প্ৰতিৰক্ষা মন্ত্ৰালয়
কোচিনৰ নৌ সেনাৰ আস্থানত বাহৰেইন আৰু ওমানৰ পৰা আহা ১৭৬ জন ভাৰতীয় নাগৰিকৰ কোৱাৰেন্টাইন সম্পূৰ্ণ
प्रविष्टि तिथि:
04 JUN 2020 7:42PM by PIB Guwahati
কোচিনৰ নৌ সোনাৰ আস্থানত বাহৰেইন আৰু ওমানৰ পৰা আহা ১৭৬ জন ভাৰতীয় নাগৰিকৰ বাধ্যতামূলক কোৱাৰেন্টাইন সম্পূৰ্ণ হ’ল। দাক্ষিণাত্য নৌ সোনাৰ ক’ভিড সেৱা কেন্দ্ৰত দুসপ্তাহ কটাই আৱাসীসকলে এতিয়া দেশৰ বিভিন্ন ঠাইলৈ গৈছে।
ক’ভিড সেৱা কেন্দ্ৰত তেওঁলোকে থকাৰ সময়ত খাদ্য, ব্যক্তিগত স্বচ্ছতা সামগ্ৰী, স্বাস্থ্য নিৰীক্ষণৰ সুবিধা, ৱাইফাই আৰু টেলিফোনৰ সম্পূৰ্ণ সুবিধা, নতুন বি এছ এন এল ছিম কাৰ্ড আৰু অন্যান্য সকলো সুবিধাৰ লগতে বিদেশী মূদ্ৰা সলনি কৰাৰ সুবিধাও প্ৰদান কৰা হৈছিল।
সকলো আৱাসীকে তাত থকাৰ সময়খিনিত আৰ টি-পি চি আৰ পৰীক্ষণ কৰাৰ পিছত নিগেটিভ ফল অহাৰ বাবে যাবলৈ অনুমতি দিয়া হ’ল।
ওমানৰ পৰা আহা ৪৯ জনে আজি শেহতীয়াকৈ ক’ভিড সেৱা কেন্দ্ৰ এৰি যায়। তাৰ আগতে ১ আৰু ২ জুন তাৰিখে বাহৰেইনৰ পৰা আহা ১২৭ জনে ক’ভিড সেৱা কেন্দ্ৰ ত্যাগ কৰিছিল।
যোৱা ২০ মাৰ্চ তাৰিখে কোচিনত ২০০ বিছনাযুক্ত নৌ সেনাৰ কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰু ছুটীত থকা নৌ সেনাৰ কৰ্মীসকলে ঘূৰি আহি পুনৰ কৰ্তব্যত যোগ দিয়াৰ আগতে থকাৰ বাবে ট্ৰেঞ্জিত কোৱাৰেন্টাইন হিচাপে ব্যৱহাৰ কৰি থকা হৈছিল। অতি কম সময়ৰ ভিতৰতে ইয়াক বাহৰেইন আৰু ওমানৰ পৰা আহা ভাৰতীয় নাগৰিকক কোৱাৰেন্টাইন কৰিবৰ বাবে সাজু কৰি তোলা হৈছিল। এই কেন্দ্ৰটো প্ৰশিক্ষণপ্ৰাপ্ত নৌ সেনাৰ চিকিৎসক আৰু স্কুল অৱ নেভেল এয়াৰমেনৰ কৰ্মচাৰীৰদ্বাৰা পৰিচালিত হৈ আছে।
ভাৰতীয় নৌ সেনাই ক’ভিড-১৯ ৰ বিৰুদ্ধে দেশৰ যুদ্ধত সকলোপ্ৰকাৰে সহযোগিতা আগবঢ়াই ‘দেশৰ বাবেই সকলো কাম’ আদৰ্শৰ প্ৰতি নিষ্ঠা প্ৰকট কৰি তুলিছে।
VM/MS/PRK
(रिलीज़ आईडी: 1629497)
आगंतुक पटल : 288