ৰেল মন্ত্ৰালয়

শ্ৰমিক ৰে’লৰ বাবে কৰা পৰিকল্পনা আৰু সমন্বয় সাধনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক অধিক মনোনিৱেশ কৰাৰ আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

ৰে’লেৰ যাতায়াত কৰিবলগীয়া প্ৰবাসত আবদ্ধ লোকৰ সাম্ভাব্য সংখ্যা নিৰুপণ নিখুত আৰু সুনিৰ্দিষ্ট কৰাত গুৰত্ব

ৰাজ্যসমূহে শ্ৰমিক বিশেষ ৰে’লেৰ যাত্ৰা কৰিবলগীয়া ব্যক্তিৰ বাবে প্ৰয়োজন হ’ব বুলি ভবা ৰে’লৰ সংখ্যা আৰু এইসমূহ ৰে’লৰ যাত্ৰাৰ আনুমানিক দিনৰ তালিকা প্ৰদান কৰিব লাগিব

প্ৰয়োজনত ভৱিষ্যতেও অতিৰিক্ত শ্ৰমিক বিশেষ ৰে’লগাড়ী আগবঢ়াবলৈ সাজু আছে ভাৰতীয় ৰে’ল

Posted On: 30 MAY 2020 6:47PM by PIB Guwahati

শ্ৰমিক ৰেলৰ বাবে কৰা পৰিকল্পনা আৰু সমন্বয় সাধনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক অধিক মনোনিৱেশ কৰাৰ বাবে অনুৰোধ জনাইছে ৰেল মন্ত্ৰালয়ে। এইসমূহ ৰেলেৰ যাতায়াত কৰিবলগীয়া, প্ৰবাসত আবদ্ধ লোকৰ সাম্ভাব্য সংখ্যা নিৰুপণ কৰোতে যথা সম্ভৱ নিখুতকৈ কৰাৰ লগতে সংশ্লিষ্টসকলৰ যাত্ৰা নিশ্চিত কৰাতো গুৰত্ব দিবলৈ আহ্বান জনাইছে ৰেল বিভাগে।

প্ৰসংগতে প্ৰণিধানযোগ্য যে, সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ উপৰি শক্তি প্ৰকল্পসূহৰ বাবে প্ৰয়োজন হোৱা কয়লা, কৃষকসকলৰ বাবে প্ৰয়োজন হোৱা সাৰ তথা নিৰ্মাণ খণ্ডৰ বাবে প্ৰয়োজন হোৱা চিমেণ্ট আদিৰ উপৰিও, ঔষধ-পাতিৰ লগতে অতিকে গুৰুত্বপূৰ্ণ নথী-পত্ৰসমূহ সময় নিৰ্দ্ধাৰিত ভাবে যোগানৰ প্ৰতিশ্ৰুতিৰে ৰেল বিভাগে কেতবোৰ  পাৰ্চেল বিশেষ ৰেলগাড়ীও চলাই আহিছিল। শেহতীয়া ভাবে বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক গৃহভূমিলৈ ওভতাই অনা-নিয়াৰ বাবে গৃহ মন্ত্ৰালয়ৰে হোৱা আলোচনাৰ আধাৰত শ্ৰমিক বিশেষ ৰেলগাড়ীসমূহো চলোৱাৰ ব্যৱস্থা কৰিছে ৰেলবিভাগে। পিচে, বিগত দিনদিয়েকত বিভিন্ন ৰাজ্যই বিচৰা ৰেলগাড়ীৰ বিপৰীতে সময়ত পৰ্যাপ্ত সংখ্যক আবদ্ধ যাত্ৰীক উপস্থিত কৰাব নোৱাৰাৰ ফলত বহু ৰেলৰ যাত্ৰা বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। স্বাভাৱিকতেই এনে পৰিস্থিতিয়ে ৰেল বিভাগক বিপাঙত পেলোৱাৰ লগতে ইয়াৰ পৰিণতিত অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহ কৰি থকা ৰেলগাড়ীসমূহৰ যাতায়াতো বহু সময়ত বিঘ্নিত হবলগীয়াত পৰিছে। এনে পৰিপ্ৰেক্ষিততে ৰেল মন্ত্ৰালয়ে ৰাজ্যসমূহক শ্ৰমিক বিশেষ ৰেলেৰে যাত্ৰা কৰিবলগীয়া ব্যক্তিৰ বাবে প্ৰয়োজন হব বুলি ভবা ৰেলৰ সংখ্যা আৰু এইসমূহ ৰেলৰ যাত্ৰাৰ আনুমানিক দিনৰ তালিকা প্ৰদান কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে। অৱশ্যে প্ৰয়োজনত ভৱিষ্যতেও অতিৰিক্ত শ্ৰমিক বিশেষ ৰেলগাড়ী আগবঢ়াবলৈ সাজু আছে বুলি প্ৰতিশ্ৰুতি দোহাৰিছে ভাৰতীয় ৰেলে।

উল্লেখ্য যে, যোৱা ১মে আৰু ১৯মে, ২০২০ত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৰ আধাৰত ভাৰতীয় ৰেলে দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক গৃহভূমিলৈ ওভতাই অনা-নিয়াৰ বাবে শ্ৰমিক বিশেষ ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি বিভাগটোৱে এই পৰ্যন্ত ৪০০০তকৈয়ো অধিক সংখ্যক ৰেলেৰে প্ৰায় ৫৪লাখ আবদ্ধ শ্ৰমিকক কেন্দ্ৰীয় গৃহ আৰু স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা বিধি-নিৰ্দেশনা মানি চলি স্বস্থানলৈ অনা-নিয়া কৰাৰ গুৰু দায়িত্ব পালন কৰিছে।

 

*****

DJN/SG/MKV/KB



(Release ID: 1628226) Visitor Counter : 241