ৰেল মন্ত্ৰালয়

আৰপিএফ কৰ্মীৰ কৰ্তব্যনিষ্ঠা আৰু সাহসে জয় কৰিলে সকলোৰে অন্তৰ

এই প্ৰশংসনীয় কামৰ শলাগ লৈ নগদ ধনৰ উপহাৰ ঘোষণা কৰিলে পীয়ুষ গোৱেলে

Posted On: 04 JUN 2020 3:58PM by PIB Guwahati

ৰে’ল আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আৰপিএফ কনিষ্টবল ইন্দৰ সিং যাদৱৰ প্ৰশংসনীয় কামৰ শলাগ লৈ তেওঁ সন্মানাৰ্থে নগদ ধনৰ উপহাৰ ঘোষণা কৰে৷ যাদৱে কৰ্তব্য নিষ্ঠাৰ এক নিদৰ্শন দাঙি ধৰি এট চাৰি মহীয়া শিশুৰ বাবে গাখীৰ দিবলৈ এখন চলন্ত ৰে’ল পাছে পাছে দৌৰিছিল৷

উল্লেখ্য যে শ্ৰীমতী শ্বৰীফ হাছমীয়ে তেওঁৰ স্বামী হাছীন হাছমী সৈতে চাৰি মহীয়া শিশুক লৈ শ্ৰমিক বিশেষ ৰে’লযোগে বেলগামৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰিছিল৷ তেওঁৰ শিশুটিয়ে গাখীৰৰ বাবে কান্দি আছিল আৰু আগৰ ষ্টেচনসমূহত গাখীৰ বিচাৰি পোৱা নাছিল৷ তেওঁ সেই সম্পৰ্কে ভূপাল ষ্টেচনত কনিষ্টবল যাদৱক সদৰি কৰি তেওঁক সহায় কৰিবলৈ কয়৷

ইন্দৰ সিং যাদৱে তাক্ষণিকভাৱে ভূপালৰ ষ্টেচনৰ বাহিৰৰ এখন দোকানৰ পৰা এপেকেট গাখীৰ কিনিবলৈ বুলি দৌৰি যায়, কিন্তু তাৰ পাছতে ৰে’লখন চলিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পাছতে কনিষ্টবলগৰাকীয়ে মানৱতা আৰু সাহস দেখুৱাই চলন্ত ৰে’লখনৰ পাছে পাছে দৌৰি গৈ ডবাটোত বহি থকা মহিলাগৰাকীক গাখীৰ প্ৰদান কৰে৷

****

DJN/SG/MKV/DB



(Release ID: 1629489) Visitor Counter : 195