প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু মাৰ্কিন ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 02 JUN 2020 9:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

 

ৰাষ্ট্ৰপতি ট্ৰাম্পে মাৰ্কিন ৰাষ্ট্ৰপতিৰ গ্ৰু অফ ছেভেন বিষয়ে সদৰি কৰাৰ লগতে এই গোটত ভাৰতকে ধৰি আন একাংশ গুৰুত্বপূৰ্ণ দেশত সদস্য হিচাপে ভৰ্তি কৰি ইয়াৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত তেওঁ আশা ব্যক্ত কৰে৷ এই উপলক্ষে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীক উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনায়৷

 

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্রাম্পৰ সৃজনশীল আৰু দূৰদর্শী মনোভাৱৰ প্ৰশংসা কৰি কয় যে ক’ভিডৰ পাছত বিশ্বত যি প্ৰকৃত অৱস্থাৰ সৃষ্টি হ’ব, জি-৭ গোটৰ সম্প্ৰসাৰণৰ সৈতে তাৰ সামাঞ্জস্য থাকিব৷ প্ৰস্তাৱিত এই সন্মিলন সফল কৰি তুলিবলৈ মার্কিন যুক্তৰাষ্ট্ৰ আৰু অন্যান্য ৰাষ্ট্রৰ সৈতে কাম কৰাৰ সুযোগ পাই ভাৰতে অতি আনন্দিত বুলি প্ৰধানমন্ত্রীয়ে অৱগত কৰে৷

মার্কিন যুক্তৰাষ্ট্রত বর্তমান যিসকল নাগৰিকে অসন্তুষ্টি প্ৰদৰ্শন কৰিছে, সেই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই সমস্যাৰ দ্রুত সমাধান হোৱাটো বিচাৰে৷

উভয় দেশত ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি, ভাৰত-চীন সীমান্তৰ ঘটনাৱলী, বিশ্ব স্বাস্থ্য সংস্থাৰ সংস্কাৰৰ প্ৰয়োজনীয়তাকে ধৰি বিভিন্ন প্রাসংগিক বিষয়ক লৈ দুয়োগৰাকী নেতাই মত বিনিময় কৰে৷

ৰাষ্ট্ৰপতি ট্রাম্পে যোৱা ফেব্রুৱাৰী মাহত তেওঁৰ ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰে৷ ইফালে, প্ৰধানমন্ত্রী মোদীয়ে কয় যে বিভিন্ন দিশৰ পৰা এই ভ্ৰমণৰ স্মৰণীয় আৰু ঐতিহাসিক আছিল আৰু এই ভ্ৰণণৰ জৰিয়তে দ্বিপাক্ষিক সম্পর্কই নতুন মাত্রা লাভ কৰিলে৷

ভাৰত-মার্কিন যুক্তৰাষ্ট্রৰ বিশেষ সম্পর্কক বাদ দি দুয়োগৰাকী নেতাৰ মাজত বন্ধুত্ব আৰু পাৰস্পৰিক শ্ৰদ্ধাৰ দিশতো মুক্ত আৰু ব্যতিক্ৰমী আলোচনাৰ জৰিয়তে প্ৰতিফলিত হৈছে৷

******

VRRK/SH/DB



(Release ID: 1630088) Visitor Counter : 200