ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

মোডী চৰকাৰ ২.০ৰ প্ৰথম বৰ্ষপূৰ্তিত ডিঅ’পিপিডব্লিউৰ এবছৰীয়া সাফল্যৰ খটিয়ান দাঙি ধৰা ‘ই-বুক’ উন্মোচন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে

পেন্সন ব্যৱস্থাৰ সংস্কাৰে বিশেষভাবে উপকৃত কৰিছে পেন্সনাৰসকলক : ড০ জিতেন্দ্ৰ সিং

Posted On: 04 JUN 2020 7:18PM by PIB Guwahati

পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগ(ডিঅপিপিডব্লিউ)ৰ এবছৰীয়া সাফল্যৰ খটিয়ান দাঙি ধৰা এখন ই-বুকআজি আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিভাগটোৰো দায়িত্ববাহী কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে উন্মোচনী প্ৰক্ৰিয়া সম্পন্ন কৰে।

এই উপলক্ষে বিষয়া-বৰ্গক সম্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বিভাগটোক অভিনন্দন জ্ঞাপন কৰি কয় যে, বিগত বৰ্ষটোত বিভাগটোৱে ৰূপায়ণ কৰা সংস্কাৰমূলক পদক্ষেপলানিয়ে মোডী চৰকাৰৰ সংবেদনশীল মনোভাৱটোকে কেৱল উদঙাই দেখুওৱা নাই, বৰং, ইয়ে মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ সময়তো সম্পূৰ্ণ দলবদ্ধভাবে আৰু উত্সৰ্গিত মনোভাবেৰে দেশক সংকতমুক্ত কৰাৰ প্ৰয়াসত ব্ৰতী হোৱাৰ মানসিকতাকো উজলাই তুলিছে। প্ৰসংগক্ৰমে তেওঁ, বিভাগটোৱে নিজৰ কৰ্তব্যৰ পৰিসীমা অতিক্ৰমী বিশিষ্ট চিকিত্সকক নিমন্ত্ৰণ কৰি আনি মহামাৰীৰ সংকটৰ পৰা পেন্সনাৰ সকলক নিলগাই ৰাখিব পৰা পৰামৰ্শ, বিধি-ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰোৱাৰ বাবে ৱেবিনাৰ অনুষ্ঠিত কৰাৰ কথা সন্তোষৰে উল্লেখ কৰে। পেন্সনাৰসকলৰ দৰে দেশৰ বয়োজ্যেষ্ঠ নাগৰিকসকলক সেৱা আগবঢ়াবলৈ পোৱাটো পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগৰ বাবে আন বিভাগসমূহে নোপোৱা ধৰণৰ এক অনন্য সৌভাগ্যৰ কথা বুলি অভিমত ব্যক্ত কৰে মন্ত্ৰীগৰকীয়ে।  

বিগত বৰ্ষটোৰ সাফল্যৰ খটিয়ান দাঙি ধৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে ১৯৭২ চনৰ চিচিএছ পেন্সন বিধিৰ ৫৪নং দফাৰ সংশোধনৰ কথা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। এই বিধিৰ সংস্কাৰৰ সুবাদত কৰ্তব্যৰত অৱস্থাত কোনো কৰ্মচাৰীৰ দুৰ্ভাগ্যবশতঃ মৃত্যু হলে, আনকি সংশ্লিষ্ট কৰ্মচাৰীগৰাকীৰ চাকৰি কাল ৭বছৰ পূৰ্ণ নোহোৱা পৰিস্থিতিটো তেওঁৰ পৰিয়ালে বৰ্ধিত হাৰত পেন্সন লাভ কৰাৰ সুবিধা লাভ কৰিলে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001JG6N.jpg

সেইদৰে যিসকল কৰ্মচাৰীয়ে ০১-০১-২০০৪ অথবা তাৰ পৰৱৰ্তি কালত চাকৰিত যোগদান কৰিলে অথচ তেওঁলোকে নিয়োগৰ বাবে অৱতীৰ্ণ হোৱা পৰীক্ষাৰ ফলাফল যদি ০১-০১-২০০৪ৰ আগতেই ঘোষিত হৈছিল তেন্তে সেইসকল কৰ্মচাৰীলৈকো পেন্সন সম্পৰ্কীয় পুৰণি আঁচনিৰ সম্প্ৰসাৰিত কৰা পদক্ষেপকো কৰ্মচাৰীসকলৰ বাবে গুৰুত্ব পূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰা হয়।

For Pension e-Book, Please click here.

<><><><><>

VG/SNC/KB



(Release ID: 1629555) Visitor Counter : 264