৮৬ টা নমুনা পৰীক্ষা কৰা হৈছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ পৰা সুৰক্ষিত হৈ থকাকৈ ই এন টি চিকিৎসকৰ কাম আগবঢ়াই নিয়াৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে। বিতং তথ্য https://www.mohfw.gov.in/pdf/ENTCOVID0306.pdf ত উপলব্ধ।
ক’ভিড-১৯ সম্পৰ্কে সকলো ধৰণৰ প্ৰযুক্তিগত কথা তথা নিৰ্দেশনা আদিৰ শেহতীয়া তথ্য শুদ্ধকৈ লাভ কৰিবলৈ নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাব পাৰিব।
ক’ভিড-১৯ সম্পৰ্কে কোনো ধৰণৰ প্ৰযুক্তিগত প্ৰশ্ন ই-মেইলযোগে technicalquery.covid19[at]gov[dot]in লৈ আৰু আন সাধাৰণ কোনো প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ পঠিয়াব পাৰে।
ক’ভিড-১৯ সম্পৰ্কে যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (বিনামূলীয়া) ত ফোন কৰিব পাৰে । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক’ভিড-১৯ সম্পৰ্কীয় হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত উপলব্ধ কৰা হৈছে।
****
MV/SG/DB
(रिलीज़ आईडी: 1630143)
आगंतुक पटल : 279
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam